ৰাজ্যিক বাতৰি

বন বিভাগ আৰু আৰক্ষীৰ অভিযানত গড়ৰ চোৰাং ব্যবসায়ৰ লগত জড়িত ব্যক্তিক আটক

Sentinel Digital Desk

বহুতো গড় চোৰাং ব্যবসায়ৰ লগত জড়িত ব্যক্তি আটক কৰা হৈছে । বন বিভাগ আৰু আৰক্ষীৰ যৌথ উদ্যোগত অভিযান চলাই আটক কৰে এই চোৰাংচিকাৰীটোক । হাতী গাঁওৰ গেষ্ট হাউচৰ পৰা আটক কৰে এই চোৰাংচিকাৰীটোক ।

চোৰাংচিকাৰীটোৰ নাম হৈছে তৈখু জিমমি ওৰফে মাষ্টাৰ । তৈখুৱে অস্ত্ৰসত্ৰ সৰবৰাহ আৰু গড় হত্যাৰ লগত জড়িত । আৰক্ষীয়ে প্ৰকাশ কৰা মতে, ২০১৪ চনৰ পৰা ১০ টা গড় খৰ্গ বিক্ৰী কৰিছে চোৰাংচিকাৰীটোৱে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বহুতো গড় হত্যাৰ গোচৰত জিমমিৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাইছিল ।

ভাৰতৰ এক গুৰুত্বপূৰ্ণ বিষয় হৈছে গড়ৰ চোৰাং ব্যবসায়। অসমত ২,৬০০ গড় আছে । ইয়াৰে ২,৪০০ টা গড় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আছে। নাগালেণ্ড আৰু মনিপুৰৰ চোৰাংচিকাৰী সকলে AK 47, AK 56 আদি ৰাইফল ব্যবহাৰ কৰে । ১৯৮০ চনৰ পৰা ১৯৯৭ চনলৈকে ৫৩০ গড়ৰ চোৰাংচিকাৰ কৰা হৈছে । প্ৰত্যেক বছৰে ৩০ টা গড় হত্যা কৰা হৈছে । ১৯৯২ সৰ্বাধিক ৪৮ টা গড় হত্যা কৰা হৈছে । ১৯৯২ চনত গড়ৰ সংখ্যা আছিল ১,১০০। আনহাতে ২০১৩, ২০১৪ , ২০১৫ আৰু ২০১৬ চনত ক্ৰমে ২৭, ২৭, ১৭ আৰু ১৮ টা গড় হত্যা কৰা হৈছিল । ২০১৭ চনৰ নবেম্বৰলৈকে ৬ টা গড় হত্যা কৰা হৈছিল । গড়ৰ খৰ্গ চীন আৰু টাইৱানৰ বজাৰত বিক্ৰী কৰা হয় । ২০১৫ চনত গড়ৰ সংখ্যা হৈছে ২,৪০০।