সমাগত স্বাধীনতা দিৱসৰ প্ৰস্তুতিক লৈ কামৰূপৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ সংবাদমেল

সমাগত স্বাধীনতা দিৱসৰ প্ৰস্তুতিক লৈ কামৰূপৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ সংবাদমেল

সমাগত ১৫ আগষ্ট অৰ্থাৎ স্বাধীনতা দিৱস ৷ গতিকে প্ৰস্তুতি সম্প্ৰতি তুংগত ৷ দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱসক উদযাপন কৰিবলৈ সাজু কামৰূপ মহানগৰ জিলা প্ৰশাসন ৷কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিত পেগুৱে স্বাধীনতা দিৱসৰ আয়োজন সম্পৰ্কে এক সংবাদ মেল আয়োজন কৰে ৷ জিলা প্ৰশাসনে প্ৰকাশ কৰা কাৰ্যসূচী অনুযায়ী ১৫ আগষ্টত খানাপাৰাত কেন্দ্ৰীয় ভাৱে স্বাধীনতা দিৱস আয়োজন কৰা হ’ব ৷

লগতে জিলা প্ৰশাসনে তিনি দিনীয়া কাৰ্য্যসূচীৰে উদযাপন কৰিব ৭৩ সংখ্যক স্বাধীনতা দিৱস ৷ সেয়েহে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটী মহানগৰত থকা স্বাধীনতা সংগ্ৰামী শ্বহীদ সকলৰ প্ৰতিমূৰ্ত্তিসমূহ চাফা কৰি ৰং দি সজাই তুলিব ৷ স্বাধীনতা দিৱসত ছাত্ৰ ছাত্ৰীসকলৰ পেৰেডত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত এক পদক্ষেপ লয় ৷

সপ্তম আৰু অষ্টম শ্ৰেণীৰ তলৰ ছাত্ৰ ছাত্ৰী সকলৰ অংশগ্ৰহণত বাধা দিয়ে ৷ আৰু এইবাৰ কেৱল দশম শ্ৰেণীৰ পৰা মহাবিদ্যালয়, বিশ্ববিদ্যালয় ছাত্ৰ ছাত্ৰীসকলহে পেৰেডত থাকিব ৷পূৰ্বৰ দৰে চলিত বৰ্ষতো খানাপাৰা পেৰেড গ্ৰাউণ্ডতে বিশেষ পাৰদৰ্শিতা দেখুওৱা আৰক্ষী বিষয়া আৰক্ষী,স্বাধীনতা সংগ্ৰামীসকলক বিশেষভাৱে সম্বৰ্ধনা আৰু সাহসিকতাৰ পৰিচয় দিয়া ব্যক্তিক বীৰ চিলাৰায় বটাঁৰে সন্মানিত কৰিব ৷ এই তিনি দিনীয়া কাৰ্যসূচীত কুইজ , ৰচনা , চিত্ৰাংকন আৰু বক্তৃতা প্ৰতিযোগিতা আয়োজন কৰা হৈছে ৷

১৩ আগষ্টৰ পৰা আৰম্ভ হ’বলগীয়া কাৰ্যসূচী অনুসৰি প্ৰথম দিনা ছাত্ৰ ছাত্ৰীসকলৰ মাজত ৰচনা আৰু বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ৷ ৰচনা আৰু বক্তৃতাৰ বিষয় "দ্য মাহাত্মা" ৷ লগতে বিভিন্ন শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ ৰচনাৰ বিষয়সমূহ পৃথক হ’ব ৷আনহাতে বিদ্যালয় মহাবিদ্যালয়সমূহত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাৰ প্ৰাইজমনি হ’ব ক্ৰমে ১০ হাজাৰ,৭৫০০ আৰু ৫০০০ টকা৷ ১৩ আগষ্টৰ পৰা আৰম্ভ হ’ব লগীয়া প্ৰথম দিনটোৰ আৰম্ভনি স্বচ্ছ ভাৰত অভিযান,বৃক্ষৰোপণ আদিৰ দ্বাৰা হ’ব লগীয়া কাৰ্যসূচীৰ উপৰিও বিয়লি স্বদেশ প্ৰেমমূলক গীত আৰু নাটক প্ৰতিযোগিতাৰ আয়োজন কৰা হ’ব ৷

লগতে যান বাহনসমূহৰ সন্দৰ্ভতো বহু অভিযান আৰম্ভ কৰিছে প্ৰশাসনে ৷ আনহাতে স্বাধীনতা দিৱসৰ দিনা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেদেশ প্ৰেমমূলক ছবি দেখুৱাৰ ব্যৱস্থা কৰিছে৷ আৰু প্ৰশাসনে সকলো জনসাধাৰণৰ সহযোগিতা বিচাৰিছে ৷ ইফালে মহানগৰ পথত মুকলিকৈ সুৰা সেৱন কৰা সকলৰ প্ৰতি কঠোৰ হব আবকাৰী বিভাগৰ লগতে আৰক্ষী প্ৰশাসন ৷

ইফালে বল বম যাত্ৰা কৰা ভক্ত সকলে যাতে প্লাষ্টিকৰ পানী বটল আৰু প্লাষ্টিক জাতীয় সামগ্ৰীৰে পৰিৱেশ বিনষ্ট কৰাক লৈ সেইসকল ভক্ত লগতে আয়োজক কমিটিক সচেতন হোৱাটো প্ৰয়োজন বুলি কয় বিশ্বজিৎ পেগুৱে ৷ আৰু প্ৰশাসনৰ ফালৰ STF বাহিনী গঠন কৰি দিয়ে ৷ আৰু স্বাধীনতা দিৱস সুপৰিকল্পিত আৰু সাফল্যতাৰে উদযাপন কৰিবলৈ প্ৰশাসনে জনসাধাৰণৰ সহযোগ বিচাৰিছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com