ৰাজ্যিক বাতৰি

২০০৮ চনৰ ধাৰাবাহিক বিস্ফোৰণত‌ নিহত সকললৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ শ্ৰদ্ধাঞ্জলি

Sentinel Digital Desk

২০০৮ চনৰ ধাৰাবাহিক বিস্ফোৰণত‌ নিহত সকললৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ শ্ৰদ্ধাঞ্জলি ।২০০৮ চনৰ গুৱাহাটীত সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণত‌ নিহত সকললৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সন্ত্ৰাসবাদীৰ নৃশংস নৰসংসাৰ সেই ভয়াবহ দিনটোক সুঁৱৰি গণেশগুৰিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ আয়োজন কৰা হয়। ‌ মহানগৰীৰ বিভিন্ন স্থানত বিভিন্ন দল সংগঠনে ২০০৮ চনৰ ৩০ অক্টোবৰ বিভীষিকাময় দিনটো সুঁৱৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে । মহানগৰীৰ গণেশগুৰিত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিহত সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বোমা বিস্ফোৰণত নিহত সকলৰ স্মৃতিত গুৱাহাটী উকীল সন্থাৰ দ্বাৰা চি জে এম ক'ৰ্ট চৌহদত আৰু কামৰূপ জিলা প্ৰশাসনৰ দ্বাৰা গণেশগুৰিত আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী সোণোৱালে নিহত সকলৰ প্ৰতিচ্ছবিত মাল্যাৰ্পনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।‌

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সোণোৱালে কয় যে " এখন সন্ত্ৰাসবাদ মুক্ত অসম প্ৰতিষ্ঠা কৰাৰ লক্ষৰে বৰাক ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলো জাতি জনগোষ্ঠীকলৈ বৃহত্তৰ সমাজ খনে একগোট হৈ যুঁজ দিব লাগিব । তাৰোপৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে আমি একতা আৰু ভাতৃত্ব বোধৰ সহায়ত এখন শক্তিশালী সমাজ গঢ়ি তুলিব লাগিব। সেইবাবে শান্তিময় পৰিবেশ বজাই ৰাখিবলৈ সকলোকে আহ্বান জনায়।

এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য , সাংসদ কুইন ওজা , মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী , বিধায়ক অতুল বৰা আৰু ৰিতুপৰ্ন বৰুৱা ,আৰক্ষী সঞ্চালক কুলধৰ শইকীয়াৰ লগতে বহু সংখ্যক গন্য মান্য ব্যক্তি ‌আৰু নিহত পৰিয়াল সকলৰ সদস্য তথা আত্মীয় উপস্থিত থাকে।

ভিডিঅ প্ৰতক্ষ্য কৰক : Guwahati Paid Tribute To the Victims of The 2008 Serial Bomb Blasts