নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন গঢ়ি তোলা হ'ব ডিজিটেল পদ্ধতিত

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন গঢ়ি তোলা হ'ব ডিজিটেল পদ্ধতিত

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন গঢ়ি তোলা হ'ব ডিজিটেল পদ্ধতিত । ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন। অসমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ আৰু জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই ৰাজ্যত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন ডিজিটেল কৰাৰ বাবে এক ৱেবছাইটৰ শুভাৰম্ভ কৰে । ৱেবছাইটটো হ'ল www.assamagainstcaa.in । তাৰোপৰি তেওঁলোকে নাগৰিকত্ব সংশোধনী আইন বিৰোধী ফেচবুক পেজ আৰু টুইটাৰ একাউণ্টো আৰম্ভ কৰে। ফেচবুক পেজটো হ'ল assamagainstcaa আৰু টুইটাৰ একাউণ্টটো হ'ল assamagainstcaa ।

বৃহস্পতিবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা এক সংবাদ মেলত কণ্ঠশিল্পী জুবিন গাৰ্গে কয় যে এয়া এক নতুন পদক্ষেপ, ইয়াত ৰাজ্যৰ কোনোৱে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আপডেট কৰিব পাৰে। ইয়াত নাম ৰেজিষ্টাৰ কৰাৰ পিছত সকলোৱে ইয়াৰ সদস্য হ'ব পাৰে। তেওঁ কয় যে ইতিমধ্যে তেওঁলোকে খেলো ইণ্ডিয়াৰ সময়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ বিৰোধ কৰিছিল। তেওঁ কয় যে তেওঁলোকে মোদীৰ অসম ভ্ৰমণৰ বিৰোধিতা কৰি যাব। ২০২১ চনৰ বিধানসভাৰ নিৰ্বাচন এতিয়াও দূৰ আছে । এতিয়া কোৱা কঠিন যে আমি কাক ভোট দিম । কিন্তু এতিয়া আমি নাগৰিকত্ব সংশোধনী আইন বাতিল হোৱাটো বিচাৰো। এই ৱেবছাইটটোৱে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰিব বিচৰা সকলোকে একত্ৰিত কৰিব ।

অভিনেত্ৰী বৰষা ৰাণী বিষয়াই কয় যে, ' ছ'চিয়েল মিডিয়া এক শক্তিশালী মাধ্যম। যি সকল লোকে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰে তেওঁলোকে আইন বিৰোধী যিকোনো ফটো এই ৱেবছাইটত আপলোড কৰিব পাৰে।

গুৱাহাটীত অনুষ্ঠিত হ'ব লগীয়া ফিল্মফেয়াৰ এৱাৰ্ড ২০২০ ৰ ওপৰত অভিনেত্ৰী বৰষা ৰাণী বিষয়াই কয় যে ' এয়া অতি গৌৰৱৰ কথা যে এনেধৰণৰ এক অনুষ্ঠান গুৱাহাটীত হ'ব ।ই সমগ্ৰ দেশ‌ আৰু বিদেশত ৰাজ্যক প্ৰদৰ্শন কৰাত সহায় কৰিব। কিন্তু এই কাৰ্যক্ৰমত অংশগ্ৰহণ নকৰে বুলি কয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই।

এই সংবাদ মেলত অংশ গ্ৰহণ কৰি অভিনেতা ৰবি শৰ্মাই কয় যে পাহৰি যোৱাতো অসমীয়াৰ বানিজ্যিক চিন্হ । নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ মনত ৰখাৰ বাবে আমি এই ৱেবছাইট আৰম্ভ কৰিছো। এই ৱেবছাইটোৱে সকলোকে একত্ৰিত কৰিব । এই সংবাদ মেলত গৰিমা শইকীয়া গাৰ্গ আৰু মানস ৰবীনো উপস্থিত থাকে।‌

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com