স্বাধীনতা দিৱসৰ কাৰণে মহানগৰীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা

স্বাধীনতা দিৱসৰ কাৰণে মহানগৰীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা

স্বাধীনতা দিৱসৰ আগমণৰ লগে লগে গুৱাহাটী মহানগৰীত সুৰক্ষাৰ বেষ্টনী বৃদ্ধি কৰা হৈছে ৷এই সময়ত ছোৱাত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহয় তাৰ কাৰণে পাহাৰে ভৈয়ামে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তোলা হৈছে ৷ সন্ত্ৰাসৰ সৃষ্টি কৰিব পৰা যিকোনো ঠাইতো সম্প্ৰতি আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে।

লগতে সীমান্তৱৰ্তী কিছুমান স্থানতো সুৰক্ষাৰ ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে৷ গুৱাহাটী আৰক্ষী আয়ুক্ত দীপক কুমাৰে কয় যে জু ৰোডৰ গ্ৰেণেড বিস্ফোৰণৰ সময়ত আমি তথ্য লাভ কৰিছিলো যে কিছুমান সংগঠনে ৰাজ্যত নিজৰ উপস্থিতিৰ প্ৰমাণ কৰিবৰ কাৰণে চেষ্টা কৰি আছে। স্বাধীনতা দিৱসৰ সময়তো বিভিন্ন অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে।

গতিকে আমি বিভিন্ন ঠাইত সুৰক্ষা ব্যৱস্থা শিথিল কৰিছো ৷আৰু বিভিন্ন জিলাৰ এচিপি আৰু এডিচিপিসকলক ২৪ ঘন্টাই সক্ৰিয় হৈ থাকিবলৈ নিৰ্দেশ দিয়ে। আৰক্ষী আয়ুক্ত জনে লগতে কয় যে বিভিন্ন ঠাইত নিৰাপত্তা বেষ্টনী কটকটীয়া কৰিবলৈ বিভাগে বিভিন্ন দল গঠন কৰিছে ৷ তেওঁলোকে মহানগৰীৰ বিভিন্ন ঠাইৰ লগতে সংবেদনশীল ঠাইসমূহতো দৃষ্টি ৰাখিব ৷

ইফালে সকলো এচিপি আৰু এডিচিপিৰ লগত যোগাযোগ কৰি মহানগৰীত সুৰক্ষা ব্যৱস্থাৰ সন্দৰ্ভত তথ্য লোৱাৰ কথাও প্ৰকাশ কৰে আৰক্ষী আয়ুক্তই ৷ লগতে মহানগৰীত সন্ত্ৰাসৱাদী সংগঠনে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে সেয়া সুনিশ্চিত কৰাৰ কথাও উল্লেখ কৰে ৷আনহাতে মেঘালয় সীমান্তত এক বিশেষ সতৰ্কতা অৱলম্বন কৰাৰ কথা কয় ৷

লগতে আৰক্ষীৰ লোকসকলক সাধাৰণ পোচাকত নিজৰ কৰ্তব্য কৰাৰ কথাও কয় ৷ আৰু মহানগৰীৰ জনসাধাৰণক সজাগ হ’বলৈ কয় ৷আৰু কিবা সন্দেহ জনক পৰিস্থিতি হোৱাৰ আগতীয়া সম্ভেদ পালে ততালিকে প্ৰশাসনক খবৰ দিবলৈ আহ্বান কৰে দীপক কুমাৰে।

লগতে জিলা প্ৰশাসনে তিনি দিনীয়া কাৰ্য্যসূচীৰে উদযাপন কৰিব ৭৩ সংখ্যক স্বাধীনতা দিৱস ৷ সেয়েহে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটী মহানগৰত থকা স্বাধীনতা সংগ্ৰামী শ্বহীদ সকলৰ প্ৰতিমূৰ্ত্তিসমূহ চাফা কৰি ৰং দি সজাই তুলিব ৷ স্বাধীনতা দিৱসত ছাত্ৰ ছাত্ৰীসকলৰ পেৰেডত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত এক পদক্ষেপ লয় ৷

সপ্তম আৰু অষ্টম শ্ৰেণীৰ তলৰ ছাত্ৰ ছাত্ৰী সকলৰ অংশগ্ৰহণত বাধা দিয়ে ৷ আৰু এইবাৰ কেৱল দশম শ্ৰেণীৰ পৰা মহাবিদ্যালয়, বিশ্ববিদ্যালয় ছাত্ৰ ছাত্ৰীসকলহে পেৰেডত থাকিব ৷পূৰ্বৰ দৰে চলিত বৰ্ষতো খানাপাৰা পেৰেড গ্ৰাউণ্ডতে বিশেষ পাৰদৰ্শিতা দেখুওৱা আৰক্ষী বিষয়া আৰক্ষী,স্বাধীনতা সংগ্ৰামীসকলক বিশেষভাৱে সম্বৰ্ধনা আৰু সাহসিকতাৰ পৰিচয় দিয়া ব্যক্তিক বীৰ চিলাৰায় বটাঁৰে সন্মানিত কৰিব ৷ এই তিনি দিনীয়া কাৰ্যসূচীত কুইজ , ৰচনা , চিত্ৰাংকন আৰু বক্তৃতা প্ৰতিযোগিতা আয়োজন কৰা হৈছে ৷

ভিডিঅ প্ৰতক্ষ্য কৰক: ULFA(I) cadre surrendered before Sonari Police

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com