বান সতৰ্ক জাৰী‌: ধনশিৰিৰ বাঢ়নী পানীৰ ফলত জলমগ্ন হ'ল ২২ খন গাঁও

বান সতৰ্ক জাৰী‌: ধনশিৰিৰ বাঢ়নী পানীৰ ফলত জলমগ্ন হ'ল ২২ খন গাঁও

বান সতৰ্ক জাৰী‌: ধনশিৰিৰ বাঢ়নী পানীৰ ফলত জলমগ্ন হ'ল ২২ খন গাঁও । ধনশিৰিৰ ওচৰত থকা সকলো লোককে ধনশিৰি মহকুমাৰ প্ৰশাসনে সতৰ্কতা অৱলম্বন‌ কৰিবলৈ কয় । উৎস অনুসৰি জানিব পৰা গৈছে যে কেইবাদিনো ধৰি দি থকা নেৰানেপেৰা বৰষুণৰ ফলত ধনশিৰি নদীৰ পানী বিপদসীমাৰ ওপৰত অতিক্ৰম কৰে । ধনশিৰি মহকুমাৰ ২২ খন গাওঁ বানে প্লাৱিত কৰে ।

১ নং চুকাজান ব্লক , নগাজৰী , ১ নং পদুমনি , ১ নং পাৰঘাট , বিলাপথাৰ , নং ২ কৈৰিগাও , নং ২ পানজান‌ , দুৱৰী , শিমলু চাপৰি , ১ নং টেঙানী , ২ নং টেঙানী , জ্যোতিবন ,ৰানিপথাৰ , ধনশিৰি পাৰ , মিছামাৰি‌, ইকৰানি , ৰজাআলি , মাটিখুলা , শান্তিপুৰ , আৰু পদুম পুখুৰী অঞ্চল ধনশিৰিৰ বাঢ়নি পানীয়ে বুৰাই পেলাই ।বানত ক্ষতিগ্ৰস্ত হোৱা লোক সকলক ধনশিৰি মহকুমাৰ প্ৰশাসনে স্থাপন কৰা বিভিন্ন স্থানত লৈ যোৱা হয় ।

শেহতীয়াকৈ ধনশিৰি মহকুমা প্ৰশাসনে ১৭ টা সাহাৰ্য শিবিৰ স্থাপন কৰিছে বুলি জানিব পৰা গৈছে । তাৰ ভিতৰত ১৯১ জন বানত ক্ষতিগ্ৰস্ত হোৱা লোকক ৰখা হয় নাগাজিৰি এল পি স্কুলত , ১৩৯৩ জন বাধাগ্ৰস্ত লোক জ্যোতিবন এল পি স্কুলত, ২৩ জন টেঙানী এল পি স্কুলত, ৩০৪ জন ১ নং পাৰঘাট এল পি স্কুলত ,২৯৫ জন পদুমনি এল পি স্কুলত , ৬৪৬ জন ১ নং পদুমনি এম ই স্কুলত , ২২৫ জন‌ শিমলু চাপৰি এল পি স্কুলত , ১৪০ জন ন শিঙিমাৰি এল পি স্কুলত , ৫৮৯ নং ২ পদুমনি এল পি স্কুলত , ৩৩০ জন বুদ্ধ মন্দিৰ, ১১০০ জন ফখৰুদ্দিন আলি আহমেদ এল পি স্কুলত, ৬৬ জন ধনশিৰি এম ই স্কুলত ,৪০৪ জন জৱাহৰলাল এচ আৰ বেচিক স্কুলত , ১৮০ জন চামগুৰি চাপৰি , ১১৮ জন নং ১ দুৱৰনী এল পি স্কুলত , ১৪৭ জন বাপুজি এল পি স্কুলত আৰু ২৭৩ জন‌ বাধাগ্ৰস্ত লোক সকলক ৰায়পথাৰ এল পি স্কুলত আশ্ৰয় প্ৰদান কৰায় ধনশিৰি মহকুমা প্ৰশাসনে ।

সূত্ৰ অনুসৰি জানিব পৰা গৈছে যে , বান আশ্ৰয় শিবিৰ সমূহত আছু , আমছু সংগঠনৰ লগতে সৰুপথাৰ আঞ্চলিক শাখাই ও খাদ্য সামগ্ৰীকে ধৰি সাহাৰ্য প্ৰদান কৰে । বান পীড়িত অঞ্চল সমূহত এছ ডি আৰ এফৰ অভিযান অব্যাহত আছে ।

ভিডিঅ প্ৰতক্ষ্য কৰক : River Dhansiri is flowing above the danger mark

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com