Begin typing your search above and press return to search.

২০১৯ বৰ্ষত গুৱাহাটীত প্ৰায় ৯৩১ টা পথ দুৰ্ঘটনা সংঘটিত হয়,

২০১৯ বৰ্ষত গুৱাহাটীত প্ৰায় ৯৩১ টা পথ দুৰ্ঘটনা সংঘটিত হয়,

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Feb 2020 9:54 AM GMT

২০১৯ বৰ্ষত গুৱাহাটীত প্ৰায় ৯৩১ টা পথ দুৰ্ঘটনা সংঘটিত হয়।‌গুৱাহাটী আৰক্ষী কমিচনাৰেটৰ অধীনত ২০১৯ বৰ্ষত গুৱাহাটীত প্ৰায় ৯৩১ টা পথ দুৰ্ঘটনা সংঘটিত হয়। ৯৩১ টা পথ দুৰ্ঘটনাৰ ভিতৰত ২৪০ টা পথ দুৰ্ঘটনা অতি ভয়ানক হয় আৰু মুঠ ২৪৯ জন লোকৰ মৃত্যু হয়। আন পথ দুৰ্ঘটনাৰ সংখ্যা ৬৯১ টা য'ত মুঠ ৮৩৬ জন লোক আঘাতপ্ৰাপ্ত হয়।

২০১৯ চনৰ জানুৱাৰী মাহত ৮৪ টা পথ দুৰ্ঘটনা সংঘটিত হয় যাৰ ভিতৰত ১৯ টা অতি ভয়ানক আছিল তাৰ পিছৰ মাহত সংঘটিত হয় ৬৪ টা পথ দুৰ্ঘটনা,যাৰ ভিতৰত ১৫ টা আছিল ভয়ানক পথ দুৰ্ঘটনা। মাৰ্চ মাহত সংঘটিত হোৱা মুঠ ৯১ টা পথ দুৰ্ঘটনাৰ ২৭ টা ভয়ানক পথ দুৰ্ঘটনা সংঘটিত হয় আৰু এপ্ৰিল মাহত সংঘটিত হোৱা ৬৮ টা পথ দুৰ্ঘটনাৰ ১৮ টা অতি ভয়ানক পথ দুৰ্ঘটনা সংঘটিত হয়।‌

মে'মাহত গুৱাহাটীত সংঘটিত হোৱা ৭৮ টা পথ দুৰ্ঘটনাৰ ২৭ টা ভয়ানক পথ দুৰ্ঘটনা, জুন মাহত সংঘটিত হোৱা ৬২ টা পথ দুৰ্ঘটনাৰ ১৪ টা ভয়ানক পথ দুৰ্ঘটনা সংঘটিত হয় আৰু জুলাই মাহত সংঘটিত হোৱা ৭৫ টা পথ দুৰ্ঘটনাৰ ২৭ টা ভয়ানক পথ দুৰ্ঘটনা সংঘটিত হয়।

তাৰ পিছতেই আগষ্ট মাহত সংঘটিত হয় ৭৭ টা পথ দুৰ্ঘটনা, যাৰ ভিতৰত ১৭ টা আছিল ভয়ানক পথ দুৰ্ঘটনা। চেপ্তেম্বৰ মাহত সংঘটিত হোৱা ৭৫ টা পথ দুৰ্ঘটনাৰ ২১ টা ভয়ানক পথ দুৰ্ঘটনা, অক্টোবৰ মাহৰ মুঠ ৭৯ টা পথ দুৰ্ঘটনাৰ ১৮ টা পথ দুৰ্ঘটনা‌ হয় ভয়ানক । তাৰ পিছতেই নৱেম্বৰ মাহত সংঘটিত হোৱা ৯২ টা পথ দুৰ্ঘটনাৰ ২৪ টা পথ দুৰ্ঘটনা‌ ভয়ানক আৰু ডিচেম্বৰ মাহত সংঘটিত হোৱা ৮৬ টা পথ দুৰ্ঘটনাৰ ২২ টা ভয়ানক পথ দুৰ্ঘটনাৰ গোচৰ ৰুজু হয় ।

উল্লেখ্যযোগ্য যে মুঠ ২৪০ টা ভয়ানক দুৰ্ঘটনাৰ ১৩৩ টা পথ দুৰ্ঘটনা সংঘটিত হয় ৰাষ্ট্ৰীয় ঘাইপথত য'ত মৃত্যু মুখত পৰে ১৪০ জন লোকৰ । আন ৭৬ টা পথ দুৰ্ঘটনা সংঘটিত হয় ৰাজ্যিক ঘাইপথত য'ত প্ৰায় ৭৮ জন‌ লোকে মৃত্যু বৰণ কৰে।

তথ্য অনুসৰি গুৱাহাটীত এমাহত প্ৰায় ৭৫ টাতকৈ অধিক পথ দুৰ্ঘটনাৰ গোচৰ ৰুজু হয় । অৰ্থাৎ প্ৰতি দিনে গুৱাহাটীত দুটাতকৈ অধিক পথ দুৰ্ঘটনা সংঘটিত হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি জানিব পৰা মতে এই পথ দুৰ্ঘটনা সমূহ সংঘটিত হয় বিশেষকৈ ভূল পথেৰে গাড়ী চলোৱা , সুৰা পান কৰি গাড়ী চলোৱা , তীব্ৰ গতিত গাড়ী চলোৱা , ওভাৰ পেকিং আদিৰ বাবে।

অন্য খবৰৰ বাবে পঢ়ক : অসম সাহিত্য সভাই নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰিব

ভিডিঅ প্ৰতক্ষ্য কৰক : AASU Namrup Unit forms human chain demanding immediate setting up of 4th unit of BVFCL

Next Story
চাকৰি