প্ৰতিযোগিতা আয়োজন কৰিছে পৰ্যটন বিভাগে: আপুনিও কৰক অংশগ্ৰহণ

প্ৰতিযোগিতা আয়োজন কৰিছে পৰ্যটন বিভাগে: আপুনিও কৰক অংশগ্ৰহণ

পৰ্যটন বিভাগৰ এক বিশেষ পদক্ষেপ ৷ ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ মৃত্যু তিথিৰ লগত সংগতি ৰাখি অসম পৰ্যটন বিভাগৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই এক সংবাদমেল আয়োজন কৰে ৷ সংবাদমেলখনত বৰুৱাই অটল বিহাৰী বাজপেয়ীৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটন বিভাগলৈ যথেষ্ট বৰঙনি থকাৰ কথা উল্লেখ কৰে ৷

লগতে বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই ১৫ খন পৰ্যটন থলী ভিতৰত উত্তৰ পূৰ্বাঞ্চল পৰ্যটন থলীসমূহক গুৰুত্ব দিয়াৰ লগতে সকলোকে এই পৰ্যটন থলী সমূহলৈ আহিবলৈ অনুৰোধ জনোৱাৰ কথা প্ৰকাশ কৰে ৷ ইফালে অসম পৰ্যটনক অধিক গতি প্ৰদানৰ উদ্দেশ্য এই বিভাগটোৱে লৈছে এক বিশেষ পদক্ষেপ ৷ বৰ্তমান চলি থকা Awesome Assam ৰ ভিত্তিত এক নতুন পদক্ষেপ গ্ৰহণ কৰিছে এখন প্ৰতিযোগিতাৰ ৷

অসমৰ পৰ্যটন থলী সমূহক কিদৰে বিশ্বৰ দৰবাৰত জিলিকাব পাৰি তাৰ বাবে এই নতুন পদক্ষেপ ৷অনাগত বিশ্ব পৰ্যটন দিৱসৰ উপলক্ষে প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ কথা জানিবলৈ দিয়ে অসমৰ পৰ্যটন বিভাগে ৷ উল্লেখ্য যে প্ৰতিযোগিতা খনি তিনিটা ভাগত অনুষ্ঠিত কৰা হ’ব ৷ ছুটী ছবি,ফটোগ্ৰাফী আৰু লেখনী প্ৰতিযোগিতা ৷

লগতে এই সকলো কেইটা বিষয় পৰ্যটন বিভাগৰ ভিতৰৰ বিষয়বস্তু হ’ব লাগিব ৷ আৰু প্ৰতিযোগিতাখনত বিজয়ীসকলক পুৰস্কাৰ দিয়া হব বুলি জানিবলৈ দিয়ে ৷ ইয়াৰ কাৰণে ১ৰ পৰা ৩ মিনিটৰ ভিতৰত হ’ব লাগিব ছুটি ছবিসমূহ ৷ ২০ আগষ্টৰ পৰা ২০ ছেপ্তেম্বৰৰ ভিতৰত জমা দিব লাগিব ছুটি ছবি,ফটোগ্ৰাফী আৰু লেখনীসমূহ ৷ আৰু লেখনীসমূহ হ’ব লাগিব ২০০ শব্দৰ ভিতৰত ৷

আনহাতে বিজয়ীসকলক বিশ্ব পৰ্যটন দিৱসত প্ৰদান কৰা হ’ব বটাঁ ৷ আৰু বটাঁৰ লগতে থাকিব ধনৰ টোপোলা ৷ শ্ৰেষ্ঠ চুটি ছবিলৈ আগবঢ়োৱা হ’ব ১ লাখ টকা আৰু দ্বিতীয় বিজয়ীক ৭৫ হাজাৰ আৰু তৃতীয় বিজয়ীক প্ৰদান কৰা হ’ব ৫০ হাজাৰ টকা। আৰু উদগনি পুৰস্কাৰ হিছাপে ১০ হাজাৰ টকা দিয়া হ’ব । আনহাতে লেখনী প্ৰতিযোগিতাৰ শ্ৰেষ্ঠজনে পাব ১০ হাজাৰ টকা আৰু দ্বিতীয় শ্ৰেষ্ঠ বিজয়ীক পাব ৭৫০০ আৰু তৃতীয়জন বিজয়ীয়ে পাব পাঁচ হাজাৰ টকা ।

ইয়াৰোপৰি শ্ৰেষ্ঠ ফটোগ্ৰাফী প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ীক প্ৰদান কৰা হ’ব ২৫ হাজাৰ টকা আৰু দ্বিতীয় বিজয়ীক প্ৰদান কৰা হ’ব ২০ হাজাৰ আৰু তৃতীয়জন বিজয়ীয়ে লাভ কৰিব ১৫ হাজাৰ টকা । উল্লেখ্য যে এই সকলো পৰ্যটকৰ সুবিধা বাবে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰিব বুলি জানিবলৈ দিয়ে বিভাগে৷

ভিডিঅ প্ৰতক্ষ্য কৰক:ATDC Press Conference in Guwahati

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com