Begin typing your search above and press return to search.

ক’ৰ’না ভাইৰাছ আতংকঃ সাধাৰণ লোকৰ বাবে বন্ধ হ’ল জি এম ডি এ

ক’ৰ’না ভাইৰাছ আতংকঃ সাধাৰণ লোকৰ বাবে বন্ধ হ’ল জি এম ডি এ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 March 2020 10:24 AM GMT

ক’ৰ’না ভাইৰাছ মহামাৰীৰ পৰিপ্ৰেক্ষিতত সাধাৰণ লোকৰ প্ৰৱেশ বন্ধ কৰিছে গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ(জি এম ডি এ)ই ৷ এই নিষেধাজ্ঞা অহা চাৰি এপ্ৰিললৈকে বাহাল থাকিব। এই কথা সদৰী কৰি জি এম ডি এৰ জনসংযোগ বিষয়া সনাতন দাসে জনোৱা মতে, আজি জি এম ডি এৰ উপাধ্যক্ষ মুকুতা ডেকা আৰু মুখ্য কাৰ্যবাহী বিষয়া মলয় বৰাৰ উপস্থিতিত জি এম ডি এৰ বিষয়া/কৰ্মচাৰীসকলৰ আলোচনা হয় ৷ মহামাৰী ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে ল’বলগীয়া সাৱধানতাৰ উপৰি চৰকাৰে যি ৫০% কৰ্মচাৰীৰ উপস্থিতি নিৰ্ধাৰণ কৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্যালয় চলাই যাবলৈ কাৰ্যবাহী বিষয়াই নিৰ্দেশ দিয়ে৷ ইয়াৰ উপৰি মাস্ক, ছেনিটাইজাৰ প্ৰত্যেককে ব্যৱহাৰ কৰিবলৈও তেওঁ আহ্বান জনায় ৷ আনহাতে, কোনো দৰ্শনাৰ্থীৰ বিশেষ কাম থাকিলে মুখ্য কাৰ্যবাহী বিষয়াৰ অনুমতি লৈহে আহিব পাৰিব বুলি আলোচনাত সিদ্ধান্ত লোৱা হয়৷ লগতে মুখ্য কাৰ্যবাহী বিষয়াই কাৰ্যালয়ৰ তলত থকা ছেনিটাইজাৰ ব্যৱহাৰ কৰিহে কাৰ্যালয়ত প্ৰবেশ কৰিবলৈ নিৰ্দেশ দিয়ে ৷ তদুপৰি কৰ্মচাৰীসকলৰ বাবে কাৰ্যালয়লৈ ১০ বজাৰ পৰা আবেলি ৩ বজালৈ অহা যোৱাৰ সময় নিৰ্ধাৰণ কৰে ৷ ৩ বজাৰ পিছত কাৰ্যালয় বন্ধ ৰাখিবলৈ নিৰ্দেশনা দিয়ে মুখ্য কাৰ্যবাহী বিষয়াই৷

অন্য খবৰৰ বাবে পঢ়ক: ক’ৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাবঃ গুৱাহাটীৰ ২৫ বিহু সন্মিলনীৰ কাৰ্যসূচী বাতিল

ভিডিঅ প্ৰতক্ষ্য কৰক: Veterinary College in Guwahati creates hand sanitizers to fight the shortage of Sanitizers in Assam

Next Story