ৰাজ্যিক বাতৰি

ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ নিয়ম ভংগ মেৰী কমৰঃ বিদেশৰ পৰা আহি ৰাষ্ট্ৰপতি ক’ৱিন্দক সাক্ষাৎ

Sentinel Digital Desk

ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে সন্দেহযুক্ত আক্ৰান্তক আছুতীয়াকৈ ৰখাৰ নীতি-নিয়ম আছে, সেই নীতি-নিয়ম অলিম্পিয়ান বক্সাৰ তথা ৰাজ্যসভাৰ মনোনীত সাংসদ এম চি মেৰী কমে ভংগ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি মণিপুৰৰ এই প্ৰখ্যাত বক্সাৰগৰাকীয়ে অলপতে জৰ্দানৰ আম্মানত অনুষ্ঠিত অলিম্পিক কোৱালিফায়িঙত অংশগ্ৰহণ কৰিবলৈ যায়। তাৰ পৰা তেওঁ যোৱা ১৩ মাৰ্চত দেশলৈ উভতি আহে। গতিকে ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ চৰকাৰী ব্যৱস্থা অনুসৰি তেওঁ আছুতীয়াকৈ থাকিব লাগিছিল। কিন্তু আশ্বৰ্যজনক যে চৰম দায়িত্বহীনতাৰ পৰিচয় দি অলিম্পিয়ান বক্সাৰগৰাকীয়ে যোৱা ১৮ মাৰ্চত ৰাষ্ট্ৰপতি ৰাম নাথ ক’ৱিন্দক সাক্ষাত্ কৰে। উক্ত দিনা ৰাষ্ট্ৰপতিৰ সৈতে তেওঁ পুৱাৰ আহাৰ গ্ৰহণ কৰে। ইতিমধ্যে তেওঁ ৰাষ্ট্ৰপতিক সাক্ষাত কৰাৰ কথা স্বীকাৰ কৰিছে। স্বাভাৱিকতে এই বাতৰিয়ে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে মেৰী কমৰ সদৃশ কাৰ্য কৰে ক’ৰ’না ভাইৰাছত আক্ৰান্ত সংগীত শিল্পী কণিকা কাপুৰে। কণিকাই ১০ দিন পূৰ্বে লণ্ডনৰ পৰা মুম্বাইলৈ আহিছিল৷তাৰ পাছতে তেওঁ উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ তাজ হোটেলত নিশা এক পাৰ্টীত অংশ লয়৷ উক্ত পাৰ্টীত উত্তৰ প্ৰদেশৰ বহু মন্ত্ৰী-বিধায়ক উপস্থিত আছিল৷ কিন্তু পাছত কণিকাৰ শৰীৰত ক’ৰণা ভাইৰাছ ধৰা পৰাত পাৰ্টীত উপস্থিত থকা মন্ত্ৰী-বিধায়কসকলে নিজকে অকলশৰীয়া কৰিছে৷ কণিকাৰ সৈতে এই পাৰ্টীত অংশগ্ৰহণ কৰা ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে সিন্ধিয়া আৰু তেওঁৰ সাংসদ পুত্ৰ দুষ্যন্তই নিজকে বাসভৱনত স্ব-আৱদ্ধ কৰিছে৷ তদুপৰি দুষ্যন্তক সাক্ষাৎ কৰা উত্তৰ প্ৰদেশৰ আঞ্চলিক দল আপনা দলৰ নেত্ৰী অনুপ্ৰিয়া পেটেলে একে পন্থা অৱলম্বন কৰিছে। উল্লেখ্য যে উক্ত পাৰ্টীৰ পিছত সাংসদ দুষ্যন্তই আন বহু সাংসদক সাক্ষাৎ কৰে৷ তদুপৰি তেওঁ ৰাষ্ট্ৰপতি ৰাম নাথ ক’ৱিন্দকো সাক্ষাৎ কৰে৷ সেয়েহে বহু সাংসদে নিজকে আৱদ্ধ কৰিবলৈ বাধ্য হৈছে৷

ভিডিঅ প্ৰতক্ষ্য কৰক: Fear of Coronavirus has decreased Market sales in Guwahati.