Begin typing your search above and press return to search.

ক’ৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাবঃ গুৱাহাটীৰ ২৫ বিহু সন্মিলনীৰ কাৰ্যসূচী বাতিল

ক’ৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাবঃ গুৱাহাটীৰ ২৫ বিহু সন্মিলনীৰ কাৰ্যসূচী বাতিল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 March 2020 10:01 AM GMT

বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনী সমন্বয়ৰক্ষী সমিতিয়ে ৰাজধানী মহানগৰীত আগন্তক ৰঙালী বিহুৰ কাৰ্যসুচী বাতিল কৰিছে ৷ মাৰাত্মক ক’ৰ’না ভাইৰাছ প্ৰাদুৰ্ভাবৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত ২৫খন বিহু সমিতিৰ বিষয়ববীয়াই এক আলোচনাৰ মাধ্যমৰে গ্ৰহণ কৰিছে ৷ এই কথা সদৰী কৰি গুৱাহাটী বিহু সন্মিলনীৰ বিষয়ববীয়া সনাতন দাসে জনোৱা মতে,

অসমৰ সকলো বিহু সমিতিলৈ বিহুৰ সাংস্কৃতিক কাৰ্য্সূচী বাতিল কৰিবলৈ অনুৰোধ জনোৱা হৈছে ৷

অবশ্যে বতৰ তথা পৰিস্থিতি অনুকুল থাকিলে ১৩ এপ্ৰিলত গৰু বিহুৰ দিনা বিহু সমিতিসমূহে কেবল মা্ঙ্গলিক কাৰ্য্সূচী হিচাপে পতাকা উত্তোলন স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ন কৰিব৷বিহু সমিতিসমূহৰ এই সিদ্দান্তক বিভিন্নজনে আদৰণী জনাইছে। উল্লেখ্য যে অসমত বৰ্তমানলৈকে কোনো ক’ৰ’না ভাইৰাছ আক্ৰান্ত ধৰা পৰা নাই। ইপিনে, শুকুৰবাৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলত কয় যে বিমানবন্দৰত ১৬,৫০৮ গৰাকীক স্ক্ৰিনিং কৰিবলৈ সক্ষম হৈছে।৬২,৮৭০ গৰাকী ব্যক্তিক চিকিৎসালয়, ৰেলৱে ষ্টেচন বা অন্যান্য ঠাইত পৰীক্ষা কৰা হৈছে।কাহ-জ্বৰ নেদেখিলে বিমানবন্দৰৰ পৰা মেডিকেল কলেজলৈ নিয়া নহয় বুলি তেওঁ সদৰী কৰি কয়, ‘বাহিৰৰ পৰা অহা কোনো লোক ধৰা নপৰিলেও ঘৰৰ আছুতীয়া ৰুমত ১৪ দিন ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। ১,০০৩ জন ব্যক্তিক গৃহতে আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে।“ তেওঁ লগতে কয় যে ৰাজ্যত পৰীক্ষণ পৰীক্ষাগাৰ চাৰিটালৈ বৃদ্ধি কৰা হৈছে। যোৰহাট, গুৱাহাটী, ডিব্ৰুগড় আৰু নতুনকৈ শিলচৰত পৰীক্ষণ পৰীক্ষাগাৰ স্থাপন কৰা হৈছে । ডিফু, তেজপুৰ বৰপেটাটো স্থাপন কৰাৰ চেষ্টা চলাই থকা হৈছে। গুৱাহাটীত মুঠ ৩৯ জনক পৰীক্ষা কৰা হৈছে। ডিব্ৰুগড়ত ১১ জনক , যোৰহাটত ৩ জনক, শিলচৰত দুজনক পৰীক্ষা কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় য়ে ৫৭ টা নমুনাই নিগেটিভ পোৱা গৈছে। আজিলৈকে ধৰা পৰা নাই কোনো ক'ৰ'না ভাইৰাছ আক্ৰান্ত ব্যক্তি। আনহাতে, ৰেল আৰু বিমানেৰে ক’ৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাব ঘটা অঞ্চল তথা ৰাজ্যৰ পৰা অহা লোকক ৰেল ষ্টেচন আৰু বিমানকোঠত হাতত এক বিশেষ ষ্টাম্প লগোৱাৰ ব্যৱস্থা কৰা হৈছে বুলি মন্ত্ৰীজনে সদৰী কৰে। এই ষ্টাম্প লগোৱা লোকসকলে ১৪দিন ঘৰত অকলশৰীয়াকৈ থাকিব লাগিব।

অন্য খবৰৰ বাবে পঢ়ক: ক’ৰোনা ভাইৰাছ: পুনৰ অনিশ্চয়তাত এন আৰ চিৰ নাকচ জাননী বিতৰণ প্ৰক্ৰিয়া

ভিডিঅ প্ৰতক্ষ্য কৰক: Veterinary College in Guwahati creates hand sanitizers to fight the shortage of Sanitizers in Assam

Next Story
চাকৰি