Begin typing your search above and press return to search.

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদত হিংসাৰ আশ্ৰয় লোৱা লোকৰ বাবে কঠোৰ আৰক্ষী

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদত হিংসাৰ আশ্ৰয় লোৱা লোকৰ বাবে কঠোৰ আৰক্ষী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Dec 2019 8:02 AM GMT

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদত হিংসাৰ আশ্ৰয় লোৱা লোকৰ বাবে কঠোৰ আৰক্ষী । নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে। ৰাজ্যৰ বিভিন্ন স্থানত দল সংগঠন, ছাত্ৰ সংগঠন, শিল্পী সমাজ আদিৰ প্ৰতিবাদ অব্যাহত আছে। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদত অংশ লৈছে হাজাৰ হাজাৰ জনতাই ।

কিন্তু নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদৰ মাজতেই বহু লোকে লৈছে হিংসাৰ আশ্ৰয়। ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে গুৱাহাটী মহানগৰীতো প্ৰতিবাদৰ মাজত সৃষ্টি হৈছিল হিংসাত্মক কাৰ্যৰ। প্ৰতিবাদৰ সময়ত বহু প্ৰতিবাদ কাৰীয়ে ৰাজপথৰ বিভিন্ন সামগ্ৰী ক্ষতি সাধন কৰাৰ লগতে ৰাজহুৱা সম্পত্তি,‌ব্যক্তিগত সম্পত্তি, যান বাহন আদিৰ ক্ষতি সাধন কৰে। প্ৰতিবাদৰ মাজত হিংসাত্মক কাৰ্যত জড়িত হোৱা লোক সকলৰ বিৰুদ্ধে সষ্টম হৈ উঠিছে অসম আৰক্ষী ।

অসম আৰক্ষীয়ে চলোৱা অভিযানত ৰাজ্য জুৰি আৰক্ষীৰ জালত পৰিছে এজনৰ পিছত এজনকৈ হিংসাত্মক কাৰ্যত জড়িত থকা লোক। জানিব পৰা মতে এতিয়ালৈকে ৰাজ্যত ১০৪৬ জন লোকক আটক কৰা হৈছে। গ্ৰেপ্তাৰ কৰিছে ১৭৫ জন‌ লোকক ।

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰাৰ মাজতে জনসাধাৰণক কোনো ধৰণৰ হিংসাত্মক কাৰ্য‌ সংঘটিত নকৰিবলৈ আহ্বান জনাইছিল। কিন্তু তাৰ মাজতে একাংশ দুষ্কৃতিকাৰীয়ে প্ৰতিবাদৰ মাজতে চলাইছিল হিংসাত্মক কাৰ্য । আৰু এতিয়া এই লোক সকলৰ বিৰুদ্ধে উঠি পৰি লাগিছে অসম আৰক্ষী ।

অন্য খবৰৰ বাবে পঢ়ক : নাগৰিকত্ব সংশোধনী আইন ধৰ্ম নিৰপেক্ষতা বিৰোধী : অৰূপ বৰবৰা

ভিডিঅ প্ৰতক্ষ্য কৰক : Students boycott exams in Bongaigaon opposing Citizenship (Amendment) Bill

Next Story
চাকৰি