Begin typing your search above and press return to search.

 উত্তৰ পূবত বিমানসেৱা সুচল হৈছে : এন এফ আৰ বাতিল কৰিলে ৭১ খন ৰেল

 উত্তৰ পূবত বিমানসেৱা সুচল হৈছে : এন এফ আৰ বাতিল কৰিলে ৭১ খন ৰেল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Dec 2019 1:04 PM GMT

উত্তৰ পূবত বিমানসেৱা সুচল হৈছে : এন এফ আৰ বাতিল কৰিলে ৭১ খন ৰেল । উত্তৰ পূবত সুচল হৈছে বিমানসেৱা । এন এফ আৰ ই বাতিল কৰিলে ৭১খন ৰেল।নাগৰিকত্ব সংশোধনী আইন ৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যত প্ৰতিবাদী আন্দোলন আৰু এই প্ৰতিবাদী আন্দোলনৰ মাজতে পৰিস্থিতি কিছু শান্ত হোৱাৰ মাজতে দেওবাৰৰ পৰা উত্তৰ পূৱৰ মুঠ ১০টা বিমান কোঠত বিমান চলাচল আৰম্ভ কৰা হৈছে। এইদৰে জনাই বিমান কৰ্তৃপক্ষই।

ভাৰতৰ বিমান কৰ্তৃপক্ষই জনোৱা অনুসৰি,দেওবাৰৰ দিনৰভাগৰ লগতে শনিবাৰৰ নিশাৰ পৰাই অঞ্চলটোৰ বিমানকোঠ সমূহত বিমান চলাচল আৰম্ভ কৰা হৈছে।যদিও কোনো বিমান নাথাকে তথাপি আমি বিমানযাত্ৰী সকলক গেষ্ট হ।উচ,পানী আৰু খাদ্য যোগান ধৰা হৈছে। কৰ্তৃপক্ষৰ ফালৰ পৰা লগতে জনোৱা হয় যে,শনিবাৰলৈকে ডিব্ৰুগড় বিমানকোঠত ব্যৱস্থাপনা কৰিব পৰা নাছিল স্থানীয় ব্যত্তিগত আৰু ৰাজহুৱা পৰিবহণ চলাচল নোহোৱাৰ কাৰণত।কিন্তু দেওবাৰে পূৰ্ব নিধাৰিত ন খন বিমানৰ উৰণ সম্ভৱ হয়।কৰ্তৃপক্ষৰ ফালৰ পৰা লগতে জনোৱা হয় যে গুৱাহাটী,শ্বিলঙ,ইম্ফল,ডিমাপুৰ,আগৰতলা,লেংপুই ( মিজোৰাম) আদি প্ৰতিটো বিমানকোঠত বিমান চলাচলৰ ব্যৱস্থাপনা কৰা হৈছে। যদিও বহু প্ৰত্যাহ্বান আছিল তথাপি আমাৰ প্ৰতিজন কৰ্মচাৰী,প্ৰতিটো বিভাগএ বহু কষ্ট আৰু কাম কৰি সকলো ব্যৱস্থাপনা সম্ভৱ কৰি তোলে বুলি জনোৱা হয় কৰ্তৃপক্ষৰ ফালৰ পৰা।

অন্যহাতে,বিহাৰ আৰু পশ্চিম বংগত কিছুমান স্থানত ৭১ খন ৰেলৰ যাত্ৰা বাতিল কৰা কৰে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে যি উত্তৰ পূৱৰ সমগ্ৰ ৰেলৰ যাতায়ত নিয়ন্ত্ৰণ কৰে ।ৰাজ্যত অব্যাহত থকা প্ৰতিবাদ আৰু যি কোনো বিক্ষিপ্ত ঘটনাৰ সম্ভৱনাৰ বাবে সুৰক্ষ।জনীত কাৰণত এই ৰেলসেৱা বাতিল কৰা হৈছে বুলি কৰ্তৃপক্ষই জনাইছে।

কামাখ্যা ৰ।চী এক্সপ্ৰেছ আৰু কৃষগন আজমিৰ গৰিব নাৱাজ এক্সপ্ৰেছৰ যাতায়ত অহা ডিচেম্বৰ ১৭ তাৰিখ পৰ্য্যন্ত বাতিল কৰা হৈছে বুলি ৰেল কৰ্তৃপক্ষ ফালৰ পৰা জনোৱা হৈছে।

অন্য খবৰৰ বাবে পঢ়ক : অগপৰ নগৰ শাখাই দলৰ শীৰ্ষ নেতা সকলক পদ ত্যাগ কৰাৰ দাবী কৰে

ভিডিঅ প্ৰতক্ষ্য কৰক : Students boycott exams in Bongaigaon opposing Citizenship (Amendment) Bill

Next Story
চাকৰি