অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমস্যাৰ সন্দৰ্ভত নিতিন গাডকাৰীলৈ পত্ৰ কংগ্ৰেছৰ

অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমস্যাৰ সন্দৰ্ভত নিতিন গাডকাৰীলৈ পত্ৰ কংগ্ৰেছৰ

অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমস্যাৰ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰীলৈ পত্ৰ কংগ্ৰেছৰ সাংসদ আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাৰ । শুকুৰবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰায়ে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীলৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যি দুৰৱস্থা সেই সম্পৰ্কে পত্ৰ প্ৰেৰণ কৰে। শীঘ্ৰেই এই ৰাষ্ট্ৰীয় ঘাইপথ দুটাৰ মেৰামতিৰ দাবী তোলাৰ লগতে, কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক পথৰ দুৰৱস্থাৰ নিজে ব্যক্তিগত ভাৱে প্ৰতক্ষ্য কৰিবলৈ আহ্বান জনাইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ।

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ বাইহাতা চাৰিআলিৰ পৰা আৰম্ভ হৈ অসমৰ উত্তৰ দিশত সংলগ্ন কৰা একমাত্ৰ পথ । লগতে অৰুণাচল প্ৰদেশৰ গুৰুত্বপূৰ্ণ অংশত এই পথছোৱায়ে সংলগ্ন কৰিছে । " কিন্তু দুৰ্ভাগ্যবশতঃ বহু বছৰ ধৰি পথছোৱাৰ মেৰামতিৰ অভাৱত অতি দুৰৱস্থা সৃষ্টি হৈছে । বিশেষকৈ ২০১৪ চনৰ পৰা পথছোৱাৰ মেৰামতিৰ অভাৱত দিনক দিনে অতি শোচনীয় হৈ পৰিছে । বৰ্তমান, ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাইহাতা চাৰিআলিৰ পৰা গহপুৰলৈকে প্ৰায় ২৪০ কিলোমিটাৰ পথৰ অবস্থা যাতায়াতৰ বাবে অতি শোচনীয় । পথৰ মাজত বৃহৎ বৃহৎ গাটৰ সৃষ্টি হৈছে " বুলি পত্ৰ খনত উল্লেখ কৰা হৈছে ।

আনহাতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো গুৱাহাটীৰ পৰা আৰম্ভ হৈ তিনিচুকীয়ালৈকে গৈছে । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথে ৯ খন জিলাৰ ৪০০ কিলোমিটাৰ অতিৰিক্ত কৰিছে । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথে দক্ষিণলৈ যোৱা এক মাত্ৰ ৰাষ্ট্ৰীয় ঘাইপথ । " ২০১৪ চনৰ পৰা পথছোৱাৰ উপযুক্ত মেৰামতিৰ অভাৱত দিনক দিনে শোচনীয় হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথছোৱা । বৰ্তমান পথছোৱাৰ কিছুমান অংশত অধিক বেয়া হোৱা পৰিলক্ষিত হৈছে " বুলি পত্ৰ খনত প্ৰকাশ কৰিছে । পথৰ দুৰৱস্থাৰ বাবেই দুয়োটা ৰাষ্ট্ৰীয় ঘাইপথতে দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে বুলিও উল্লেখ কৰে।

বোকাজান হৈ নামবৰ অভয়াৰণ্যৰে যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰায় ৪০ কিলোমিটাৰ কাৰ্বি আংলং জিলাৰ নাগালেণ্ড আৰু মনিপুৰলৈ যোৱা পথছোৱাৰ অবস্থা অতি শোচনীয় । নাগালেণ্ড আৰু মনিপুৰলৈ যোৱা এইছোৱায়ে ঘাইপথ । এই পথছোৱাৰ দুৰৱস্থায়ে সাধাৰণ লোকৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে ।

কাৰ্বি আংলং জিলাৰ মাঞ্জা আৰু নাগালেণ্ড আৰু মনিপুৰহৈ ডকমকালৈ যোৱা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা অতি শোচনীয় । মানঞ্জা আৰু পূৰ্না লাহৰিজানৰ অৱস্থাও ব্যতিক্ৰম নহয় ।বাৰিষাৰ সময়ত এই পথছোৱাৰ অবস্থা অধিক শোচনীয় হৈ পৰে| মেৰামতিৰ পিছত অধিক বেয়া হৈছে পথছোৱা । ট্ৰেফিক আৰু নিম্ন মানদণ্ডৰ মেৰামতিৰ কামৰ বাবে অধিক শোচনীয় হৈ পৰিছে । ডাঙৰ ডাঙৰ গাতৰ বাবে পথৰ মাজত পানী জমা হৈ যায়। পথৰ দুৰৱস্থাৰ বাবেই বহুতো পথ দুৰ্ঘটনা সংঘটিত হয়

পথৰ দুৰৱস্থাৰ বাবে জনসাধাৰণে হাৰাশাস্তিৰ সন্মুখীন হব লগা হৈছে । লগতে বাহন সমূহৰো যথেষ্ট ক্ষতি হয়। প্ৰত্যেক দিনাই বহুতো যানবাহান অহা যোৱা কৰে এই পথছোৱায়ে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com