ৰাজ্যিক বাতৰি

মহানগৰীত গৰু ভৰ্ত্তি ট্ৰাক জব্দ

Sentinel Digital Desk

মহানগৰীত গৰু ভৰ্ত্তি ট্ৰাক জব্দ । ৰাষ্ট্ৰীয় ঘাইপথৰ নং ৩৭ ত বশিষ্ঠ আৰক্ষীয়ে বুধবাৰে জব্দ কৰে দুখন গৰু ভৰ্ত্তি ট্ৰাক। ট্ৰাক দুখন As 25 DC 8321 আৰু As 01 CC 7176। ট্ৰাক দুখনে অবৈধ ভাবে ২০ টা গৰু কঢ়িয়াই আনিছিল।ট্ৰাকখন জব্দ কৰাৰ লগতে বশিষ্ঠ আৰক্ষীৰ জালত পৰে ধৃত ছিপাঝাৰৰ ধনজিৎ শৰ্মা (২৭) মঙলদৈৰ বুপু আলি (১৯) মঙলদৈৰ বাবুল আলি (১৯) শিলচৰৰ আজমুল হুছেইন (৩৮) বৰপেটাৰ মৈদুল মিয়া (২৬) আৰু বৰপেটাৰ জেহৰুল ইছলাম (২৮) ।

এই ৬ জন‌ লোকক case (1546/19 u/s 120 B / 379 / 411 IPC R/W section) ৰ অধীনত কৰায়ত্ত কৰাৰ লগতে বশিষ্ঠ আৰক্ষী থানাৰ গোচৰ ৰুজু কৰে। বৃহস্পতিবাৰে তেওঁলোকক কোৰ্টত হাজিৰ কৰাৰ লগতে ন্যায়িক জিম্মাত লয়।