Begin typing your search above and press return to search.

ক’ৰ’না ভাইৰাছঃ ভাৰতত আৰু এজনৰ মৃত্যু

ক’ৰ’না ভাইৰাছঃ ভাৰতত আৰু এজনৰ মৃত্যু

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 March 2020 2:03 PM GMT

বিশ্বজুৰি ত্ৰাসৰ সঞ্চাৰ কৰা ক’ৰ’না ভাইৰাছ সৃষ্ট ৰোগত ভাৰতত আৰু এজন লোকে প্ৰাণ হেৰুৱালে ৷ ইয়াৰ পূৰ্বে এই মহামাৰীত এগৰাকী মহিলাসহ ভাৰতত তিনিজন লোকৰ মৃত্যু হয় ৷ সম্প্ৰতি এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা ভাৰতত চাৰিজনলৈ বৃদ্ধি পাইছে ৷ এই চতুৰ্থজন দুৰ্ভগীয়া হ’ল পঞ্জাৱৰ ৷ চৰকাৰী তথ্য অনুসৰি ৭০বছৰীয়া এই লোকজনৰ পঞ্জাবৰ নৱানচহৰৰ এখন চিকিৎসালয়ত মৃত্যু হয় ৷

তৃতীয়গৰাকী দুৰ্ভগীয়া হ’ল মুম্বাইৰ।এই ৬৪ বছৰীয়া ৰোগীজনৰ মুম্বাইৰ কস্তুৰবা হাস্পতালত মৃত্যু হৈছে। তেওঁৰ পূৰ্বে দিল্লীত এজনৰ আৰু কৰ্ণাটকত এজন লোক এই ৰোগত মৃত্যুমুখত পৰে।এই দুৰ্ভগীয়াদ্বয়ৰ প্ৰথমজন হ’ল কৰ্ণাটকৰ। চৰকাৰী তথ্য অনুসৰি ৭৬ বছৰীয়া এই লোকজনেই হ’ল ক’ৰ’না ভাইৰাছ সৃষ্ট ৰোগত মৃ্ত্যু হোৱা প্ৰথমজন ভাৰতীয় লোক। ১১দিন পূৰ্বে তেওঁ ছৌদি আৰৱ ভ্ৰমণ সামৰি স্ব-গৃহত উপস্থিত হৈছিল। তাৰ পাছতে তেওঁ অসুস্থ হৈ পৰে। দ্বিতীয়গৰাকী দুৰ্ভগীয়া হ’ল দিল্লীৰ এগৰাকী ৬৮ বছৰীয়া মহিলা। মহিলাগৰাকীৰ পুত্ৰই যোৱা মাহত ছুইজাৰলেণ্ড আৰু ইটালী ভ্ৰমণ কৰিছিল। বিদেশ ভ্ৰমণ সামৰি ঘৰত উপস্থিত হোৱা পুত্ৰৰ পৰাই মহিলাগৰাকীৰ দেহলৈ ক’ৰ’না ভাইৰাছ সংক্ৰমিত হয় বুলি চৰকাৰী তথ্যত প্ৰকাশ। আনহাতে, শেহতীয়া তথ্য অনুসৰি অন্ধ্ৰপ্ৰদেশত এজন, দিল্লীত সাতজন, হাৰিয়ানাত ১৪ জন(বিদেশী নাগৰিক), কৰ্ণাটকত ছজন, কেৰালাত ২২জন, মহাৰাষ্ট্ৰত ৩২জন, পঞ্জাৱত এজন, ৰাজস্থানত দুজন, তামিলনাডুত এজন, তেলেংগানাত তিনিজন, জম্মু-কাশ্মীৰত দুজন, লাডাখত তিনিজন, উত্তৰ প্ৰদেশত ১২জন আৰু উত্তৰাখণ্ডত এজন লোক আক্ৰান্ত হৈছে ৷

এনেদৰে মুঠতে ভাৰতত এই জটিল ৰোগত শতাধিক লোক আক্ৰান্ত হৈছে ৷ ইয়াৰে ১৭জন বিদেশী নাগৰিক ৷ তদপৰি এগৰাকী মহিলাসহ দুজন ভাৰতীয় লোকে এই মহামাৰীত প্ৰাণ হেৰুৱাইছে?৷ ইপিনে, পৰিস্থিতি ভয়াবহ হৈ উঠাৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে কূটনৈতিক বিষয়াবৰ্গ, ৰাষ্ট্ৰসংঘ আৰু আন্তঃজাতিক সংস্থাৰ প্ৰতিনিধিক বাদ দি সকলো ভিছা সাময়িকভাবে বাতিল কৰিছে ৷ এই বাতিলৰ ম্যাদ অহা ১৫এপ্ৰিললৈ প্ৰযোজ্য হৈ থাকিব ৷ ইপিনে, পৰিস্থিতি জটিল হৈ উঠাত মহাৰাষ্ট্ৰ চৰকাৰে বিদেশ ভ্ৰমণ কৰা লোকৰ ক্ষেত্ৰত নীতি-নিয়ম কঠোৰ কৰি তুলিছে। সোমবাৰে ৰাজ্য চৰকাৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি ডুবাই, ছৌডি আৰব আৰু আমেৰিকা ভ্ৰমণ কৰি অহা সকলো লোকক অকলশৰীয়া কৰি পৰ্যবেক্ষণৰ ব্যৱস্থা কৰা হ’ব।

অন্য খবৰৰ বাবে পঢ়ক: ক’ৰ’না ভাইৰাছৰ আতংকঃ স্পেনিষ্ট চাইক্লিষ্টক আশ্ৰয় নিদিলে অসমৰ হোটেলে

ভিডিঅ প্ৰতক্ষ্য কৰক: Health Department takes strict measures to fight coronavirus

Next Story
চাকৰি