ৰাজ্যিক বাতৰি

বন্যহস্তীৰ মৃত্যুদেহ উদ্ধাৰ: তীক্ষ্ণ কাঁটা তাঁৰত লাগি হস্তীৰ মৃত্যুৰ সন্দেহ

Sentinel Digital Desk

গোলাঘাট জিলাত মাধৱপুৰ অঞ্চলৰ বিজিকে চাহ বাগিছাত বৃহস্পতি বাৰে এটা এমহীয়া হাতী পোৱালিৰ মৃত্যুদেহ উদ্ধাৰ হৈছে । পুনৰ শুকুৰবাৰে গোলাঘাট-কাৰ্বি আংলং জিলাৰ সীমান্তত কালিয়নি- বৰদুবিত এটা পুৰ্ন বয়স্ক হাতীৰ মৃত্যুদেহ উদ্ধাৰ কৰা হয় । চাহ বাগিছাৰ তীক্ষ্ণ কাঁটা তাঁৰত লাগি আঘাতপ্ৰাপ্ত হোৱাৰ পৰিনতিতে মৃত্যু হয় হাতী কেইটা।

কাঁটা তাঁৰত লগাৰ ফলতে হাতী কেইটাৰ গুৰুত্বৰ বাবে আঘাতপ্ৰাপ্ত হোৱাৰ ফলত মৃত্যু হয় । বন্যপ্ৰানী সুৰক্ষা কমিটিয়ে হাতীৰ কৰিডৰৰ পৰা এনে কাঁটা তাঁৰ সমূহ আতৰাবলৈ দাবী উত্থাপন কৰিছে । লগতে এনে কাঁটা তাঁৰ ব্যৱহাৰ কৰা চাহ বাগিছাৰ মালিকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। বন বিভাগকো এই ঘটনাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই।

শেহতীয়াকৈ বহু বছৰ ধৰি গোলাঘাট জিলাত ক্ৰমাত বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত। গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে নুমলিগড় আৰু মৰাঙগি অঞ্চলত দিনক দিনে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত।

খাদ্যৰ সন্ধানৰ লগতে , অৰন্য হ্ৰাস পোৱাৰ লগতে আন বিভিন্ন কাৰনত বন্যহস্তীয়ে জনবসতি পূৰ্ন অঞ্চললৈ নামি অহা পৰিলক্ষিত হয় ।নামবৰ অভয়াৰণ্যৰ থুৰামুখত বিভিন্ন সময়ত খাদ্যৰ সন্ধানত নিশা বন্যহস্তীৰ জাকে সন্ত্ৰাস চলাই । নামবৰ অভয়াৰণ্য কাষৰ অঞ্চলৰ লগতে ৪ নং ৰংবং , মোৰফুলনি আৰু বগীজান আদি অঞ্চল সমূহত সঘনে বন্যহস্তীৰ জাকে সন্ত্ৰাস চলোৱা পৰিলক্ষিত হয় । উল্লেখযোগ্য যে, খেতি কৰাৰ সময়ত , বিশেষকৈ অক্টোবৰ পৰা জানুৱাৰীৰ ভিতৰত বন্যহস্তীয়ে খেতি পথাৰত খেতি নষ্ট কৰাতো এটা বৃহৎ সমস্যালৈ পৰিগণিত হৈছে । প্ৰত্যেক বছৰে বন্যহস্তীৰ জাকে খেতি নষ্ট কৰি সন্ত্ৰাস সৃষ্টি কৰাৰ ফলত খেতিয়ক সকলে মুৰে কপালে হাত দিব লগাৰ পৰিস্থিতিৰ সৃষ্টি হয়। এতিয়া খেতিয়ক সকলক খেতি পথাৰত ব্যস্ত । কিন্তু এতিয়াৰে পৰা বন্যহস্তীৰ সন্ত্ৰাসে চিন্তিত কৰি তুলিছে খেতিয়ক সকলক ।

বন সুৰক্ষা কৰ্মীৰ মতে , হাতী মানুহৰ সংঘাত বৃদ্ধি পোৱাৰ মূল কাৰণ হৈছে ক্ৰমাৎ হ্ৰাস পোৱা বনাঞ্চল। নামবৰ – দৈগ্ৰোঙ সংৰক্ষিত বনাঞ্চলত অৰন্য হ্ৰাস হৈ পৰাৰ ফলত হাতী- মানুহৰ সংঘাত বৃদ্ধি পাইছে। মানুহেই বন ধ্বংস যজ্ঞত নামি পৰিছে । তাৰ ফলতে হাতী মানুহৰ সংঘাত বৃদ্ধি পাইছে । আন এটা কাৰণ হৈছে বন্যহস্তীৰ কৰিডৰ সমূহ বন্ধ হৈ পৰিছে । গোলাঘাট – কাৰ্বি আংলং জিলাৰ সীমান্ত পাহাৰত শিল- ক্ৰেচাৰ বহুৱাৰ বাবে বন্যহস্তীৰ কৰিডৰ সমূহ বন্ধ হৈ পৰিছে । তাৰ পৰিপ্ৰেক্ষিতত বন্যহস্তীৰ জাক খাদ্য-পানীৰ সন্ধানত তললৈ নামি আহে আৰু খেতি পথাৰ বিনষ্ট কৰাৰ লগতে বহু লোকৰ ঘৰ-বাৰী ধ্বংস কৰে।