Begin typing your search above and press return to search.

কেন্দ্ৰীয় চৰকাৰে কেবক বলপূৰ্বক ভাৱে জাপি দিয়াৰ ষড়যন্ত্ৰ কৰিছে : আটাছু

কেন্দ্ৰীয় চৰকাৰে কেবক বলপূৰ্বক ভাৱে জাপি দিয়াৰ ষড়যন্ত্ৰ কৰিছে : আটাছু

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Nov 2019 9:37 AM GMT

কেন্দ্ৰীয় চৰকাৰে কেবক বলপূৰ্বক ভাৱে জাপি দিয়াৰ ষড়যন্ত্ৰ কৰিছে : আটাছু ।‌ নাগৰিক সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে । বিভিন্ন দল সংগঠনে বিভিন্ন সময়ত ৰাজ্যৰ ভিন্ন প্ৰান্তত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । লখিমপুৰ জিলা শাখাৰ সদৌ টাই আহোম ছাত্ৰ সংগঠনে অহা ২৯ নৱেম্বৰ তাৰিখে বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব । নাগৰিকত্ব সংশোধনী বিধেয়ক খন অতি শীঘ্ৰেই বাতিলৰ দাবীত সংগঠনটোৱে জোৰ সমদল কাৰ্যসূচী ৰূপায়ন কৰিব ।

এই সম্পৰ্কে লখিমপুৰ জিলাৰ আটাছুৰ অধ্যক্ষ প্ৰদীপ গগৈ আৰু যুটীয়া সম্পাদক কিৰণ গগৈ আৰু টংকেশ্বৰ গগৈয়ে কয় যে যেতিয়াৰ পৰা আটাছু গঠন হৈছে তেতিয়াৰ পৰা সংগঠনটোৱে অসমৰ জনসাধাৰণৰ হিতৰ বাবে মাত মাতি আহিছে । বৰ্তমান সময়ত নাগৰিকত্ব সংশোধনী বিধেয়ক অসম আৰু অসমৰ সমূদায়ৰ বাবে অতি ক্ষতিকাৰক। তদুপৰি কেন্দ্ৰীয় চৰকাৰে অসমৰ জনসাধাৰণৰ ওপৰত বলপূৰ্বক ভাৱে বিধেয়ক খন জাপি দিব চেষ্টা কৰা বুলি কয় আটাছুৰ নেতা বৃন্দই । লগতে কয় যে সদৌ‌ টাই আহোম ছাত্ৰ সংগঠনে আগৰে পৰাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি আহিছে আৰু ভৱিষ্যতেও‌ কৰিব।

আন্দোলনৰ এই শৃংখলা‌ বৰ্তাই ৰাখিয়েই সংগঠনটোৱে অহা ২৯ নৱেম্বৰ তাৰিখে জোৰ সমদল কাৰ্যসূচী ৰূপায়ন কৰিব । লগতে সংগঠনটোৱে কয় যে বিতৰ্কিত বিধেয়ক খন কেন্দ্ৰই বাতিল কৰিব লাগে ।

তদুপৰি ডিমৌৰ আঞ্চলিক সমিতিৰ ছাত্ৰ সংগঠন সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসম , নামৰ সংগঠনটোৱেও সোমবাৰে বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি এক জোৰ সমদলৰ আয়োজন কৰে। সংগঠনটোৱে বি জে পিৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ কাৰ্যসূচী উত্তাল কৰি তোলে । লগতে অতি শীঘ্ৰেই বিতৰ্কিত বিধেয়ক খন বাতিলৰ দাবী জনায় । এই জোৰ সমদল কাৰ্যসূচীত সংগঠনটোৰ বিভিন্ন নেতা বৃন্দ উপস্থিত থাকে।

অন্য খবৰৰ বাবে পঢ়ক: কোকৰাঝাৰত পৃথক বড়োলেণ্ড গঠনৰ দাবীত বিশাল সমাবেশ বিভিন্ন দল সংগঠনৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: Agitated locals protest against deplorable roads, gheraoes circle office in Kathigorah

Next Story
চাকৰি