Begin typing your search above and press return to search.

ক’ৰোনা ভাইৰাছ: পুনৰ অনিশ্চয়তাত এন আৰ চিৰ নাকচ জাননী বিতৰণ প্ৰক্ৰিয়া

ক’ৰোনা ভাইৰাছ: পুনৰ অনিশ্চয়তাত এন আৰ চিৰ নাকচ জাননী বিতৰণ প্ৰক্ৰিয়া

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 March 2020 10:37 AM GMT

পুনৰ অনিশ্চয়তাত সোমাই পৰিছে এন আৰ চিৰ নাকচ জাননী বিতৰণ প্ৰক্ৰিয়া ৷ এইবাৰ ক’ৰ’না ভাইৰাছৰ আতংকৰ বাবে প্ৰক্ৰিয়াটো অনিশ্চিত হৈ পৰিছে ৷ এই সম্পৰ্কত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেব শৰ্মাই “দ্যা ছেণ্টিনেল”ক কয় যে ২৯মাচৰ পৰা এনে জাননী বিতৰণৰ আঁচনি পূৰ্বে লোৱা হৈছিল ৷ কিন্তু ক"ৰ"না ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰক্ৰিয়া স্থগিত ৰখা হৈছে ৷ উল্লেখ্য যে অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ প্ৰথমদিনা সদনত সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সোধা এক প্ৰশ্নৰ উত্তৰ দি জনাইছিল যে এই নাকচ নিৰ্দেশনা জাৰিৰ কাম ২০ মাৰ্চৰ পৰা এন আৰ চি কৰ্তৃপক্ষই আৰম্ভ কৰিব।

ইতিমধ্যে ইয়াৰ প্ৰস্তুতি আৰম্ভ হৈছিল বুলিও সংসদীয় পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে সদৰী কৰে। তেওঁ কয় যে এই নাকচ নিৰ্দেশনা যোৱা বছৰৰ ৩১ আগষ্টত প্ৰকাশিত চূড়ান্ত এন আৰ চিত নাম অন্তৰ্ভুক্ত নোহোৱাসকললৈ জাৰি কৰা হ’ব। এই নাকচ নিৰ্দেশনাৰ জড়িয়তে এন আৰ চিত নাম অন্তৰ্ভুক্ত নোহোৱাৰ কাৰণ সংশ্লিষ্ট ব্যক্তিজনক অৱগত কৰা হ’ব। এই নিৰ্দেশনা পোৱাৰ ১২০ দিনৰ ভিতৰত এনে এজন ব্যক্তি বিদেশী ন্যায়াধিকৰণৰ দ্বাৰস্থ হ’ব লাগিব। সেই অনুসৰি বিদেশী ন্যায়াধিকৰণে এনে এজন ব্যক্তি বিদেশী নে ভাৰতীয় নাগৰিক সেয়া ঠাৱৰ কৰিব। তদুপৰি চূড়ান্ত এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বাবে অযোগ্য বিবেচিত এজন ব্যক্তি এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বাবে যোগ্য নেকি তাৰো বিচাৰ বিদেশী ন্যায়াধিকৰণে কৰিব। উল্লেখ্য যে চূড়ান্ত এন আৰ চিত ১৯ লক্ষাধিক লোকৰ নাম বাদ পৰে। আনহাতে, চূড়ান্ত এন আৰ চিত নাম অন্তৰ্ভুক্ত নোহোৱাসকলে কি কৰিব লাগিব তাক লৈ এক অনিশ্চয়তাৰ সৃষ্টি হৈ আছিল ৷ ক’ৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাবৰ বাবে সম্প্ৰতি প্ৰক্ৰিয়াটোক লৈ পুনৰ অনিশ্চয়তাৰ সৃষ্টি হৈছে ৷বিতৰণৰ সময়ত ৰাইজক অৱগত কৰা হ’ব বুলি এন আৰ চি সমন্বয়ক শৰ্মাই সদৰী কৰে ৷

অন্য খবৰৰ বাবে পঢ়ক: ক’ৰ’না ভাইৰাছঃ ভাৰতত আৰু এজনৰ মৃত্যু

ভিডিঅ প্ৰতক্ষ্য কৰক: CJM Court will only hear urgent matters till March 29 due to prevent Coronavirus Spread

Next Story
চাকৰি