ৰাহুল গান্ধীৰ ক্ষমা প্ৰাৰ্থনাৰ দাবীত বিজেপিৰ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী

ৰাহুল গান্ধীৰ ক্ষমা প্ৰাৰ্থনাৰ দাবীত বিজেপিৰ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী

ৰাহুল গান্ধীৰ ক্ষমা প্ৰাৰ্থনাৰ দাবীত বিজেপিৰ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী । উচ্চতম ন্যায়ালয়ে ৰাফেল যুদ্ধ বিমান ক্ৰয় সংক্ৰান্তীয় গোচৰত বি জে পিৰ নেতৃত্বাধীন চৰকাৰ খনক ক্লীনশ্বিত দিয়াৰ পিছতেই কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ৰাজহুৱা ভাৱে ক্ষমাৰ দাবীত প্ৰতিখন জিলাত বিজেপি নেতা কৰ্মীয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে গুৱাহাটী মহানগৰীতো শনিবাৰে বি জে পিৰ নেতা কৰ্মীয়ে ৰাহুল গান্ধীৰ ক্ষমা প্ৰাৰ্থনাৰ‌ দাবীত ৰাজপথত প্ৰতিবাদী সমদল ওলিয়াই । প্ৰতিবাদী দলটোৰ নেতৃত্ব প্ৰদান কৰে গুৱাহাটী জিলা কমিটীৰ সভাপতি বিচিত্ৰ নাৰায়ণ কলিতা আৰু সাংসদ কুইন ওজাই ।

কংগ্ৰেছী নেতা ৰাহুল গান্ধীক দেশবাসীৰ ওচৰত ক্ষমা খোজাৰ দাবী উত্থাপন কৰি বিজেপিৰ ৩৯ খন জিলা কমিটীয়ে ধৰ্ণ। কাৰ্যসূচী ৰূপায়ন কৰে। ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা প্ৰতিখন জিলা কমিটীয়ে দাবী কৰে যে ৰাহুল গান্ধীয়ে ৰাফেল যুদ্ধ বিমান ক্ৰয় সংক্ৰান্তীয় গোচৰত কৰা মন্তব্যৰ বাবে দেশবাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰে। ৰাহুল গান্ধীয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক চকীদাৰ আৰু চকীদাৰ নিজেই চোৰ হয় বুলি কৰা মন্তব্যৰ বাবেও ক্ষমা প্ৰাৰ্থনাৰ দাবী কৰে প্ৰতিবাদী দল সমূহে।

গুৱাহাটী সাংসদ কুইন ওজাই কয় যে , উচ্চতম ন্যায়ালয়ৰ শুনানিয়ে প্ৰমান কৰি দিলে যে ৰাহুল গান্ধী মিছলীয়া আৰু তেওঁলোকে কেতিয়াও ৰাষ্ট্ৰৰ সুৰক্ষাৰ কথা চিন্তা কৰা নাই । তেওঁ কয় যে সন্দেহ আছে যে কেতিয়াবা কংগ্ৰেছে ৰাইজৰ বিশ্বাস লাভ কৰিব পাৰিছে । আমি গৌৰৱ অনুভৱ কৰোঁ যে আমি নৰেন্দ্ৰ মোদীক প্ৰধান মন্ত্ৰী হিচাপে পাইছো ।‌ যিয়ে নিজৰ দেশৰ সুৰক্ষাৰ কথা চিন্তা কৰে । লগতে ভাৰতৰ জনসাধৰণে ৰাহুল গান্ধীয়ে কৰা মন্তব্য কেতিয়াও ক্ষমা নকৰে বুলি কয় সাংসদ কুইন ওজাই ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com