Begin typing your search above and press return to search.

২০ ফেব্ৰুৱাৰী তাৰিখৰ পৰা আৰম্ভ হ'ব ড° ভৱেন্দ্ৰ নাথ শইকীয়া নাট সমাৰোহ

২০ ফেব্ৰুৱাৰী তাৰিখৰ পৰা আৰম্ভ হব ড° ভৱেন্দ্ৰ নাথ শইকীয়া নাট সমাৰোহ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Feb 2020 10:07 AM GMT

২০ ফেব্ৰুৱাৰী তাৰিখৰ পৰা আৰম্ভ হ'ব ড° ভৱেন্দ্ৰ নাথ শইকীয়া নাট সমাৰোহ । আজি গুৱাহাটীৰ প্ৰেছ ক্লাবত অনুষ্ঠিত হয় আৰোহন সংবাদমেল । এই সংবাদ মেল যোগে আৰোহনৰ মুখ্য ন্যাসৰক্ষী প্ৰীতি শইকীয়াই ঘোষনা কৰে ড° ভৱেন্দ্ৰ নাথ শইকীয়া নাট সমাৰোহ ২০২০ আৰু ড° ভৱেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী বঁটা অনুষ্ঠান ২০১৯ । তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত ২০ ফেব্ৰুৱাৰী তাৰিখৰ পৰা ২২ তাৰিখলৈ অনুষ্ঠিত হ'ব এই সমাৰোহ ।

এই অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি ২০ ফেব্ৰুৱাৰী তাৰিখে ড° ভৱেন্দ্ৰ নাথ শইকীয়াৰ ওপজা দিন উপলক্ষে আৰোহন চৌহদত ড° ভৱেন্দ্ৰ নাথ শইকীয়াৰ পূৰ্ণাংগ প্ৰতিমূৰ্ত্তি উন্মোচন কৰিব অসম চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ড° লক্ষ্মীনন্দন বৰা ।

উল্লেখযোগ্য যে ২০১৯ বৰ্ষৰ বাবে ড° ভৱেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী বঁটা প্ৰদান কৰা হব কবি মণিকা দাসক । আৰ্থাৰাইটিছ ৰোগত আক্ৰান্ত মনিকা দাসে শাৰীৰীক প্ৰত্যাহ্বানক নেওচি কাব্য চৰ্চাৰ ধাৰা অব্যাহত ৰাখিছে । তেওঁৰ প্ৰকাশিত কাব্যগ্ৰন্থ সমূহ হ'ল এদিনৰ বাবে মোক আপোনাৰ প্ৰেয়সী বুলি ভাবক, তোমাৰ হাতত হাত থৈ আৰু বহুতো। ২০ ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব লগীয়া এই বঁটা প্ৰদান অনুষ্ঠানত বঁটা প্ৰদান কৰিব ড° লক্ষ্মীনন্দন বৰাই । বঁটাত আছে ২৫,০০০ টকা , স্মাৰক , কিতাপৰ টোপোলা আদি । তাৰ পিছতেই বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ'ব । তদুপৰি উক্ত দিনৰ কাৰ্যসূচীত কুলদীপ পাটগিৰিৰ পৰিচালনাত মুকাভিনয় ও প্ৰদৰ্শন কৰা হ'ব।

অনুষ্ঠানৰ দ্বিতীয় দিনা অৰ্থাৎ ২১ ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব নাট সন্ধিয়া । সন্ধিয়া ৬ বজাত অনুষ্ঠিত ‌হব লগীয়া এই নাট সন্ধিয়াৰ উদ্বোধন কৰিব বিশিষ্ট নাট পৰিচালক, অভিনেতা নীলু চক্ৰৱৰ্তীয়ে।‌ উক্ত নাট সন্ধিয়াত দুলীয়াজানৰ ''পথাৰ'' গোষ্ঠীয়ে 'জকাৰ' নাট মঞ্চস্থ কৰিব । এই নাট খনৰ পৰিকল্পনা তথা পৰিচালনা গুণমনি বৰুৱাৰ আৰু সংগীত পৰিচালনা পবিত্ৰ চেতীয়াৰ ।

অনুষ্ঠানৰ অন্তিম দিনা অৰ্থাৎ ২২ ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব লগীয়া নাট সন্ধিয়া উদ্বোধন কৰিব অসম চৰকাৰৰ শিক্ষা, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়াই ।

তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগীয়া ড° ভৱেন্দ্ৰ নাথ শইকীয়া নাট সমাৰোহ তথা বঁটা প্ৰদান অনুষ্ঠানত সকলোৰে উপস্থিতি তথা সহযোগিতা কামনা কৰিছে আৰোহনৰ মুখ্য ন্যাসৰক্ষী প্ৰীতি শইকীয়া আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক বিষ্ণু কমল বৰাই ।

অন্য খবৰৰ বাবে পঢ়ক : ডা: ৰূপ শেখৰ ডেকাৰ ‘কেইবিধমান বিশেষ ৰোগ আৰু ইয়াৰ সমিধান ‘ শীৰ্ষক গ্ৰন্থ উন্মোচনী

ভিডিঅ প্ৰতক্ষ্য কৰক : 163rd Northeast Frontier Railways, Employees Union General Council Meeting begins today

Next Story
চাকৰি