ৰাজ্যিক বাতৰি

সুৰক্ষিত নহয় ঘাইপথ পাৰ হোৱা যাত্ৰীসকলৰ জীৱন

Sentinel Digital Desk

সুৰক্ষিত নহয় ঘাইপথ পাৰ হোৱা যাত্ৰীসকলৰ জীৱন ৷ গুৱাহাটীৰ ব্যস্ত পথত যাত্ৰী সকলে ঘাইপথ পাৰ হওঁতে জীৱন মৰণৰ কথা জৰিত আছে ৷ কাৰণ গুৱাহাটীত থকা ফুটব্ৰীজসমূহত অতি কম সংখ্যক জনসাধাৰণেহে অহা যোৱা কৰে ৷ ইফালে মহানগৰীত ফুটব্ৰীজসমূহৰ সংখ্যাও যথেষ্ট সীমিত। তেনেস্থলত তীব্ৰ গতিত যান বাহন অহা যোৱা কৰা পথত যাত্ৰী সকলে পথ পাৰ হওঁতে যিকোনো সময়ত বিভিন্ন ঘটনা হ’ব পাৰে ৷গুৱাহাটীৰ সদা ব্যস্ত ফেন্সী বজাৰৰ এমজি ৰোডত থকা বাছ আস্থান টো সদায় বিভিন্ন যাত্ৰীৰে ভৰি থাকে ৷

ব্ৰহ্মপুত্ৰৰ পাৰত থকা বাছ আস্থান টোত ফেন্সীলৈ বজাৰ কৰিবলৈ আহি বিভিন্ন জনে উঠা নমা কৰে ৷ যাৰ কাৰন লোক সকল পথ পাৰ হ’ব লাগে৷ কিন্তু ওখ ডিভাইডাৰ থকা কাৰণে খোজ কাঢ়ি যোৱা লোকসকলে পথ পাৰ হওঁতে যথেষ্ট অসুবিধাৰ সৃষ্টি হয় ৷ ইফালে ডিভাইডাৰ ৰেলিং লগোৱা আছে যাতে লোকসকল ইফালৰ পৰা সিফালে পাৰ হ’ব নোৱাৰে। গুৱাহাটী ট্ৰেফিক পুলিছে চাইন বৰ্ড লগাইছে যাতে খোজ কাঢ়ি যোৱা পথচাৰি সকলে জানিব পাৰে ক’ত পথ পাৰ হ’ব পাৰে ৷

মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ ওচৰত লোকসকলে সুৰক্ষিত ভাৱে পথ পাৰ হ’ব পাৰে ৷কিন্তু প্ৰায় সংখ্যক ট্ৰেফিক পুলিছৰ নিৰ্দেশ বহু লোকে অমান্য কৰে ৷যাৰ কাৰণে ফেন্সী বাজাৰলৈ অহা যোৱা কৰা লোকসকলক এই ডিভাইডাৰসমূহ পাৰ হোৱা দেখিবলৈ পোৱা যায় ৷ সম্প্ৰতি এগৰাকী মহিলাক ডিভাইডাৰ পাৰ হোৱা দেখা গৈছে ৷ আৰু এনেদৰে ডিভাইডাৰ পাৰ হঁওতে নিজৰ জীৱন যে সুৰক্ষিত নহয় সেই কথা অত্যন্ত গুৰুত্বপূৰ্ণ ৷ট্ৰেফিক পুলিচৰ মন্তব্য অনুসৰি জনতাৰ সুৰক্ষাৰ কাৰণে সকলো নিৰ্দেশ দিয়া হৈছে যদিও তেওঁলোকে সেই নীতি নিয়মক পালন নকৰে ৷ তেওঁলোকে নিজৰ জীৱনক মৃত্যুৰ মুখলৈ ঠেলী দিব পাৰে কিন্তু পথটোত অলপ খোজ কাঢ়িব নোৱাৰে ৷