Begin typing your search above and press return to search.

কোকৰাঝাৰত পৃথক বড়োলেণ্ড গঠনৰ দাবীত বিশাল সমাবেশ বিভিন্ন দল সংগঠনৰ

কোকৰাঝাৰত পৃথক বড়োলেণ্ড গঠনৰ দাবীত বিশাল সমাবেশ বিভিন্ন দল সংগঠনৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Nov 2019 9:17 AM GMT

কোকৰাঝাৰত পৃথক বড়োলেণ্ড গঠনৰ দাবীত বিশাল সমাবেশ বিভিন্ন দল সংগঠনৰ।‌ সোমবাৰে কোকৰাঝাৰত এবছু , এন ডি এব বি ( পি) পি জে এই চি বি এমৰ উদ্যোগত এক বিশাল খন সমাবেশৰ আয়োজন কৰা হয়। এই সমাবেশত পৃথক বড়োলেণ্ড গঠনৰ দাবী কৰে । এই সমাবেশত শ‌ শ লোকে অংশ গ্ৰহণ কৰি বিভিন্ন শ্ল'গানেৰে তৎকালীন ভাৱে বড়োলেণ্ডৰ লগত জড়িত সমস্যা সমূহ সমাধানৰ দাবী কৰে।

এই সমাবেশত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌড়া ব্ৰহ্মই কয় যে এয়া অতি দুৰ্ভাগ্যজনক যে ভাৰতত নতুন ৰাজ্য গঠনৰ দাবীৰ কৰা আন্দোলন সমূহে ভাৰত চৰকাৰৰ উদাসীনতাৰ বাবে আন্দোলনৰ শৃংখলা আৰম্ভ হৈছে । তেওঁ কয় যে ভাৰত চৰকাৰে নতুন ৰাজ্য নিৰ্মাণক বাস্তাৱায়িত কৰাৰ ক্ষেত্ৰত পলম কৰিছে।

ব্ৰহ্মই কয় যে নতুন ৰাজ্য গঠনৰ দাবী নতুন নহয় । বহু বছৰৰ পৰাই বড়ো সকলে পৃথক ৰাজ্যৰ দাবী কৰি আহিছে। তদুপৰি বি জে পি‌ ক্ষমতালৈ অহাৰ পিছত প্ৰতিশ্ৰুতি দিছিল যে তেওঁলোকে বড়োলেণ্ডৰ সমস্যা সমূহ সমাধান কৰিব । কিন্তু এতিয়া চৰকাৰে নিজৰ প্ৰতিশ্ৰুতি পাহৰি গৈছে। লগতে এতিয়া চৰকাৰে নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ সময় আহি পৰিছে বুলি কয় ব্ৰহ্মই।

সমাবেশক সম্বোধন কৰি পি জে এ চি বি এমৰ মুখ্য সংযোজক ৰাকেশ বড়োই কয় যে ভাৰত চৰকাৰে যেতিয়ালৈকে পৃথক বড়োলেণ্ড নিৰ্মানৰ দাবী পূৰণ নকৰে তেতিয়ালৈকে তেওঁলোকে আন্দোলন জাৰি ৰাখিব । তেওঁ চৰকাৰক প্ৰশ্ন কৰে যে যদি চৰকাৰে ভাৰত কেন্দ্ৰীয় শাসিত জম্মু আৰু কাশ্মীৰক আৰু লাডাখক তেলেংগানা ৰাজ্য বনাব পাৰে তেন্তে কি কাৰণে চৰকাৰে বড়োলেণ্ড ৰাজ্য বনোৱাৰ ক্ষেত্ৰত বিফল হৈছে ।

উল্লেখযোগ্য যে এই সমাবেশত বিভিন্ন দল সংগঠনৰ নেতৃ বৃন্দ উপস্থিত থাকে।

অন্য খবৰৰ বাবে পঢ়ক: গুৱাহাটী ৰেল ষ্টেচনত বহু অবৈধ সামগ্ৰী জব্দ,নিৰাপত্তাহীনতাত ভুগিছে যাত্ৰী

ভিডিঅ প্ৰতক্ষ্য কৰক: Bhotagoan Yuba Sangha organized football competition in the name of late Lafikul Islam Ahmed

Next Story
চাকৰি