বিশ্বনাথত উদ্ধাৰ কিশোৰীৰ মৃতদেহ ;বলৎকাৰৰ সন্দেহ‌ স্থানীয় লোকৰ

বিশ্বনাথত উদ্ধাৰ কিশোৰীৰ মৃতদেহ ;বলৎকাৰৰ সন্দেহ‌ স্থানীয় লোকৰ

বিশ্বনাথত উদ্ধাৰ কিশোৰীৰ মৃতদেহ ;বলৎকাৰৰ সন্দেহ‌ স্থানীয় লোকৰ। দিনে দিনে বৃদ্ধি পাইছে ৰাজ্যত হত্যা , ধৰ্ষনৰ কাণ্ড । প্ৰতিদিনে পোহৰলৈ আহে ন ন ঘটনা । হত্যা , ধৰ্ষন , শাৰীৰিক নিৰ্যাতন আদিয়ে সকলোৰে মাজত ত্ৰাসৰ সৃষ্টি কৰিছে । আৰক্ষী প্ৰশাসনে এই কাৰ্য সমূহ ৰোধ কৰিবলৈ বিভিন্ন ব্যৱস্থা হাতত লৈছে যদিও এতিয়াও সম্পূৰ্ণ ৰূপে সফল হোৱা নাই প্ৰশাসন ।‌

তাৰোপৰি এইবাৰ চাইবাৰ ক্ৰাইমৰ ক্ষেত্ৰত অসম আছে শীৰ্ষ স্থানত । এই সময়তে পোহৰলৈ আহিছে আন এক হত্যা কাণ্ড। এই হত্যা কাণ্ড সংঘটিত হয় বিশ্বনাথ জিলাত ।

বিশ্বনাথ জিলাত সংঘটিত হয় এক আচৰিত ঘটনা । বিশ্বনাথ জিলাৰ মিজিকাৰ আমৰাতাৰিৰ কলাপানী দলঙৰ তলত উদ্ধাৰ হয় কিশোৰীৰ অৰ্ধনগ্ন‌ মৃতদেহ । স্থানীয় লোকে কিশোৰী গৰাকীক বলৎকাৰ কৰি হত্যাৰ কৰাৰ সন্দেহ কৰিছে । ঘটনা স্থলিত জিনজিয়া আৰক্ষী উপস্থিত হৈ ঘটনা সম্পৰ্কে তদন্ত আৰম্ভ কৰে লগতে কিশোৰীৰ মৃতদেহটো মৰোনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । আৰক্ষী সূত্ৰই জনোৱা অনুসৰি এতিয়ালৈকে চিনাক্ত হোৱা নাই মৃতদেহটো ।

গাঁওখনৰ গাওবুঢ়াই জনোৱা অনুসৰি গাঁওৰ কিছুমান মানুহে ঘটনা সম্পৰ্কে অৱগত কৰাই গাওবুঢ়াক । ঘটনা সম্পৰ্কে গাওবুঢ়াক অৱগত কৰোৱাৰ পিছতেই ঘটনা স্থলিত উপস্থিত হয় গাওবুঢ়া । তাৰপিছতেই গাঁওবুঢ়া জনে ঘটনা সম্পৰ্কে অৱগত কৰাই আৰক্ষীক । তাৰোপৰি গাওঁৰ গাঁওবুঢ়াই জনোৱা অনুসৰি কিশোৰী গৰাকীৰ বয়স ১৪/১৫ বছৰ হ'ব বুলি কয় ।

তাৰোপৰি এতিয়ালৈ কিশোৰী চিনাক্ত হোৱা নাই ।

তাৰোপৰি জানিব পৰা মতে এজন মানুহে পুৱা প্ৰায় ৬ টা মান‌ বজাত প্ৰাত:ভ্ৰমন কৰিবলৈ আহোতে প্ৰত্যক্ষ কৰিছিল কিশোৰী গৰাকীৰ অৰ্ধনগ্ন মৃতদেহ ।

পৰৱৰ্তী সময়ত পোহৰলৈ আহিব সম্পূৰ্ণ তথ্য । কিন্তু প্ৰশ্ন হয় কিমান দিনলৈ চলি থাকিব ৰাজ্যত হত্যা , ধৰ্ষনৰ ঘটনা ? তাৰোপৰি এই ক্ষেত্ৰত চৰকাৰ বা প্ৰশাসনে কি পদক্ষেপ ল'ব এয়া হ'ব লক্ষ্যনীয় ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com