ক'ৰ'না ভাইৰাছৰ আতংকঃ স্পেনিষ্ট চাইক্লিষ্টক আশ্ৰয় নিদিলে অসমৰ হোটেলে

ক'ৰ'না ভাইৰাছৰ আতংকঃ স্পেনিষ্ট চাইক্লিষ্টক আশ্ৰয় নিদিলে অসমৰ হোটেলে

প্ৰায় সমগ্ৰ বিশ্বক কঁপাই তোলা ক'ৰ'না ভাইৰাছৰ আতংকত ত্ৰস্ত হৈছে সৰ্বস্তৰৰ লোক।এনদৰে আতংকিত হৈ অসমৰ একাংশ হোটেল কৰ্তৃপক্ষই এজন বিদেশী চাইক্লিষ্টক আশ্ৰয় নিদিয়াৰ তথ্য পোহৰলৈ আহিছে।পাবলো আলবাৰ্টো ফার্নান্ডেজ গাৰ্ছিয়া নামৰ স্পেনিষ্ট চাইক্লিষ্টজনে চাইকেলেৰ বিশ্ব ভ্ৰমণ কৰি আছে। যোৱা ১২ মার্চত এই তেওঁ মেঘালয় হৈ শিলচৰত উপস্থিত হয়। কিন্তু শিলচৰত তেওঁক কোনো হোটেলেই আশ্ৰয় নিদিলে।

এই সম্পৰ্কত কাছাৰ জিলাৰ ক'ৰ'না ভাইৰাছৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণকাৰী বিষয়া ডঃ অজিত ভট্টাচার্যই কয় যে স্পেনিষ্ট চাইক্লিষ্টজনে বহুদিন পূৰ্বেই ভাৰতত প্ৰৱেশ কৰে।

‘আমাৰ হাতত পৰা নিৰ্দেশনা অনুসৰি বিদেশৰ পৰা ১৪ দিন পূৰ্বে অহা ব্যক্তিক অকলে ৰখাৰ ব্যৱস্থা কৰা হ’ব। কিন্তু এই বিদেশী নাগৰিকজনৰ স্বাস্থ্য পৰীক্ষাত তেওঁ ক'ৰ'না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাটো প্ৰমাণিত হোৱা নাই' - ডঃ ভট্টাচার্যই এইদৰে কয়। উল্লেখ্য যে ক’ৰ’না ভাইৰাছৰ সম্ভাৱ্য প্ৰাদুৰ্ভাব ৰাজ্যত প্ৰতিহত কৰাৰ উদ্দেশ্য লগতে তেওঁ অযথা আতংকিত নহ’বলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে। আনহাতে, অসম চৰকাৰে সকলো শিক্ষানুষ্ঠান অহা ২৯ মাৰ্চলৈকে বন্ধ ৰাখিবলৈ ইতিমধ্যে নিৰ্দেশ জাৰি কৰিছে।স্বাস্থ্য বিভাগৰ নিৰ্দেশনা অনুসৰি এনে ব্যৱস্থা কৰা হৈছে।তদুপৰি সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ত বায়োমেট্ৰিক পাঞ্চিঙৰ ব্যৱহাৰ স্থগিত ৰাখিবলৈও ৰাজ্য চৰকাৰে নিৰ্দেশনা জাৰি কৰিছে। ইপিনে, দেশত ক'ৰ'না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা সম্প্ৰতি তিনিজনলৈ বৃদ্ধি পাইছে।এনেদৰে ভাৰততো পৰিস্থিতি ক্ৰমাত্ জটিল হৈ উঠিছে।

আনহাতে, সোমবাৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰে যে ভয়াবহ ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰ সম্পূৰ্ণৰূপে প্ৰস্তুত হৈছে।স্বাস্থ্য মন্ত্ৰী শৰ্মাই লগতে কয় যে ক'ৰ'না ভাইৰাছে মহামাৰীৰ ৰূপ ল’লেও অসমত অযথা আতঙ্কিত হোৱাৰ কোনো কাৰণ নাই। ক'ৰ'না ভাইৰাছ প্ৰতিৰোধৰ উদ্দেশ্য যাবতীয় ব্যবস্থা চৰকাৰে গ্ৰহণ কৰিছে বুলি মন্ত্ৰীজনে দাবী কৰে । ডঃ শর্মাই লগতে কয় যে গুৱাহাটী চিকিত্সা মহাবিদ্যালয় হাসপাতাল(জিএমসিএইচ)ত ক'ৰ'না ভাইৰাছ সম্পর্কীয় ২৯ জন লোকৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে। ইয়াৰে ২৮ জনৰ শৰীৰত এই বীজাণুৰ কোনো লক্ষণ ধৰা নপৰিল। ইপিনে, মাৰাত্মক ক'ৰ'না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সন্দেহত এজন লোকক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হৈছে ৷ এই লোকজনে মালয়েছিয়া ভ্ৰমণ কৰিছিল।শেহতীয়াভাবে তেওঁ জ্বৰ আৰু কাহত আক্ৰান্ত হোৱাৰ লগতে অত্যন্ত ভাগৰ অনুভৱ কৰিবলৈ ধৰে ৷ গতিকে তেওঁক এ এম চিত ভৰ্তি কৰা হয় ৷ তাত তেওঁক আছুতীয়া কক্ষত ৰখা হৈছে।

ভিডিঅ প্ৰতক্ষ্য কৰক: State level body building and fitness competition organised at Jagiroad

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com