ৰাজ্যিক বাতৰি

এনকাউণ্টাৰৰ তদন্ত বিচৰা আবেদন খাৰিজ ন্যায়ালয়ৰ

Sentinel Digital Desk

গুৱাহাটীঃ ২০২১ চনৰ মে' মাহৰ পৰা অসমত সংঘটিত হোৱা কথিত ভুৱা এনকাউণ্টাৰৰ তদন্ত বিচৰা ৰাজহুৱা স্বাৰ্থৰ মামলা (পিআইএল) আৰু অন্তৱৰ্তীকালীন আবেদন (আইএ) গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছে । কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰোৰ দ্বাৰা ), বিশেষ তদন্তকাৰী দল দ্বাৰা তদন্ত কৰাৰ বাবে আবেদন কৰা হৈছিল।

ন্যায়াধীশ সুমন শ্যাম আৰু ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ডে গঠিত বিভাগীয় বিচাৰপীঠে আৰিফ এম ডি য়েছিন জুন্ডাৰ নামৰ এজন অধিবক্তাই দাখিল কৰা পিআইএল আৰু আইএ বন্ধ কৰি দিয়ে।আনহাতে ৰাজ্য চৰকাৰে অসমৰ কোনো কোনো ঠাইত আৰক্ষীৰ সৈতে জড়িত এনকাউণ্টাৰ সংঘটিত হোৱা কথাটো অস্বীকাৰ কৰা নাই বুলি পৰ্যবেক্ষণ কৰে। এনে ঘটনাৰ পৃথক পৃথক এফ আই আৰ দাখিল কৰা হৈছে আৰু প্ৰতিটো কাণ্ডৰ বিষয়ে উপযুক্ত পৰ্যায়ত তদন্ত কৰা হৈছে। ইতিমধ্যে একাংশ আৰক্ষী জোৱানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু আইন ভংগৰ দোষী সাব্যস্ত হোৱা কোনো লোকক চৰকাৰে ৰেহাই নিদিব বুলি চৰকাৰে কৈছে।