গাড়ী চোৰ কাৰ্যত জড়িত ধৃত দুই চোৰ আৰক্ষীৰ জালত

গাড়ী চোৰ কাৰ্যত জড়িত ধৃত দুই চোৰ আৰক্ষীৰ জালত

গাড়ী চোৰ কাৰ্যত জড়িত ধৃত দুই চোৰ আৰক্ষীৰ জালত ৷ৰাজ্যত দিনক দিনে বৃদ্ধি হোৱা চুৰি ডকাইতি কাণ্ডই অতিষ্ঠ কৰিছে জনসাধাৰণক। নিতৌ ন ন ঘটনা ন ন চুৰি কাণ্ডই মানুহৰ নিদ্ৰা হৰিছে ৷এইবাৰ চুৰি কাৰ্য সংঘটিত হয় মঙলদৈ জিলাৰ ভাৰত ভূষন মহন্ত নামৰ ব্যক্তিজনৰ ঘৰত ৷ মঙ্গলবাৰে পুৱতি নিশা প্ৰায় ৪ বজাত মঙলদৈৰ ৰান্ধনী সত্ৰ গাঁৱৰ পৰা চুৰি হয় এখন ডিজায়াৰ বাহন।

অতি শীঘ্ৰেই আৰক্ষীৰ তৎপৰতাত ১২ ঘন্টাৰ ভিতৰত কাৰ্বি আংলং জিলাৰ মাঞ্জা থানাত বাহনখন উদ্ধাৰ কৰাৰ লগতে এই ঘটনাৰ লগত জৰিত দুই গভাইত চোৰক কৰায়ত্ত কৰে।বাহন খনৰ মালিক ভাৰত ভূষন মহন্ত গাঁৱৰ সন্মানীয় ৰাজ্যিক পুৰষ্কাৰ প্ৰাপ্ত কৃতি শিক্ষক তথা দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি। পুৱতি নিশা ভাৰত ভূষনৰ ঘৰৰ পৰা ডিজায়াৰ বাহন খন চুৰি হোৱাৰ পিছতেই ভাৰত ভূষন মহন্তই এজাহাৰ দাখিল কৰিছিল পাথৰিঘাট আৰক্ষী চকীত। এজাহাৰৰ লগতে ভিতৰত ভূষনে ফটোও দিছিল চোৰ দুটাৰ।

লগে লগে সস্তম হৈ উঠে আৰক্ষী। তাৰ ওপৰত ভিত্তি কৰিয়ে আৰক্ষীয়ে কৰায়ত্ত কৰে চোৰ দুটাক।ধৃত চোৰ দুটা মঙলদৈ আৰক্ষী থানা অন্তৰ্গত ডাকী বনিয়া পাৰা গাঁৱৰ সুৰেন বনিয়াৰ পুত্ৰ পবন বনিয়া(২৩) আৰু ভবেন কলিতা বুলি জানিব পৰা গৈছে। ধৃত চোৰ দুটাই মন্তব্য অনুসৰি গাড়ী খন আন দুই নগা যুৱকে চুৰি কৰি ডিমাপুৰ লৈ নিয়াৰ দায়িত্ব দিছিল পবন বনিয়া আৰু ভবেন কলিতাক। সেই দায়িত্বৰ ভিত্তিতেই সিহঁতে চুৰি কৰিছিল ডিজায়াৰ বাহন খন। এই কথাৰ সত্যতা নিৰূপণ এতিয়ালৈকে হোৱা নাই।

দৰং আৰক্ষীৰ উপ অধীক্ষক মামনি হাজৰিকা,আই টি চেলৰ এ এচ আই কৃষ্ণকান্ত লষ্কৰ, পাথৰিঘাট ভাৰপ্ৰাপ্ত বিষয়া প্ৰানজিৎ হাজৰিকা সহ এটা অনুসন্ধান দল গঠন কৰি দিছিল মঙলদৈ আৰক্ষী অধীক্ষকে। ইয়াৰোপৰি চাইবাৰ চেলৰ সহায়ত গাড়ী খনত থকা লাইফটাৰৰ সহায়ত গাড়ীখনৰ অৱস্থান চাই সন্ধিয়া প্ৰায় ৭•১০ মান বজাত কাৰ্বি আংলং জিলাৰ ডকমকা অঞ্চলত কৰায়ত্ত কৰে বাহন খন ৷আৰু লগতে গ্ৰেপ্তাৰ কৰে দুই চোৰক। এই তদন্ত প্ৰক্ৰিয়াত মাঞ্জা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত জিতু ডেকাৰ তৎপৰতাত জব্দ কৰা হয় বাহন খন। তাৰ পিছতেই নিশা মঙলদৈ আৰক্ষীয়ে বাহন খন জব্দ কৰে লগতে ধৃত চোৰ দুটাক কৰায়ত্ত কৰি মঙলদৈ লৈ আনি পাথৰিঘাট আৰক্ষীৰ হাতত গতাই দিয়ে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com