অগপৰ নগৰ শাখাই দলৰ শীৰ্ষ নেতা সকলক পদ ত্যাগ কৰাৰ দাবী কৰে

অগপৰ নগৰ শাখাই দলৰ শীৰ্ষ নেতা সকলক পদ ত্যাগ কৰাৰ দাবী কৰে । ৰাজ্যৰ বিভিন্ন দল সংগঠনে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ মাজতে অসম গন পৰিষদ সন্মুখীন হৈছে কঠোৰ সমালোচনাৰ। কিয়নো দলটোৱে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কোনো ধৰণৰ উচিত পদক্ষেপ গ্ৰহন কৰা নাই । তাৰ মাজতেই গুৱাহাটী শাখাৰ অসম গন পৰিষদে দলটোৰ শীৰ্ষ নেতা সকলক পদ ত্যাগ কৰাৰ দাবী কৰে।
গুৱাহাটী শাখাৰ অসম গন পৰিষদে কেন্দ্ৰীয় কাৰ্যালয়ৰ সন্মুখত বিতৰ্কিত আইন খন বাতিল কৰাৰ দাবী চাৰি ঘন্টা জোৰা প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন কৰে। তেওঁলোকে কয় যে এনেকুৱা কিছুমান নেতাৰ পৰা দলক ৰক্ষা কৰা অতি প্ৰয়োজনীয় যিয়ে অসমীয়াৰ ধ্বংস বিচাৰে । গুৱাহাটী শাখাৰ অসম খন পৰিষদৰ সভাপতি জিতেন ডেকাই সকলোকে শান্তি পূৰ্ণ ভাৱে আন্দোলন ৰূপায়ন কৰাৰ আহ্বান জনায় ।
তেওঁলোকে কয় যে বিৰেন্দ্ৰ প্ৰসাদ বৈশ্য ই ইতিমধ্যে সংসদত আইন খনৰ সাপেক্ষে ভোট দান কৰিছে । গতিকে দলটোৱে বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ লগতে অতুল বৰা , কেশৱ মহন্ত , আৰু ফনিভূষন চৌধুৰীকো তেওঁলোকৰ সংশ্লিষ্ট পদ সমূহৰ পৰা পদত্যাগ কৰাৰ দাবী জনায় ।
অন্য খবৰৰ বাবে পঢ়ক : নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদত হিংসাৰ আশ্ৰয় লোৱা লোকৰ বাবে কঠোৰ আৰক্ষী
ভিডিঅ প্ৰতক্ষ্য কৰক : Students boycott exams in Bongaigaon opposing Citizenship (Amendment) Bill