Begin typing your search above and press return to search.

এন এইচ এম  কাৰ্যলয়ত ৰাজ্যত ধপাঁত নিয়ন্ত্ৰন ওপৰত কৰ্মশালাৰ আয়োজন

এন এইচ এম  কাৰ্যলয়ত ৰাজ্যত ধপাঁত নিয়ন্ত্ৰন ওপৰত কৰ্মশালাৰ আয়োজন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Nov 2019 8:30 AM GMT

এন এইচ এম কাৰ্যলয়ত ৰাজ্যত ধপাঁত নিয়ন্ত্ৰন ওপৰত কৰ্মশালাৰ আয়োজন ।অসম চৰকাৰৰ স্বাস্থ্য সঞ্চালকৰ অধীনত থকা ৰাজ্যিক ধপাঁত নিয়ন্ত্ৰণ কক্ষই সাংবাদিক কমৃবৃন্দৰ উদ্যোগত এন এইচ এম (NHM) কাৰ্যলয়ত ধপাঁত নিয়ন্ত্ৰণৰ বাবে এক ৰাজ্য স্তৰীয় কৰ্মশালাৰ আয়োজন কৰে ।

এন টি চি পি (national tobacco control program) ড° অৰুন্ধতী ডেকাই চিগাৰেট আৰু আন ধপাঁতৰ অধিনিয়ম COPTA ২০০৩ এক অৱলোকন দি কয় যে যেতিয়াৰ পৰা ধপাঁতৰ ওপৰত জৰিমনা বিহাৰ ব্যৱস্থা কৰা হৈছে তাৰ পিছতেই ২০১৯ চনলৈ তেওঁলোকে প্ৰায় ১২ লাখ টকাৰ জৰিমনা সংগ্ৰহ কৰিছে । ধপাঁতৰ ওপৰত জৰিমনা ৫ টকাৰ পৰা আৰম্ভ কৰি ২০০ টকালৈ হয় । লগতে কয় যে তেওঁলোকে ধপাঁত বিক্ৰী কৰা সকলৰ বাবে গোচৰ ৰুজু কৰাৰ বিষয়ে চিন্তা কৰিছে । তদুপৰি সমস্যা কম কৰাৰ ক্ষেত্ৰত সন্তোষজনক পৰিমান প্ৰাপ্ত কৰাৰ আশা কৰে বুলি কয় অৰুন্ধতী ডেকাই।

লগতে তেওঁ কয় যে, এই আইন খনৰ দ্বাৰা কেৱল জৰিমনা সংগ্ৰহ কৰায়ে উদ্দেশ্য নহয় , ইয়াৰ উদ্দেশ্য হ'ল জৰিমনা বিহাৰ জৰিয়তে জনসাধাৰণক আইন খন সম্পৰ্কে অৱগত কৰোৱা । এয়া অতি দুখঃজনক কথা যে ভাৰতবৰ্ষত প্ৰতি বছৰে ধপাঁতৰ ফলত প্ৰায় ১৩ লাখ মানুহে মৃত্যু মুখত পৰে । আনহাতে ইয়াৰ ক্ষেত্ৰত ২০১৬ চনৰ ধপাঁত নিৰীক্ষণ অসম ৪৮.২% ত উচ্চ স্থানত আছে ।

ৰাজ্যৰ নোডেল ( Nodal ) অধিকাৰীয়ে কয় যে এই সমস্যাৰ পৰা পৰিত্ৰান পাবলৈ বাবে তেওঁলোকে উদীয়মান প্ৰজন্মৰ ওপৰত লক্ষ্য ৰাখিছে । তেওঁ জনোৱা অনুসৰি ধপাঁত নিয়ন্ত্ৰনৰ বাবে বিদ্যালয়, কলেজ , বিশ্ববিদ্যালয় আদিত সজাগতা সভাৰ আয়োজন কৰিছে । তেওঁলোকে এই সজাগতা অনুষ্ঠান প্ৰায় ৫০০০ খন বিদ্যালয়ত কৰাৰ লগতে ২০০ ৰ পৰা ৪০০ খন বিদ্যালয় ধপাঁত মুক্ত কৰা বুলি কয় অধিকাৰী গৰাকীয়ে। আনহাতে কামৰূপ ( এম) আৰু যোৰহাট জিলাত জাৰি হোৱা পাইলট প্ৰজেক্টৰ পৰিনামত যোৰহাট জিলাত ১৬ খন গাওঁ ধপাঁত মুক্ত কৰা বুলি কয় অধিকাৰী গৰাকীয়ে।

বি বৰুৱা কেন্সাৰ ইন্সটিটিউটৰ অধ্যাপক ডা: অশোক দাসে ধপাঁত নিয়ন্ত্ৰন সজাগতা সভাত অংশ গ্ৰহণ কৰে আৰু ধপাঁতৰ ক্ষতিকাৰক দিশ আৰু পৰিনাম সম্পৰ্কে ভাষন আগবঢ়াই । লগতে কয় যে নিচাযুক্ত দ্ৰব্য সেৱনৰ ক্ষেত্ৰত অসম পঞ্চম স্থানত আছে।

ছপা মাধ্যম আৰু বৈদ্যুতিক মাধ্যমৰ কৰ্মচাৰী সকলৰ উপৰিও আন বহু বেচৰকাৰী সংগঠন , এ এম , এফ এমৰ কৰ্মচাৰী সকলেও অংশ গ্ৰহণ কৰে এই কৰ্মশালাত ।

অন্য খবৰৰ বাবে পঢ়ক: গোলাঘাট জিলাত হস্তী- মানৱৰ সংঘৰ্ষৰ সম্পৰ্কীয় সজাগতামূলকসভা অনুষ্ঠিত।।

ভিডিঅ প্ৰতক্ষ্য কৰক: Watch | Fifth Day of Raas Mahotsav from Kampur, CM Sonowal visits the event as Chief Guest

Next Story
চাকৰি