আলফা নেতা জিতেন দত্তৰ নামত ধন দাৱী : জেলত সোমাল যুৱক

আলফা নেতা জিতেন দত্তৰ নামত ধন দাৱী : জেলত সোমাল যুৱক

আলফা নেতা জিতেন দত্তৰ নামত ধন দাৱী : জেলত সোমাল যুৱক । ধন‌ দাৱী কৰা যুৱক জনৰ নাম বিশ্বজিৎ দাস বুলি জানিব পৰা গৈছে । আলফা নেতা জিতেন দত্তৰ নামত ধন দাৱী কৰিছিল যুৱকজনে । জানিব পৰা মতে এই ধন দাৱী কৰা কামত বিশ্বজিৎ দাসক সহায় কৰিছিল শ্ৰফিউৰ ৰহমান আৰু সত্যজিৎ বড়োৰ লগতে আন ৫ জন‌ লোকে ।

ধন দাৱী সম্পৰ্কে ডিগবৈ আৰক্ষী অৱগত হোৱা পিছত আৰক্ষীয়ে অভিযান চলাই আটক কৰে বিশ্বজিৎ দাসক ৷ কিন্তু বিশ্বজিৎ দাসৰ সহযোগী শ্ৰফিউৰ ৰহমান আৰু সত্যজিৎ বড়ো লগতে সহযোগী আন ৫জন লোক এতিয়াও পলাতক অৱস্থাত আছে ৷

তথ্য অনুসৰি জানিব পৰা গৈছে যে এই কেইজন কেইবাজনো ব্যৱসায়ীৰ পৰা ভয় ভাবুকিৰে ধন দাবী কৰিছিল ৷

ব্যৱসায়ীৰ এজাহাৰৰ ভিত্তিত ডিগবৈ আৰক্ষীয়ে এই অভিযান চলাইছিল । যুৱক কেইজনে নিজকে আলোচনাপন্থী আলফা সদস্য বুলি পৰিচয় দিয়াৰ লগতে জিতেন দত্তৰ নিৰ্দেশত ধন সংগ্ৰহ কৰা বুলি ব্যৱসায়ী সকলক জনাইছিল ৷

তাৰোপৰি দলটোৰ সত্যজিৎ বড়ো নামৰ যুৱক জনে আলফা নেতা জিতেন দত্তৰ লগত ফটো লৈ প্ৰায়ে ছচিয়েল মিডিয়াত প্ৰচাৰ কৰি থকা দেখা যায় ৷ এই সন্দৰ্ভত জিতেন দত্ত ও নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে বাকী আন যুৱক কেইজনক অতিশীঘ্ৰেই আটক কৰিবলৈ ডিগবৈ আৰক্ষীক অনুৰোধ জনাই।

এই সন্দৰ্ভত ব্যৱসায়ী এজনে কয় যে আঠ দহ জন‌ মান‌ লৰা আহি তেওঁলোকক হোটেললৈ মাতি নিছিল আৰু তেওঁলোকে অৱৈধ ব্যৱসায় চলাই থকা বুলি কৈছিল । লগতে আলফা নেতা জিতেন দত্তৰ লগত ফটো দেখুওৱাৰ লগতে আঠ হেজাৰকৈ ধন দাৱী কৰে । সেই মৰ্মে ব্যৱসায়ী কেইজনে তেওঁলোকক আঠ হেজাৰকৈ ধন দিছিল ।

এই সন্দৰ্ভত আলফা নেতা জিতেন দত্তই নিজৰ মতামত প্ৰকাশ কৰি কয় যে এই ঘটনাৰ লগত তেওঁ জড়িত নাই । লগতে ব্যৱসায়ী সকলে জিতেন দত্তক ঘটনা সম্পৰ্কে অৱগত কৰোৱাৰ পিছতে আৰক্ষীক ঘটনা সম্পৰ্কে এজাহাৰ দাখিল কৰিবলৈ আহ্বান জনাইছিল । ব্যৱসায়ী সকলৰ এজাহাৰৰ ভিত্তিতেই গ্ৰেপ্তাৰ কৰা হয় বিশ্বজিৎ দাসক । তাৰোপৰি চোচিয়েল মিডিয়াত প্ৰচাৰ কৰা সন্দৰ্ভত তেওঁ কয় যে বহু সময়ত লৰা কেইজনে কিছুমান সামাজিক কামত তেওঁৰ ওচৰলৈ আহে লগতে ফটোও তোলে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com