ৰাজ্যিক বাতৰি

নাগৰিকত্ব আইন সংশোধনী বিধেয়কে ভীতি প্ৰদৰ্শন কৰি তুলিছে থলুৱা জনসাধাৰনক

Sentinel Digital Desk

নাগৰিকত্ব আইন সংশোধনী বিধেয়কে ভীতি প্ৰদৰ্শন কৰি তুলিছে থলুৱা জনসাধাৰনক। নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চ ( forum against citizenship amendment bill ) ই বাৰে বাৰে কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব আইন সংশোধনী বিধেয়কক গৃহীত কৰাৰ বিৰোধিতা কৰি আহিছে । নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চই সকলোকে একত্ৰিত হৈ অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিবলৈ আহ্বান জনায় ।

সোমবাৰে অনুষ্ঠিত হোৱা গুৱাহাটী প্ৰেছ ক্লাবৰ এক সংবাদ মেলত নাগৰিকত্ব সংশোধন বিৰোধী মঞ্চৰ অধ্যক্ষ ড° হীৰেন গোহাঁয়ে কয় যে মঞ্চ ই আন সম্প্ৰদায়ৰ লোক সকলক হিংসা নকৰে । লগতে থলুৱা লোকৰ অস্তিত্ব বিপন্ন হ'বলৈ নিদিয়াৰ কথা কয় মঞ্চই।

মঞ্চৰ অধ্যক্ষ হিৰেন গোহায়ে কয় যে অসমীয়া মানুহৰ এক নিজ ঐতিহাসিক অস্তিত্ব আছে । যি কোনো প্ৰকাৰে অসমীয়া লোকৰ অস্তিত্ব বিপদাপন্ন হ'বলৈ দিয়া নহ'ব বুলি কয় মঞ্চৰ অধ্যক্ষ গৰাকীয়ে । ভয় প্ৰকাশ কৰি গোহায়ে কয় যে নাগৰিকত্ব বিধেয়ক গৃহীত হলে অসমৰ মানুহে নিজৰ মাটিতেই সংখ্যালঘু হৈ পৰিব ।

নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চই কয় যে এসময়ত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ লোক সকলে ভাৰতীয় সংবিধানৰ পবিত্ৰতা‌ ৰক্ষাৰ ক্ষেত্ৰত যুঁজ কৰিছে , আৰু ভাৰত চৰকাৰে ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ১৪ বাতিল কৰিছিল । লগতে কয় যে বিজেপি চৰকাৰে নাগৰিকত্ব আইন সংশোধনী বিধেয়ক গৃহীত কৰিব বিচাৰিছে ।

তাৰোপৰি নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চই নুমলীগড় তেল শোধনাগাৰ ( Numali refinery LTD ) ৰ কথাও উল্লেখ কৰে । নুমলীগড় তেল শোধনাগাৰটো কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত খণ্ডৰ হাতত তুলি দিয়া কাৰ্যটো তৎক্ষানিক ভাৱে বন্ধ কৰিবলৈ চৰকাৰৰ ওচৰত দাৱী জনাইছে । নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চই কয় যে নুমলীগড় তেল শোধনাগাৰৰ লগত অসমীয়া মানুহৰ আৱেগ , অনুমতি আৰু ত্যাগ জড়িত হৈ আছে ।

তাৰোপৰি কপিলী জলবিদ্যুৎ প্ৰকল্পৰ ওপৰত চৰকাৰক বিৰোধিতা কৰি নাগৰিকত্ব বিৰোধী মঞ্চই কয় যে কপিলী জলবিদ্যুৎ প্ৰকল্পৰ কথা অতি দুখ জনক । ইয়াৰ বাবে চৰকাৰক জগৰীয়া বুলি কব বিছাৰিছে মঞ্চই । লগতে অসমৰ জনসাধাৰণে কেতিয়াও নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প ( lower subansiri hydroelectric power project ) ৰ ক্ষেত্ৰত সন্মতি প্ৰদান নকৰে ।

ভিডিঅ প্ৰতক্ষ্য কৰক ; Self Reliant Farmers from Titatbor