ৰাজ্যিক বাতৰি

কংগ্ৰেছ আৰু সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাক তীব্ৰ সমালোচনা বিজেপিৰ

Sentinel Digital Desk

বিজেপিয়ে কংগ্ৰেছ আৰু সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাক তীব্ৰ সমালোচনা কৰে ।কংগ্ৰেছ আৰু সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ কাৰ্যকলাপক তীব্ৰ সমালোচনা কৰে অসম প্ৰদেশ বিজেপিয়ে ।

সোমবাৰে এক প্ৰেছ বিবৃতিৰ জৰিয়তে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে । কংগ্ৰেছৰ নগাঁওৰ সাংসদ প্ৰদুৎ বৰদলৈক তীব্ৰ সমালোচনা কৰে ।অসমত কয়লা চিণ্ডিকেটৰ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল নগাঁওৰ সাংসদ প্ৰদুৎ বৰদলৈয়ে। প্ৰদুৎ বৰদলৈ এই অভিযোগৰ বাবে তীব্ৰ সমালোচনা কৰে ।

নগাঁওৰ কংগ্ৰেছৰ সাংসদ প্ৰদুৎ বৰদলৈয়ে দেওবাৰে তিনিচুকীয়াত প্ৰকাশ কৰিছিল যে , মাৰ্ঘেৰিতাত বৰ্তমানেও কয়লা চিণ্ডিকেট অব্যাহত আছে আৰু এই কয়লা চিণ্ডিকেট পৰিচালনা হৈ আছে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা "বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছিল ।

প্ৰদুৎ বৰদলৈৰ এই অভিযোগক সমালোচনা কৰি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে কয় যে, যদি প্ৰদুৎ বৰদলৈৰ হাতত কয়লা চিণ্ডিকেটৰ কিবা তথ্য আছে, সেয়া ৰাজহুৱা কৰক অথবা মূখ্যমন্ত্ৰীৰ কাৰ্যালয়ত জমা দিয়ক নহ'লে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰক অথবা আৰক্ষীৰ কাষ চাপক । দুৰ্নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে । কংগ্ৰেছ এনে অভিযোগ অপ্ৰাসংগিক বুলি প্ৰকাশ কৰে । অসমত কংগ্ৰেছৰ ১৫ বছৰীয়া শাসনত অসংখ্য দুৰ্নীতি সংঘটিত হৈছিল । বিজেপি চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে বুলি প্ৰকাশ কৰে ৰূপম গোস্বামীয়ে । আন এক বিবৃতিত আমছুক তীব্ৰ সমালোচনা কৰে বিজেপিয়ে । এখন ৰাজহুৱা সভাত সদৌ অসম সংখ্যা লঘু ছাত্ৰ সন্থাৰ সম্পাদক ৰিজেউল কৰিমে কৈছিল যে , ৪০ লাখ মুছলিমৰ নাম এন আৰ চিৰ চুৰান্ত খচৰাত সন্নিবিষ্ট নহয় । আমছুৰ এনে মন্তব্যকো তীব্ৰ সমালোচনা কৰে।

এনে মন্তব্যয়ে জনসাধাৰণক বিপথে পৰিচালিত কৰিব বুলি প্ৰকাশ কৰে বিজেপিয়ে । " দেশৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়া চলি আছে। বিদেশীক বহিস্কাৰ আৰু থলুৱাক অন্তৰ্ভুক্ত কৰি এখন প্ৰকৃত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী অসম বাসীয়ে লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে ।যদি কোনো প্ৰকৃত ভাৰতীয় লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰে , তেনেহ'লে তেওঁলোকে পুনৰ আবেদন কৰিব পাৰিব।