উন্নয়নৰ ফোপোলা স্বৰূপ : নাৰায়ণপুৰত নদীৰ মাজেৰেই যাতায়ত ৰাইজৰ

উন্নয়নৰ ফোপোলা স্বৰূপ : নাৰায়ণপুৰত নদীৰ মাজেৰেই যাতায়ত ৰাইজৰ

উন্নয়নৰ ফোপোলা স্বৰূপ : নাৰায়ণপুৰত নদীৰ মাজেৰেই যাতায়ত ৰাইজৰ । শাসকীয় দলৰ প্ৰতিশ্ৰুতি পৰিনত হ'ল ভুৱা প্ৰতিশ্ৰুতিত । উন্নয়নৰ নামত যেন ফোপোলা স্বৰূপ পৰিলক্ষিত হয় বহু কেইখন অঞ্চলত ।

এইবাৰ উন্নয়নৰ ফোপোলা স্বৰূপ পৰিলক্ষিত হৈছে নাৰায়ণপুৰত । নাৰায়ণপুৰৰ‌ এটা বিদ্ধস্ত পথ । এই পথটোৱে জলাকলা খুৱাইছে সৰ্বসাধৰন ৰাইজক । নৰনাৰায়ণপুৰ বৃহৎ অঞ্চলটোত পৰিলক্ষিত হয় এই বিদ্ধস্ত পথটোৱে হাৰাসাস্তি কৰিছে সমাজৰ লোকক । দলং বিহীন এটা পথ । দলং অবিহনে নদীৰ পানীৰ মাজেৰেই যাতায়ত অব্যাহত ৰাখিছে জনসাধাৰণে ।

লক্ষীমপুৰ জিলাৰ নৰনাৰায়ণপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত অসম - অৰুণাচল সীমান্তৱৰ্তী ৰঙতি আৰু ৰাজগড় গাও পঞ্চায়তৰ সংযোগী এই পথটো । সেই অঞ্চলৰ লোক সকলৰ যাতায়তৰ বাবে এইটো এটা গুৰুত্বপূৰ্ণ পথ । এই পথটোৰ দৈৰ্ঘ্য প্ৰায় ১৫ কিলোমিটাৰ মান হ'ব । এই পথটিত থকা অৰুণাচল পাহাৰৰ পৰা বৈ অহা দিহৰী নদীৰ ওপৰত নাই এখনো দলং । আনকি স্বাধীনতাৰ পিছৰ পৰাই ইয়াত হোৱা নাই দলং নিৰ্মাণ ।‌বহু বছৰ ধৰি দলং অবিহনেই যাতায়ত ব্যৱস্থা চলাই আহিছে অঞ্চলটোৰ জনসাধাৰণে ।

জানিব পৰা মতে এই অঞ্চলটোৰ কেইবাজনো লোক উটি গৈছে নদীৰ সোতত লগতে সৰু বৰ বহুতো দুৰ্ঘটনাও সংঘটিত এই অঞ্চলটোত । তাৰোপৰি অঞ্চলটোৰ পথটোৰ অৱস্থাও অতি শোচনীয় । বিগত বহু বছৰ ধৰি উক্ত পথটি নিৰ্মাণ নোহোৱাৰ লগতে এজাক বৰষুণ‌ দিলেই হয় একাঠু বোকা ।

সেয়েহে অঞ্চলটোৰ স্থানীয় লোক সকলে সংবাদ মাধ্যমৰ জৰিয়তে অঞ্চলটোৰ স্থানীয় বিধায়ক দেৱানন্দ হাজৰিকা আৰু সাংসদ পল্লৱ লোচন দাসক অতি শীঘ্ৰে পথ নিৰ্মাণ আৰু দলং নিৰ্মাণৰ বাবে দাৱী জনায় ।

কিন্তু এই ক্ষেত্ৰত সাংসদ বা বিধায়ক গৰাকীয়ে ইয়াৰ ক্ষেত্ৰত কি ব্যৱস্থা হাতত ল'ব সেয়া হ'ব লক্ষ্যনীয় ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com