ৰাজ্যিক বাতৰি

কাৰ্বি লোক সকল সুন্দৰ মনৰ অধিকাৰী : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

Sentinel Digital Desk

কাৰ্বি লোক সকল সুন্দৰ মনৰ অধিকাৰী : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে কাৰ্বি লোক সকল এক সুন্দৰ মনৰ অধিকাৰী আৰু তেওঁলোকে অসমীয়া সমাজৰ বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। মঙ্গলবাৰে বিৰুকুচিত আয়োজিত কাৰ্বি বংথে অসমৰ ২৮ তম কেন্দ্ৰীয় দেহাল ( ৰংকাৰ ) কাছিৰ্দাম অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই কথা ব্যক্ত কৰে ।

এই সভাত উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে আজিৰ প্ৰতিযোগিতামূলক বিশ্বত ৰাজ্যত বাস কৰা প্ৰতিটো সম্প্ৰদায়ৰ লোকে অসমত আগুৱাই লৈ যাবলৈ একত্ৰিত হৈ চেষ্টা কৰিব লাগিব। তেওঁ কয় যে কাৰ্বি লোক সকল কঠোৰ পৰিশ্ৰমী আৰু এই পৰিশ্ৰমৰ মাধ্যমেৰে কোনো এটা সম্প্ৰদায়ে বিশ্বস্তৰত উপস্থিতি অনুভৱ কৰিব পাৰে।

যুৱ প্ৰজন্মক দায়িত্বশীল তথা দায়বদ্ধ বনাবলৈ শিক্ষাৰ মহত্বৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে এজন সু নাগৰিক হিচাপে গঢ় দিবলৈ শিক্ষাৰ বিকল্প নাই । তেওঁ পিতৃ মাতৃ আৰু শিক্ষক সকলক আহ্বান জনায় যে তেওঁলোকে যাতে নিজৰ ল'ৰা ছোৱালীক প্ৰেৰণা জগাবলৈ আৰু তেওঁলোকে যাতে অধ্যয়নক গম্ভীৰভাৱে লয় তাৰ বাবে প্ৰেৰিত কৰিবলৈ কয় । তদুপৰি শিক্ষাৰ দ্বাৰা জ্ঞান অৰ্জন কৰিব পাৰি, এই কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ইতিবাচক শৈক্ষিক পৰিস্থিতি সুনিশ্চিত কৰাটো সমাজৰ দায়িত্ব।

উৎসৱৰ আয়োজক সকলক ধন্যবাদ জ্ঞাপন কৰি তেওঁ কয় যে ৰংকেৰ উৎসৱে সমাজত সমন্বয়ৰ সৃষ্টি কৰে । তেওঁ কয় যে এক নিবিড় প্ৰতিশ্ৰুতি আৰু অধ্যাৱসায়ৰ বাবে আয়োজক সকলে ২৮ বছৰ ধৰি এই উৎসৱ উদযাপন কৰিবলৈ সক্ষম হৈছে।

পাৰ্বত্য অঞ্চল বিকাশ মন্ত্ৰী সুম ৰংহাঙে তেওঁৰ ভাষনত কাৰ্বি সকলৰ দেহাল উৎসৱৰ মহত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে । লগতে তেওঁ কাৰ্বি সকলৰ পৰম্পৰা , ৰীতি নীতি, ভাষা সংস্কৃতি সংৰক্ষণ কৰি ৰখাৰ বাবে ৰাজ্যৰ ১৩ খন জিলাত থকা কাৰ্বি লোক সকলক আহ্বান জনায়।

বিধায়ক অতুল বৰাই ও এই সভাত ভাষন প্ৰদান কৰে । তদুপৰি এই সভাৰ সভাপতিত্ব কৰে কাৰ্বি বংথে অসম পৰিষদৰ নবীন চন্দ্ৰ ক্ৰো। লগতে উপস্থিত থাকে গুৱাহাটীৰ সাংসদ কুইন ওজা , বোকাজানৰ বিধায়ক ড° নুমাল মোমিন, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, দিমৰীয়া ৰজা হলী সিং ৰংহাং, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উপেন‌ ৰাভা হাকাচাম, সামাজিক কৰ্মী জয়ন্ত দাস ,লংকী পংছো, লগতে আন বহু গন্য মান্য ব্যক্তি।