ৰাজ্যিক বাতৰি

বানৰ তাণ্ডৱৰ সময়তে মহানগৰীতে বৃদ্ধি পাইছে শাক পাছলি আৰু মাছৰ মূল্য

Sentinel Digital Desk

বানৰ তাণ্ডৱৰ সময়তে মহানগৰীত মাছ আৰু শাক পাছলিৰ মূল্য সম্প্ৰতি আকাশ লংঘী হৈ পৰিছে ৷ যাৰ কাৰণে বানত দৰে তীব্ৰ সংকটৰ সন্মুখত বানাক্ৰান্ত লোকসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ইফালে মহানগৰীত উজান বজাৰস্থিত মাছৰ বজাৰখন সম্প্ৰতি জলমগ্ন হৈ পৰিছে ৷ ৰাজ্যত ধাৰাষাৰে হোৱা বৰষুণৰ কাৰণে সম্প্ৰতি বিভিন্ন অঞ্চলত মাছ ধৰিব পৰা নাই মাছৰ ব্যৱসায়ীসকলে ৷

স্থানীয় লোকসকলৰ পৰাও মাছ সংগ্ৰহ কৰিব পৰা নাই ব্যৱসায়ীসকলে ৷ ইফালে বহিঃৰাজ্যৰ পৰা মাছ সংগ্ৰহ কৰিবলৈও অসুবিধাত পৰিছে ব্যৱসায়ীসকল ৷ যাৰ কাৰণে গুৱাহাটীত মাছৰ মূল্য আকাশ লংঘী হৈ পৰিছে ৷ অন্যহাতে গুৱাহাটীত প্ৰধানকৈ খাৰুপেটীয়া,দলগাঁৱ, মেঘালয় আদিৰ পৰা শাক পাছলি আনে ব্যৱসায়ীসকলে ৷কিন্তু ৰাজ্যৰ সৰ্বত্ৰে হোৱা বানপানীৰ কাৰণে শাক পাছলি অনাত অসুবিধাৰ সন্মুখীন হৈছে ব্যৱসায়ী সকল ৷

বেলতলা বজাৰত দেওবাৰে শাক পাছলিৰ মূল্য বৃদ্ধি হোৱা দেখা গৈছে ৷ লগতে শাক পাছলিৰ সংখ্যাও যথেষ্ট সীমিত ৷লগতে ক্ষুদ্ৰ ব্যৱসায়ীসকলে শাক পাছলিসমূহৰ সাধাৰণ মূল্যতকৈ অধিক মূল্য জনসাধাৰণৰ পৰা লোৱা দেখা গৈছে। ব্যৱসায়ীসকলৰ মত অনুসৰি বাৰিষাৰ কাৰণে শাক পাছলিসমূহ মূল্য বৃদ্ধি হৈছে ৷গতিকে ৰাজ্যৰ বান পৰিস্থিতিয়ে শাক পাছলিৰ লগতে অন্যান্য ক্ষেত্ৰতো প্ৰভাৱ পেলাইছে ৷গতিকে আকাশলংঘী মূল্য বৃদ্ধিয়ে লোকসকলৰ জন জীৱনত কেনেদৰে প্ৰভাৱ পেলাব আৰু বিভাগীয কৰ্তৃপক্ষই এই ক্ষেত্ৰত কি ভূমিকা ল’ব সেয়া হ’ব লক্ষ্যনীয় ৷