গোলাঘাট জিলাত হস্তী- মানৱৰ সংঘৰ্ষৰ সম্পৰ্কীয় সজাগতামূলকসভা অনুষ্ঠিত।।

গোলাঘাট জিলাত হস্তী- মানৱৰ সংঘৰ্ষৰ সম্পৰ্কীয় সজাগতামূলকসভা অনুষ্ঠিত।।

গোলাঘাট জিলাত হস্তী- মানৱৰ সংঘৰ্ষৰ সম্পৰ্কীয় সজাগতামূলকসভা অনুষ্ঠিত।গোলাঘাট জিলা প্ৰশাসন আৰু জিলা বন বিভাগৰ সহযোগত আৰন্যকে বন্যপ্ৰাণী সুৰক্ষা আৰু এক সুস্থ পৰিবেশত মানৱ তথা বনৰীয়া হাতীৰ সঠিক সহৱস্হান শীর্ষক এক সজাগতামূলক সভা অনুষ্ঠিত হয়। গোলাঘাট স্থিত মৰনগী খণ্ড উন্নয়ন কাৰ্যালয়ত অনুষ্ঠিত সভাখনত জিলা প্ৰশাসনৰ কৰ্মকৰ্তা,জিলা বনবিভাগৰ কৰ্মকৰ্তা,আৰণ্যকৰ সদস্য -কৰ্মকৰ্তা,আৰক্ষী,গাওঁ সুৰক্ষা দল,গাওঁ বুঢ়া আৰু স্থানীয় চাহ বাগিচা কৰ্তৃপক্ষ উপস্থিত থাকে ।

সভাখনত সভাপতিত্ব কৰে গোলাঘাট জিলাৰ সন্মানীয় বন্যপ্ৰাণী নিৰীক্ষক উত্তম শইকীয়াই আৰু আদৰণি ভাষণ তথা সভাৰ মূলবিষয় সম্পৰ্কত মন্তব্য আগবঢ়ায় আৰণ্যকৰ সমন্ধয়ক নিৰঞ্জন ভূঞাই।নিজ ভাষনত ভূঞাই কয় যে,"বন্যপ্ৰাণী সুৰক্ষা আৰু হস্তী মানৱৰ সংঘৰ্ষ হ্ৰাস কৰাৰ বাবে বিভিন্ন বিভাগৰ প্ৰশাসনৰ লোকৰ মাজত সজাগতা সৃষ্টি আৰু সেই সজাগতা তেওঁলোকৰ দ্বাৰা সাধাৰণ ৰাইজৰ মাজলৈ নিয়াটো আমাৰ লক্ষ্য" ।

আৰণ্যকৰ কাৰ্যবাহী সম্পাদক ডঃ বিভূতি লহকৰে সভাত কয় যে,"জনসংখ্যা বৃদ্ধিৰ ফলতে হস্তী মানৱৰ সংঘৰ্ষ বৃদ্ধি পাইছে। এক ভিজুৱেল প্ৰেজেনণ্ট্ৰেচনৰ দ্বাৰা তেওঁ বুজায় যে মৌমাখি সংৰক্ষণ, সুকীয়া কৃষিখেতি ,নল। আৰু সৌৰ দেৱালৰ সহায়ত প্ৰভাৱিত স্থানৰ কৃষিভূমি আৰু জনবহুল ঠাইৰ পৰা বনৰীয়া হাতীক আঁতৰাই ৰাখিব পৰা যায় ।

অৱসৰ প্ৰাপ্ত নেহুৰ অধ্যাপক ডঃ টি পিটাৰ ,বনবিভাগৰ বিষয়া পুষ্পধৰৰ বৰগোঁহাই, অধ্যাপক আৰু বন্যপ্ৰাণী বিশেষজ্ঞ ৰাজীৱ বসুমতাৰী,প্ৰকৃতি আৰু বন্যপ্ৰাণী সুৰক্ষাকৰ্মী তথা সংবাদকৰ্মী ঋতুৰাজ ফুকন আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে হস্তী মানৱৰ সংঘাত আৰু ইয়াৰ কিছু সম্ভবনাময় সমাধানসূত্ৰৰ বিষয়ে উনুকিয়াই।অনুষ্ঠানত গাও সুৰক্ষা কৰ্মী,গাওঁবুঢ়াগৰাকীয়েও বিভিন্ন সমস্যা আৰু বিষয়ৰ ওপৰত নিজ নিজ মন্তব্য আগবঢ়াই

খাদ্যৰ সন্ধানত জনাঞ্চলৰ মাজলৈ অহা হাতীৰ প্ৰজাতিৰ প্ৰতি বনাঞ্চল ধ্বংসই ভাবুকি কঢ়িয়াই আনিছে বুলি আৰু হাতীৰ সংখ্যা বাঢ়িছে বুলি ৰাইজৰ মাজত এক ভ্রান্ত ধাৰণা হৈছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই সভাৰ সভাপতি উত্তম শইকীয়াই।

ভিডিঅ প্ৰতক্ষ্য কৰক: India’s First PM Jawaharlal Nehru’s 130th Birth Anniversary observed

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com