ৰাজ্যিক বাতৰি

অসমৰ ৰাজ্য চৰকাৰে নিষিদ্ধ কৰিলে গোটখা ,পান মচলা ..নিষিদ্ধ হ'ল এবছৰলৈ

Sentinel Digital Desk

অসমৰ ৰাজ্য চৰকাৰে নিষিদ্ধ কৰিলে গোটখা ,পান মচলা ..নিষিদ্ধ হ'ল এবছৰলৈ।অসমৰ ৰাজ্য চৰকাৰে খাদ্য সুৰক্ষা বিভাগৰ দ্বাৰা জাৰি কৰা এক নিৰ্দেশণা অনুসৰি টোৱেক আৰু নিকটিনযুক্ত সামগ্ৰী বিক্ৰী,পৰিবহণ কৰা,বিজ্ঞাপন ,বিতৰণ বন্ধ কৰা হৈছে ।এবছৰৰ বাবে নিষিদ্ধ কৰা হৈছে এই সামগ্ৰী।নিৰ্দেশ অনুসৰি ২,৩,৪ ধাৰা অনুসৰি খাদ্য সুৰক্ষা বিভাগ২০১১আইন আৰু খাদ্য সুৰক্ষা বিভাগৰ ২০০৬ আইন ২৬অনুচ্ছেদ অনুসৰি টবেক আৰু নিকটিন মিশ্ৰিত সামগ্ৰী মানৱ শৰীৰৰ বাবে হানিকাৰক |

খাদ্য সুৰক্ষা আইন ,২০১১ ,ধাৰা ২,৩,৪ অনুসৰি টৱেক নিকটিন সংমিশ্ৰীত গোটখা,পান মচলা অন্য ধৰণৰ সামগ্ৰীৰ উৎপাদন,পৰিবহণ,বিতৰণ, বিজ্ঞাপন এবছৰলৈ কাৰ্যকৰী হোৱাকৈ নিষিদ্ধ কৰা হৈছে।২০০৬ ৰ খাদ্য সুৰক্ষা আইন ধাৰা (এ) ৩০ নং অনুচ্ছেদ অনুসৰি ,জনস্বাস্থ্য হিতৰ বাবে তৎকালীন বাবে এই নিৰ্দেশণা দিয়া হৈছে।

উল্লেখ্য যে ধঁপাত বিৰোধী আইন COPTA বহু দিন পূৰ্বেই সম্পাদনা কৰা হৈছিল । কিন্তু অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বহু ৰাজ্যত এই আইনখন কাৰ্যকৰী হৈ উঠা নাই । তাৰপিছতেই নাৰী আৰু শিশু বিকাশৰ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি জুবিন ইৰানিয়ে COPTA ৰ অধীনত থকা নীতি নিয়ম সমূহ পালন কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৈ এখন আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰছিল ।

তদুপৰি খাদ্য সুৰক্ষা আইনৰ অনুচ্ছেদ ৪ ত থকা চিগাৰেট আৰু আন ধূমপান সামগ্ৰী ( বিজ্ঞাপন নিষিদ্ধ , বেপাৰ তথা বানিজ্যত নিষিদ্ধ আৰু জমা আৰু বিতৰনত নিষিদ্ধ ) ২০০৩ COPTA আইনৰ অধীনত কোনো লোকে ৰাজহুৱা স্থানত ধূমপান কৰিব নোৱাৰিব ।

কিন্তু লক্ষণীয় বিষয় এয়ে যে কেন্দ্ৰৰ পৰা পত্ৰ লাভ কৰাৰ ফলতো ৰাজ্যত এতিয়াও সম্পূৰ্ণ ৰূপে কাৰ্যকৰী হোৱা নাই COPTA আইন । ধপাঁত মুক্ত হোৱা নাই ৰাজ্যৰ বিভিন্ন অঞ্চল সমূহ ।