Begin typing your search above and press return to search.

মহানগৰীৰ পাৰ্কিং ব্যৱস্থাৰ সন্দৰ্ভত জি এম ডি এৰ প্ৰতিক্ৰিয়া

মহানগৰীৰ পাৰ্কিং ব্যৱস্থাৰ সন্দৰ্ভত জি এম ডি এৰ প্ৰতিক্ৰিয়া

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 July 2019 7:50 AM GMT

মহানগৰীৰ আৰ জি বৰুৱাৰ পথত অৱস্থিত শ্ৰদ্ধাঞ্জলী কাননৰ কাষত থকা ১৪.৩৮ কোটি টকাৰ মাল্টী লেভেল গাড়ী পাৰ্কিঙত অধিক সময়ত গাড়ী দেখিবলৈ পোৱা নাযায় ৷ অৰ্থাৎ প্ৰায়ে গাড়ী পাৰ্কিং স্থানটো খালী হৈ থকা দেখিবলৈ পোৱা যায় ৷ লগতে গাড়ীৰ চালক সকলে অধিক সময়ত কাৰ পাৰ্কিং কৰা ঠাইত গাড়ী ৰখাই থ’বলৈ অসুবিধা হোৱাৰ কথা ব্যক্ত কৰে ৷

ইফালে সকলো ফালৰ পৰা অত্যাধুনিক পাৰ্কিং স্থানত ৩০২ খন চাৰিচকীয়া বাহন আৰু ২৫ খন দুচকীয়া বাহন ৰখাব পাৰে। ইয়াত চাৰিচকীয়া বাহনৰ কাৰণে প্ৰতি ঘন্টাত ১৫ টকা আৰু দুচকীয়া বাহনৰ কাৰণে প্ৰতি ঘন্টাত ৫ টকা ধাৰ্য কৰা হৈছে ৷ অৱশ্য, পাৰ্কিং স্থান পৃথক ঠাইত থকা কাৰণে অধিকাংশ সময়ত খালী হৈ থাকে ৷ অধিকাংশ গাড়ী চালকৰ মন্তব্য যে পাৰ্কিং থকা ঠাইসমূহত কোনো বানিজ্যিক তথা অন্য প্ৰতিষ্ঠান নাই কাৰণে বৃহৎ সংখ্যক মানুহক আকৰ্ষণ কৰিব নোৱাৰে ৷

কিছুসংখ্যক বাহন চালকৰ মন্তব্য অনুসৰি গণেশগুৰিত বজাৰ কৰা লোকসকলৰ কাৰণে আৰ জি বৰুৱা পথৰ পাৰ্কিং স্থলত গাড়ী ৰখোৱাৰ কোনো কাৰণ নাই ৷ অথবা তেওঁলোকৰ কাৰণে অসুবিধাৰ সৃষ্টি হয় ৷ সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰি জি এম ডি এৰ মুখ্য কাৰ্যকৰী বিষয়া মলয় বৰাৰ কয় যে উপযুক্ত প্ৰযুক্তি বিদ্যাৰে নিৰ্মিত পাৰ্কিং স্থান বাহক চালক সকলৰ কাৰণে সুৰক্ষিত ৷কিন্তু বাহন চালক সকলে পথৰ কাষতহে বাহনসমূহ ৰখাই।

মহানগৰীত আৰ জি বৰুৱা পথৰ কাষত থকা পাৰ্কিং সুবিধা সুৰক্ষিত নহয়। কিন্তু অত্যাধুনিক পাৰ্কিং ব্যৱস্থাটো সকলোৰে কাৰণে সুৰক্ষিত ৷ অৱশ্যে বাহন চালকসকলে নিজৰ অভ্যাসৰ কাৰণে পাৰ্কিং সুবিধাক কেতিয়াও ব্যৱহাৰ নকৰে। লগতে বাহন চালকসকলে গাড়ী পাৰ্ক কৰি নিজৰ বাহনখন সুৰক্ষিত অৱস্থাত ৰাখিব পাৰে। যিসকল লোকে নিজৰ বাহনখন পাৰ্ক কৰি দূৰ দূৰণিলৈ যাব পাৰে। তেওঁলোকে সুৰক্ষিত ভাবে নিজৰ বাহনখন ৰখাই থ’ব পাৰে৷ জিএমডিএৰ ভৱিষ্যতৰ আঁচনিৰ সন্দৰ্ভত মন্তব্য কৰি মলয় বৰাই কয় যে আমি মহানগৰীৰ বিভিন্ন স্থানত পাৰ্কিং স্থান নিৰ্মাণ কৰিবলৈ চিন্তা কৰি আছো ৷

ইয়াৰ ভিতৰত পানবজাৰত পাৰ্কিং স্থান নিৰ্মাণ কৰিবলৈ চিন্তা চৰ্চা কৰি থকা হৈছে । অৱশ্যে পাৰ্কিং স্থান নিৰ্মাণ কৰিবলৈ কোনো স্থান পোৱা নাই বুলিও কয় মলয় বৰাই ৷ আৰু কোনো লোকে যদি পাৰ্কিঙৰ কাৰণে ব্যক্তিগত ভূমি প্ৰদান কৰে ৷ তেন্তে পাৰ্কিং স্থান নিৰ্মাণ কথা চিন্তা কৰাৰ কথা প্ৰকাশ কৰে ৷ ইফালে মহানগৰীৰ পান বজাৰৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত ১১ কোটি টকাৰ এটি উচ্চ প্ৰযুক্তিৰে পাৰ্কিং নিৰ্মাণ কৰাৰ কথাও উল্লেখ কৰে ৷

লগতে অনাগত দুই তিনিমাহৰ পিছত এই পাৰ্কিং সুবিধা উদঘাটন কৰাৰ কথা উল্লেখ কৰে ৷ লগতে এই পাৰ্কিং স্থানত প্ৰায় ২৫০ খন বাহন ৰখাব পাৰিব বুলি মন্তব্য কৰে জি এম ডি এৰ বিষয়া মলয় বৰাই ৷

অন্য খবৰৰ বাবে পঢ়ক: কিমান সুৰক্ষিত গুৱাহাটী মহানগৰীৰ পথসমূহ ? উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত বৈঠক

Next Story
চাকৰি