ৰাজ্যিক বাতৰি

আছাম প্ৰেছ কৰছপণ্ডেন্টছ ইউনিয়নে পালন কৰিলে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস

Sentinel Digital Desk

আছাম প্ৰেছ কৰছপণ্ডেন্টছ ইউনিয়নে পালন কৰিলে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস । সমগ্ৰ দেশৰ লগতে অসমৰ বিভিন্ন প্ৰান্ততো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়।‌ শনিবাৰে আসাম প্ৰেছ কৰছপণ্ডেন্টছ ইউনিয়ন চমুকৈ আপকুৱে গুৱাহাটী প্ৰেছ ক্লাবত দিন জোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয় । শনিবাৰে পুৱা ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচী পতাকা উত্তোলন কৰে আপকুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মনোজ সিঙে । তাৰ পিছতেই ১৯৯১ চনৰ পৰা বৰ্তমানলৈ প্ৰান হেৰুওৱা ৩২ জন সাংবাদিকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।‌ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কাৰ্যসূচী আৰম্ভণি কৰে আপকুৰ কাৰ্যকৰী সভাপতি মৌচম জ্যোতি বৈশ্য আৰু সাধৰণ সম্পাদক হেমন্ত শইকীয়াই ।‌ এই কাৰ্যসূচীতেই ৩২ জন সাংবাদিকৰ হত্যাৰ গোচৰ পুনৰ অনুসন্ধান কৰি হত্যাকাৰীক শাস্তি প্ৰদান কৰাৰ দাবী জনায় ।

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে আপকুৱে তিনি গৰাকী সাংবাদিক অসমীয়া প্ৰতিদিন কাকতৰ মুখ্য সহযোগী সম্পাদক অচ্যুত কুমাৰ পাটোৱাৰী , দৈনিক জনমভূমি কাকতৰ জ্যেষ্ঠ বাৰ্তা সম্পাদক দিপজ্যোতি গোস্বামী আৰু দ্যা চেন্টিনেলৰ কাকতৰ ফটো সাংবাদিক ৰাজীৱ ভট্টাচাৰ্যক সম্বৰ্ধনা জনায় । কেইবাটা বছৰ ধৰি সংবাদ জগতলৈ যি সেৱা আগবঢ়ালে তাৰ বাবে এই সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

অনুষ্ঠানত কামৰূপ (এম) জিলাৰ অতিৰিক্ত জিলা উপায়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে সাংবাদিকতা আৰু সংবাদপত্ৰই গনতন্ত্ৰৰ ভেটি টনকিয়াল কৰে বুলি কয়।

তদুপৰি অনুষ্ঠানত উপস্থিত থকা কামৰূপ (এম) জিলাৰ তথ্য আৰু জনসংযোগ বিষয়া ৰতন সাউদেও ভাষন প্ৰদান কৰে ।

এই অনুষ্ঠানতে আপকুৰ কামৰূপ জিলা কমিটীয়ে " অবিৰত যাত্ৰা" নামৰ এখন‌ স্মৃতি গ্ৰন্থ উন্মোচন কৰে । অবিৰত যাত্ৰা নামৰ স্মৃতিগ্ৰন্থ খন উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্ত আৰু গুৱাহাটী প্ৰেছ ক্লাবৰ সম্পাদক নৱ ঠাকুৰীয়াই । স্মৃতিগ্ৰন্থ খন উন্মোচন কৰি জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই সাংবাদিকতা আৰু সংবাদ পত্ৰৰ প্ৰত্যাহ্বান আৰু ভাবুকি সম্পৰ্কে বাখ্যা আগবঢ়ায় ।‌ লগতে নৱ ঠাকুৰীয়াই ছ'চিয়েল মিডিয়া প্লেটফৰ্ম সম্পৰ্কে ভাষন আগবঢ়াই ।