ৰাজ্যিক বাতৰি

গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বৈঠক মুখ্যমন্ত্ৰীৰ

Sentinel Digital Desk

গুৱাহাটী: অসমৰ মুখ্যমন্ত্রী হিমন্তই যোৱা দুদিন ধৰি নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে কামতাপুৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যন (কে এল অ') আৰু আলফা (স্বা:)ৰ সৈতে শান্তি আলোচনা, ৰাজ্যৰ ছয় জনগোষ্ঠীক এছ টি মৰ্যাদা প্ৰদান, আৰু নাগালেণ্ডত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে আসন ভাগ-বতৰা কৰা আদি সন্দৰ্ভত আলোচনা কৰে। বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে সংগঠনটোৰ একাংশ কেডাৰৰ সৈতে কে এল অ'ৰ অধ্যক্ষ জিবন সিঙৰ মূলসুঁতিলৈ অহাটো ইতিবাচক লক্ষণ। তেওঁ অৱশ্যে কয় যে কে এল অ'ৰ সৈতে কি ধৰণৰ আলোচনা আৰু চুক্তি স্বাক্ষৰিত হ'ব সেয়া কেন্দ্ৰৰ ওপৰত নিৰ্ভৰশীল। তেওঁ কয় যে আলফাৰ সৈতে আলোচনা সন্দৰ্ভত প্ৰচেষ্টা অব্যাহত আছে আৰু এই সন্দৰ্ভত সন্মুখীন হোৱা সমস্যাৰ বিষয়ে ইতিমধ্যে কেন্দ্ৰক অৱগত কৰা হৈছে।শৰ্মাই কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সকলো সমস্যা ক্ষিপ্ৰতাৰে সমাধান হোৱাটো কেন্দ্ৰই বিচাৰে।

শৰ্মাই লগতে কয় যে অসমৰ ছয় জনগোষ্ঠী – কোচ-ৰাজবংশী, মৰাণ, মটক, চুতীয়া, টাই আহোম আৰু চাহ জনজাতিক এছ টি মৰ্যাদা প্ৰদান সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে আলোচনা চলি আছে। মেঘালয় আৰু নাগালেণ্ডৰ বিধানসভা নিৰ্বাচনৰ কথা উল্লেখ কৰি শৰ্মাই কয় যে তেওঁ আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ৰ সৈতে অমিত শ্বাহৰ সৈতে এক বৈঠক হৈছিল য'ত আসন ভাগ-বতৰাৰ ব্যৱস্থাৰ সবিশেষ চূড়ান্ত কৰা হৈছিল।