গুৱাহাটী ৰেল ষ্টেচনত বহু অবৈধ সামগ্ৰী জব্দ,নিৰাপত্তাহীনতাত ভুগিছে যাত্ৰী

গুৱাহাটী ৰেল ষ্টেচনত বহু অবৈধ সামগ্ৰী জব্দ,নিৰাপত্তাহীনতাত ভুগিছে যাত্ৰী

গুৱাহাটী ৰেল ষ্টেচনত বহু অবৈধ সামগ্ৰী জব্দ,নিৰাপত্তাহীনতাত ভুগিছে যাত্ৰী।গুৱাহাটী ৰেল ষ্টেচন অপৰাধী সকলৰ বাবে এক সুবিধাজনক ঠাই হৈ পৰিছে।গুৱাহাটী ৰেল ষ্টেচনত ধাৰাবাহিক ভাবে বহু অবৈধ সামগ্ৰী জব্দ হোৱা ঘটনাই যেন তাকে প্ৰমান কৰিছে।

তথ্য অনুসৰি ২০১৬ চনত ৰেলৱে সুৰক্ষা বাহিনীয়ে গুৱাহাটী ৰেল ষ্টেচনত জ্বফ কৰে প্ৰায় ৫৯ কাৰ্টুন অবৈধ চিগাৰেট জব্দ কৰে যি সমূহৰ মূল্য হব ৯.৫৬কোটি টকা,১১২ কিলোঁ গুঞ্জ।,২৩কাৰ্টুন ফিঞ্চয়দিইল জব্দ কৰে যাৰ মূল্য হব প্ৰায় ৭.৭৪ কোটি টকাৰ।

অন্যহাতে আৰ পি এফ এ জব্দ কৰে ১৮১ কিলোঁ গুঞ্জ ৩০কাৰ্টুন আৰু ৮৫৮৫ বটল কফ চিৰাপ জব্দ কৰে যাৰ মূল্য হব প্ৰায় ২.১১কোটি টকাৰ,বিদেশৰ অবৈধ পানীয় ২২৯বটল যাৰ মূল্য হব ২৮৮৪৬টকা জব্দ কৰে আৰ পি এফ এ।

অন্যহাতে ২০১৮ বর্ষত আফিং ৪০৪.৫ কিলোঁ যাৰ মূল্য হব প্ৰায় ২৫লাখ টকাৰো অধিক ,ন বটল ব্ৰাউন চুগাৰ যাৰ মূল্য হব প্রায় ১৮০০০ টকা জব্দ কৰা হয় গুৱাহাটী ৰেল ষ্টেচনত।

আনহাতে বিগত বৰ্ষত আৰ পি এফ এ গুৱাহাটী ৰেল ষ্টেচনত জব্দ কৰে,১১১কিলোঁ আফিং যাৰ মূল্য হব ৯.৪২ লাখ টকাৰ,২২৬বটল অবৈধ বিদেশী পানীয় বটল জব্দ কৰা হয় যাৰ মূল্য হব প্রায় ১৬,৫৮০টকা।তাৰোপৰি ৭কাৰ্টুন ম্যানমাৰৰ পৰা অনা অবৈধ চিগাৰেট মূল্য হব ২১লাখ টকাৰ,৫০০ গ্ৰাম মৰ্ফিন,৩০৫গ্ৰাম অন্য ড্ৰ।গছ জব্দ কৰে যাৰ মূল্য হব ক্ৰমে ৩৫লাখ আৰু ২২লাখটোক। অন্যহাতে সূত্ৰ মতে গুৱাহাটী ৰেল ষ্টেচনত ২৫ তা চি চি টী ভি গুৱাহাটী ৰেল ষ্টেচনত লগোৱা হৈছে।অন্যহাতে গুৱাহাটী ৰেল ষ্টেচনৰ মুখ্য প্ৰৱেশদ্বাৰত লগোৱা একমাত্ৰ স্কেনাৰ টো যোৱা এবছৰ ধৰি বিকল হৈ আছে

আমি মাত্ৰ চাৰিজন আৰ পি অফ জোৱান নিয়োগ কৰোঁ ষ্টেচনত আহি পোৱা প্রায় প্ৰতিখন ট্ৰেইনত তালাচী চলাবৰ বাবে।কেৱল মাত্ৰ চাৰিজন জোৱান ৰে ষ্টেচনত নিৰাপত্তা দিশ টো চোৱাৰ বাবে পৰ্য্যাপ্ত নহয় যাৰ সুবিধা লয় অপৰাধীসকলে।ষ্টেচন বৰ্তমান সময়ত অপৰাধিসকলৰ বাবে এক ৰম্য ভূমি হৈ পৰিছে অবৈধ চিগাৰেট,আফিং,পানীয়,নিষিদ্ধ চিগাৰেট জব্দ কৰাৰ বাবে।নিৰাপত্তাত নিয়োজিত সেনাবাহিনীৰ অসহায় স্বীকাৰোক্তি আমাৰ পয্যাপ্ত জোৱানৰ অভাৱ ।

ভিডিঅ প্ৰতক্ষ্য কৰক: Congress party and Rahul Gandhi must apologize to the country: Assam BJP

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com