Begin typing your search above and press return to search.

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নাৰী সমাজৰ সমদল কাৰ্যসূচী ৰূপায়ন

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নাৰী সমাজৰ সমদল কাৰ্যসূচী ৰূপায়ন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 Feb 2020 7:37 AM GMT

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নাৰী সমাজৰ সমদল কাৰ্যসূচী ৰূপায়ন। মহিলা সমাজে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আৰু লিংগৰ বৈষম্য দূৰ কৰাৰ দাবী কৰি শনিবাৰে পদাতিক নাৰী সমাজে হাতত বেনাৰ লৈ লক্ষীধৰ বৰাক্ষেত্ৰৰ পৰা ৰাজভৱনলৈ প্ৰতিবাদী সমদল গঢ়ি তোলে ।নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ওলাই আহিছে মহিলা সমাজো । অসমীয়াৰ অস্তিত্ব সংকটত পেলাব পৰা এই আইন খনৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ মহিলা সমাজ ওলাই আহিছে গুৱাহাটী ৰাজপথত ।

মহিলা সমাজে দাবী কৰে যে অসমত বিদেশীৰ বোজা জাপি দি কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰে বাস্তৱত বানপানী, নিবনুৱা আদি জলন্ত সমস্যা সমূহ নোহোৱা কৰাৰ ষড়যন্ত্ৰ কৰিছে ।

মহিলা সমাজে ৰাজভৱনলৈ কৰা এই প্ৰতিবাদী সমদল কাৰ্যসূচীত বিভিন্ন দাবী উত্থাপন কৰে। নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা , মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পদত্যাগ, অখিল গগৈ, বিতু সোণাৱাল, ধৈৰ্য কোঁৱৰ , মানস কোঁৱৰৰ আৰু নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত কাৰাবন্দী কৰা লোক সকলক বিনা চৰ্তে মুক্তি, নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত নিহত আৰু আহত সকলৰ প্ৰতি ক্ষতিপূৰণ, আদি দাবী সমূহ উত্থাপন কৰি মহিলা সমাজে প্ৰতিবাদী কাৰ্যসূচী উত্তাল কৰি তোলে ।‌ নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ দাবীৰ উপৰিও লিংগ বৈষম্য দূৰ কৰা, বৈষম্য আৰু নীপিড়নৰ বিৰুদ্ধেও দাবী উত্থাপন কৰে।

তেওঁলোকৰ দাবী সমূহৰ ভিতৰত ২০০৮ চনৰ মহিলা সংৰক্ষণ বিধায়ক পাছ কৰা , অসংগঠিত ক্ষেত্ৰৰ শ্ৰমিক সামাজিক সুৰক্ষা আইন ২০০৮ অনুসৰি শ্ৰমিকৰ সুৰক্ষা , কৰ্মক্ষেত্ৰত মহিলাৰ ওপৰত যৌন উৎপীড়ন আইন ( প্ৰতিৰোধ, নিষিদ্ধ, প্ৰতিকাৰ ) ২০১৩ ৰ অধীনত এক আভ্যন্তৰীণ কমিটি গঠন আদি বাস্তৱায়ন কৰা ।

মহিলা সমাজে কৰা আন দাবী সমূহ হল সকলো পথত ষ্ট্ৰীটত লাইটৰ ব্যৱস্থা কৰা , ৰাজহুৱা স্থানত মহিলা সকলৰ বাবে শৌচাগাৰ , চেবাৰ পাঠ্যক্ৰমত লিংগ সংবেদনশীলতা আৰু যৌন শিক্ষাৰ অন্তৰ্ভুক্ত আৰু বহুতো দাবী উত্থাপন কৰে।

অব্যাহত আছে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে প্ৰতিবাদ। ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ লোক ওলাই আহিছে বিতৰ্কিত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন খনৰ বিৰুদ্ধে। অসমীয়াই কোনো পধ্যেই মানি নলয় নাগৰিকত্ব সংশোধনী আইন ।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা আন্দোলনত অংশ গ্ৰহণ কৰিছে বিভিন্ন কলা কুশলী, বিশিষ্ট নাগৰিক, বুদ্ধিজীৱী ।

অন্য খবৰৰ বাবে পঢ়ক : নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন গঢ়ি তোলা হ’ব ডিজিটেল পদ্ধতিত

ভিডিঅ প্ৰতক্ষ্য কৰক : Kokrajhar District BJP workers carried out cleanliness drive

Next Story
চাকৰি