Begin typing your search above and press return to search.

চট পূজাৰ সুৰক্ষা আৰু প্ৰস্তুতি বিষয়ত জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক

চট পূজাৰ সুৰক্ষা আৰু প্ৰস্তুতি বিষয়ত জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Oct 2019 9:39 AM GMT

চট পূজাৰ সুৰক্ষা আৰু প্ৰস্তুতি বিষয়ত জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক ।চট পূজা সুকলমে উদযাপন যাতে কৰিব পাৰে তথা সুৰাক্ষত যাতে কোনো ত্ৰুটি নাথাকে তাৰ বাবে কামৰূপ জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।শুকুৰবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ত কামৰূপ (এম) জিলা উন্নয়ন আয়ুক্ত অতুল কুমাৰ শৰ্মাৰ অধ্যক্ষতাত জিলা প্ৰশাসনৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । এই বৈঠক খনত বিশেষকৈ আগন্তুক চট পূজা উদযাপন সন্দৰ্ভত প্ৰশাসনীয় দিশবোৰ সম্পৰ্কত আলোচনা হয় ।

বৈঠকত গুৱাহাটী আৰক্ষীৰ উচ্চ পদস্থ বিষয়া , জিলাৰ বিভিন্ন শাখাৰ প্ৰধান আৰু চট পূজা কমিটীৰ বিষয় ববীয়া সকল এই সভাত উপস্থিত থাকে আৰু মহানগৰীত অতি শান্তিপূৰ্ণ ভাৱে চট পূজা পালন কৰা বিষয়ে আলোচনা কৰে ।

বৈঠকত চট পূজা সম্পন্ন কৰিবলৈ চহৰৰ কিছুমান নিৰ্দিষ্ট নদী ঘাট বাছনি কৰা হয় । বাছনি কৰা স্থান সমূহৰ ভিতৰত ব্ৰহ্মপুত্ৰ উজানবজাৰ ঘাটৰ পৰা ভৰলুমুখ ঘাট , চুনচালি ঘাট , পাণ্ডু ঘাট , মালিগাঁও ৰেলৱে ষ্টেচন ঘাট ,বিৰুবাৰ মিন ভগৱান ঘাট , লালমাটি ঘাট ,হাটিগাও ঘাট, খানাপাৰা ঘাট , ভেটাপাৰা ঘাট , জ্যোতিকুচি ঘাট , নাৰেঙ্গী ঘাট , পাথৰকুৱেৰী ঘাট , আজৰা ঘাট আৰু চন্দ্ৰপুৰ ঘাট ।

উক্ত বৈঠকত জিলা উন্নয়ন আয়ুক্ত অতুল কুমাৰ শৰ্মাই প্ৰতিটো বিভাগকে পৰ্যাপ্ত পৰিমানৰ পোহৰৰ ব্যৱস্থা কৰা লগতে স্বয়ংসেৱক , সুৰক্ষা কৰ্মী , যাতায়ত ব্যৱস্থা , খোৱা পানী বিতৰন , আৰু স্বচ্ছতা আদি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় ।

তদুপৰি বিভিন্ন স্থানত হ'ব লগীয়া চট পূজাত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰাৰ আগতে প্ৰশাসনৰ লগত আলোচনা কৰিবলৈ কয় ।উপস্থিত থকা পূজা উদযাপন সমিতি সমূহক আইন সমূহ পালন কৰা ক্ষেত্ৰত প্ৰশাসনক সহায় সহযোগিতা আগবঢ়াবলৈ জিলা উন্নয়ন আয়ুক্ত গৰাকীয়ে আহ্বান জনায়।

উক্ত বৈঠকত জিলা উন্নয়ন আয়ুক্ত শৰ্মাই ইনলেণ্ড ওৱাটাৰ ট্ৰানস্পোৰ্ট বিভাগক পূজাৰ সময়ত নাও যাত্ৰা বন্ধ আৰু জৰুৰীকালীন নাও সেৱা সাজু ৰখাৰ নিৰ্দেশ দিয়ে । এ পি ডি চি এলক উপযুক্ত পোহৰৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে । আনহাতে এচ ডি আৰ এফক ব্ৰহ্মপুত্ৰৰ ওচৰে পাজৰে থকা ভয়ানক ঠাই চিনাক্ত কৰাৰ দায়িত্ব দিয়া লগতে ব্ৰহ্মপুত্ৰৰ ঘাটত পৰি থকা নষ্ট হোৱা জাহাজ সমূহ আতৰ কৰাৰ নিৰ্দেশ দিয়ে।

উক্ত বৈঠক খনত এ ডি চি বিপুল কুমাৰ দাস , ডি চি পি ট্ৰেফিক প্ৰশান্ত শইকীয়া , ডি চি পি হেমন্ত কুমাৰ দাসৰ লগতে আন বহু কেইজন ব্যক্তি উপস্থিত থাকে ।

অন্য খবৰৰ বাবে পঢ়ক: উন্নয়নৰ ফোপোলা স্বৰূপ : নাৰায়ণপুৰত নদীৰ মাজেৰেই যাতায়ত ৰাইজৰ

ভিডিঅ প্ৰতক্ষ্য কৰক : Railway Employee’s Union staged candle light protest opposing privatization of trains

Next Story
চাকৰি