Begin typing your search above and press return to search.

অসম সাহিত্য সভাই নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰিব

অসম সাহিত্য সভাই নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰিব

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Feb 2020 8:39 AM GMT

অসম সাহিত্য সভাই নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰিব । অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশীয়ে কয় যে অসম সাহিত্য সভাই জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰিব । এই কথা ব্যক্ত কৰে শনিবাৰে ৭৫ বৰ্ষ অধিবেশন উপলক্ষে শুৱালকুছিৰ বুধৰাম মাধৱ সত্ৰাধিকাৰ কলেজত আয়োজিত এক সভাৰ ৮তম কাৰ্যকৰী বৈঠকত ।

এই সভাৰ সভাপতিত্ব কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশীয়ে। এই সভাত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সাধৰণ জনতাৰ মাজত সজাগতা বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই সভাত পৰমানন্দ ৰাজবংশীয়ে কয় যে, " অসমীয়া ভাষাৰ ওপৰত সংকটৰ কথা আহিলে অসম সাহিত্য সভাই কেতিয়াও নাগৰিকত্ব সংশোধনী আইনৰ লগত বুজাবুজি নকৰে ।‌ অসমীয়া ভাষাটো অসমৰ প্ৰত্যোকটো ক্ষেত্ৰতে কঠোৰ ভাৱে প্ৰযোজ্য হ'ব লাগিব "।

শুৱালকুছিত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশন ৩১ জানুৱাৰী তাৰিখৰ পৰা আৰম্ভ হৈছে । তদুপৰি এই অধিৱেশন অহা ফেব্ৰুৱাৰী মাহৰ ৪ তাৰিখলৈ চলিব ।

এই অধিৱেশন জ্যেতিক্ষেত্ৰ (শুৱালকুছি) ত নিৰ্মিত এক অস্থায়ী নামঘৰ উদ্বোধন কাৰ্যসূচীৰে আৰম্ভ কৰা হয় । নামঘৰটো উদ্বোধন কৰে মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে। এই অধিৱেশন সমাপ্ত হোৱাৰ অন্তিম দিনলৈ ভাওনা আৰু নাম প্ৰসংগ আনুস্থিত হ'ব । অন্যহাতে অসম সাহিত্য সভাৰ পৰৱৰ্তী অধিৱেশন অনুষ্ঠিত হ'ব মাজুলীত।‌

উল্লেখযোগ্য যে জাতিধ্বংসী , অসমীয়াৰ অস্তিত্ব,ভাষা সংস্কৃতিলৈ সংকট আনিব পৰা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ এতিয়াও অব্যাহত আছে । দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দল সংগঠনৰ নেতৃত্বত , সাধৰণ জনসাধাৰণে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে । দেশৰ শিল্পী সমাজ, বিশিষ্ট ব্যক্তি, বুদ্ধিজীৱী, দল সংগঠন,‌নাৰী সমাজ আদি বিভিন্ন জনে ওলাই আহিছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে।‌ নাগৰিকত্ব সংশোধনী আইন‌ ২০১৯ চমুকৈ কা- ৰ বিৰুদ্ধে ইতিমধ্যে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী, সমদল, সজাগতা সভা আদি অনুষ্ঠিত কৰিছে । নাগৰিকত্ব সংশোধনী আইনৰ অধীনত ২০১৪ চনৰ ৩১ ডিচেম্বৰ তাৰিখৰ আগলৈকে বাংলাদেশ, পাকিস্তান, আৰু আফগানিস্তানৰ পৰা আহি ভাৰতত প্ৰৱেশ কৰা হিন্দু,শিখ , জৈন , পাৰ্চী, খ্ৰীষ্টানলোক সকলক নাগৰিকত্ব প্ৰদান কৰা হব ।

উল্লেখযোগ্য যে বিগত বৰ্ষৰ শীতকালীন অধিবেশনত নাগৰিকত্ব সংশোধনী আইন গৃহীত হোৱাৰ পিছতেই ১০ জানুৱাৰী তাৰিখে নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী হয়। এই জাতিধ্বংসী আইন কাৰ্যকৰী হোৱাৰ পিছতো ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ ।

অন্য খবৰৰ বাবে পঢ়ক : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আত্মসহায়ক গোটলৈ ৩০ কোটি টকাৰ ঘূৰ্ণীয়মান পূঁজি

ভিডিঅ প্ৰতক্ষ্য কৰক : Chamber Premiere League 10 begins in Tinsukia from Sunday

Next Story
চাকৰি