ৰাজ্যিক বাতৰি

অসমৰ পৰ্যটন বিকাশৰ কাৰণে ইনষ্টাগ্ৰামৰ লগত সহযোগ

Sentinel Digital Desk

অসমৰ পৰ্যটনে এইবাৰ ঠাই পাব ছ’চিয়েল মিডিয়াৰ ইনষ্টাগ্ৰামত । শনিবাৰে ইনষ্টাগ্ৰামৰ সৈতে অসম পৰ্যটনৰ এক বুজাবুজি চুক্তি সম্পন্ন হয় । ইফালে জনপ্ৰিয় গুগলৰ সৈতেও পৰ্যটন সন্দৰ্ভত যোগাযোগ স্থাপন হোৱা বুলি মন্তব্য কৰে অসম পৰ্যটন উন্নয়ণ নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই। অসম পৰ্যটন নিগমৰ অধ্যক্ষ বৰুৱাই কয় যে অসম ভাৰতৰ আটাইতকৈ সুন্দৰ ৰাজ্যৰ ভিতৰত এখন।

লগতে অসমলৈ অহা পৰ্যটকসকলক আকৰ্ষণ কৰিবৰ কাৰণে চৰকাৰে বিভিন্ন পন্থা হাতত লৈছে ৷ বিগত সময়ত দেশ বিদেশত অসমক " অ’চম আসাম" হিছাপে পৰিগণিত কৰোৱাইছে।অ’চম আসামৰ অংশ হিচাপে অসমক শেহতীয়াকৈ প্ৰচাৰৰ সকলো মাধ্যমক ব্যৱহাৰ কৰিছে। অসমৰ পৰ্যটন বিভাগে সম্প্ৰতি অসমত ডিজিটেল আৰু ছ’চিয়েল মিডিয়াৰ মাধ্যমৰ বিকাশৰ দিশত আগবাঢ়িছে ৷

এই ক্ষেত্ৰত বিশেষকৈ দেশৰ যুৱ প্ৰজন্মই সক্ৰিয়তাৰে কাম কৰিব৷ এক সংবাদ বিজ্ঞপ্তি অনুসৰি এই বৈঠকখনত হোটেল ব্যৱসায়ী,ছাত্ৰ ছাত্ৰী,স্থানীয় খাদ্য আৰু হস্তশিল্প ব্যৱসায়ীসকল উপস্থিত আছিল ৷ তেওঁলোকে নিজৰ ব্যৱসায়সমূহ কেনেদৰে বৃদ্ধি কৰিব সেই সন্দৰ্ভৰ বিষয়ে অৱগত হ’বলৈ বৈঠকখনত উপস্থিত থাকে ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Lumding MLA Sibu Mishra donates 3 bigha land to Pranabananda Women's College