Begin typing your search above and press return to search.

ডা: ৰূপ শেখৰ ডেকাৰ 'কেইবিধমান বিশেষ ৰোগ আৰু ইয়াৰ সমিধান ' শীৰ্ষক গ্ৰন্থ উন্মোচনী

ডা: ৰূপ শেখৰ ডেকাৰ কেইবিধমান বিশেষ ৰোগ আৰু ইয়াৰ সমিধান  শীৰ্ষক গ্ৰন্থ উন্মোচনী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Feb 2020 12:19 PM GMT

ডা: ৰূপ শেখৰ ডেকাৰ 'কেইবিধমান বিশেষ ৰোগ আৰু ইয়াৰ সমিধান ' শীৰ্ষক গ্ৰন্থ উন্মোচনী। ২০২০ চনৰ ১৬ ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীৰ আমবাৰী অৱস্থিত অসম সাহিত্য সভা ভৱনত অনুষ্ঠিত হয় এক গ্ৰন্থ উন্মোচনী অনুষ্ঠান। এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ডা: ৰূপ শেখৰ ডেকাৰ চিকিৎসা মূলক গ্ৰন্থ ' কেইবিধমান বিশেষ ৰোগ আৰু ইয়াৰ সমিধান ' শীৰ্ষক গ্ৰন্থ খনি উন্মোচন কৰা হয়।

উক্ত গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ৰাজ্যৰ বহু কেইগৰাকী বিশিষ্ট চিকিৎসক উপস্থিত থাকে । বিশিষ্ট চিকিৎসক তথা গন্য মান্য ব্যক্তিৰ উপস্থিতত 'কেইবিধমান বিশেষ ৰোগ আৰু ইয়াৰ সমিধান' শীৰ্ষক গ্ৰন্থ খনি উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ডীন, ফেকাল্টি অৱ মেডিচিনৰ ডা: এন‌ এন‌ বৰ্মনে ।

উক্ত অনুষ্ঠানত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডাঃ উমেশ‌ চন্দ্ৰ শৰ্মা, লোক সংগীত শিল্পী ধনদা পাঠক, বিশিষ্ট সাংবাদিক তথা প্ৰতিদিন টাইমৰ‌ মুখ্য সম্পাদক নিতুমণি শইকীয়া ,আৰক্ষীৰ উপ মহা - পৰিদৰ্শক নিতুল গগৈ , প্ৰাগ নিউজৰ পৰিচালন সম্পাদক প্ৰনয় বৰদলৈ প্ৰমুখ্যে আন বহু গন্য মান্য ব্যক্তি উপস্থিত থাকে।

এই গ্ৰন্থ খন অসমীয়া ভাষাত লিখি উলিওৱা হৈছে। অসমীয়া ভাষাত সৰ্বসাধাৰণ লোকে এই গ্ৰন্থ খন পঢ়িব পৰাৰ সুবিধাৰ্থে এই গ্ৰন্থখন প্ৰকাশ কৰা হৈছে । গ্ৰন্থ খনৰ বিশেষত্ব এয়ে যে চিকিৎসা বিজ্ঞানৰ বিভিন্ন বিষয় তথা কিছুমান ৰোগ যিবোৰত মানুহে সততেই আক্ৰান্ত হয় সেই ৰোগ সমূহৰ সমিধান সম্বন্ধে এই গ্ৰন্থ খনত অন্তৰ্ভুক্ত কৰা হৈছে।

উদাহৰণ স্বৰূপে বৰ্তমান সময়ত অসমত সৰ্বত্ৰে হাহাকাৰৰ সৃষ্টি কৰা জাপানীজ এনকেফেলাইটিছ , এইচ আই ভি আদি বিভিন্ন বিষয় সন্নিৱিষ্ট কৰা হৈছে এই গ্ৰন্থ খনত । ইয়াৰোপৰি মহিলাৰ বিভিন্ন ৰোগ টাইফদ আদিৰ বিষয় ও সন্নিবিষ্ট কৰা হৈছে গ্ৰন্থ খনত ।

প্ৰায়ে দেখা যায় যে এই বেমাৰ সমূহ সম্পৰ্কে প্ৰায়ে আয়ুৰ্বেদিক অথবা ঘৰুৱা চিকিৎসাৰ বিভিন্ন কিতাপ বজাৰত পোৱা যায়। এল'পথী মেডিচিনৰ পি এইচ ডি ডিগ্ৰীধাৰীৰ দ্বাৰা অসমীয়াত ৰচিত এই গ্ৰন্থ খন জনসাধাৰণৰ সহায়ক হ'ব বুলি আশা কৰা যায় । ডা: ৰূপ শেখৰ ডেকাৰ দ্বাৰা ৰচিত ' কেইবিধমান বিশেষ ৰোগ আৰু ইয়াৰ সমিধান ' শীৰ্ষক গ্ৰন্থ খনি উন্মোচনৰ পিছতেই চৰ্চা লাভ কৰিছে বুলি জানিব পৰা গৈছে ।

অন্য খবৰৰ বাবে পঢ়ক : নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নাৰী সমাজৰ সমদল কাৰ্যসূচী ৰূপায়ন

ভিডিঅ প্ৰতক্ষ্য কৰক : All Adivasi Students' Association of Assam gherao State Cabinet Minister Sanjay Kisan’s residence

Next Story
চাকৰি