ৰাজ্যিক বাতৰি

মই মৰি যাম কিন্তু নাগৰিকত্ব সংশোধনী আইন মানি নলও : জুবিন গাৰ্গ

Sentinel Digital Desk

মই মৰি যাম কিন্তু নাগৰিকত্ব সংশোধনী আইন মানি নলও : জুবিন গাৰ্গ । ইতিমধ্যে বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন লোকসভা আৰু ৰাজ্যসভাত গৃহীত হৈছে । নাগৰিকত্ব সংশোধনী আইনক লৈ ৰাজ্যৰ বিভিন্ন দল সংগঠন, ছাত্ৰ সমাজ, শিল্পী সমাজ আদি ওলাই আহিছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদৰ মাজতেই অসমৰ বিশিষ্ট কন্ঠশিল্পী তথা অসমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে কয় যে তেওঁ মৰি যাব কিন্তু নাগৰিকত্ব সংশোধনী আইন অসমত অনুমতি নিদিয়ে ।

চানমাৰীত অনুষ্ঠিত হোৱা এক বিৰোধ কাৰ্যসূচীত জুবিন গাৰ্গে বি জে পি‌ শাসিত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকৰাৰ বিৰুদ্ধে ক্ষোভ প্ৰদৰ্শন কৰি কয় যে চৰকাৰে খনে অসমৰ মানুহৰ দুখ বেদনা বুজিব লাগে ।

" মই মৰি যাম কিন্তু নাগৰিকত্ব সংশোধনী আইন মানি নলও। চৰকাৰে অসমৰ জনসাধাৰণৰ দুখ দুৰ্দশা বুজিব লাগে কিন্তু তেওঁলোক ল'ৰা ছোৱালী বোৰক মাৰি আছে " - এই ভাষ্য অসমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ ।

জুবিন গাৰ্গে কয় যে অসমৰ শিল্পী সমাজে নাগৰিকত্ব সংশোধনী আইনক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব ।

অসমৰ শিল্পী সমাজে নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কে উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল কৰিবলৈ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । ভাৰতীয় জনতা পাৰ্টী আকৌ আহিব নোৱাৰে বুলি কয় জুবিন গাৰ্গে।

উল্লেখযোগ্য যে সোমবাৰে গুৱাহাটীৰ চানমাৰী খেল পথাৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত হাজাৰ হাজাৰ কলা কুশলীয়ে অংশ গ্ৰহণ কৰিছে ।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিৰোধ প্ৰদৰ্শন কৰিবলৈ এক শান্তি সমাৰোহৰ আয়োজন কৰা হৈছিল ।

উল্লেখযোগ্য যে ,জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বহুতে উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল কৰিছে ।অহা ১৮ ডিচেম্বৰ অৰ্থাৎ বুধবাৰে সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ বোবডেৰ দ্বাৰা গঠিত আদালতে নাগৰিকত্ব সংশোধনী আইনক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা আৱেদন সমূহৰ ওপৰত শুনানি আৰম্ভ কৰিব ।‌

ভিডিঅ প্ৰতক্ষ্য কৰক : Students boycott exams in Bongaigaon opposing Citizenship (Amendment) Bill