Begin typing your search above and press return to search.

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আত্মসহায়ক গোটলৈ ৩০ কোটি টকাৰ ঘূৰ্ণীয়মান পূঁজি

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আত্মসহায়ক গোটলৈ ৩০ কোটি টকাৰ ঘূৰ্ণীয়মান পূঁজি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Feb 2020 10:12 AM GMT

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আত্মসহায়ক গোটলৈ ৩০ কোটি টকাৰ ঘূৰ্ণীয়মান পূঁজি । ৰাজ্যৰ মহিলা সকলক সামাজিক ভাৱে সবল আৰু অৰ্থনৈতিক স্বাৱলম্বি গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে আৰম্ভ কৰিছিল কনকলতা মহিলা সৱলীকৰণ আঁচনিৰ । শনিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ কনকলতা মহিলা সৱলীকৰণ আঁচনিৰ অধীনত আনুষ্ঠানিক ভাৱে ২০,০০০ মহিলা আত্মসহায়ক গোটলৈ ৩০,০০০ কোটি টকাৰ ঘূৰ্ণীয়মান পূঁজি বিতৰণ কৰে । গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়‌ খেলপথাৰত অনুষ্ঠিত এক অনুষ্ঠানত এই ঘোষনা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ।

এই অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে নাৰী মহান শক্তিৰ উৎস আৰু সমাজৰ যি কোনো পৰিৱৰ্তনৰ বাবে তেওঁলোক সৰ্বোচ্চ শক্তি । তেওঁ কয় যে কনকলতা বৰুৱা, যিয়ে ইংৰাজৰ বিৰুদ্ধে যুঁজ কৰিছিল, তেওঁ নাৰী শক্তিৰ এক বিৰল উদাহৰণ । তেওঁ কয় যে ৰাজ্যৰ মহিলা সকলৰ মাজতো সেই একেই শক্তি আছে আৰু ৰাজ্যৰ সৰ্বাংগীন বিকাশৰ বাবে তেওঁলোকে মহত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব।

বেটি পঢ়াও বেটি বচাও , পি এম উজ্বলা আঁচনি, স্বচ্ছ ভাৰত অভিযান, আদি বিভিন্ন ধৰণৰ মহিলাৰ বাবে গ্ৰহন কৰা আঁচনিৰ ওপৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে প্ৰধান মন্ত্ৰীৰ দ্বাৰা গ্ৰহন কৰা এনে বিভিন্ন আঁচনিৰ পৰাই অনুপ্ৰাৰিত হৈয়ে অসম চৰকাৰেও মহিলা সবলীকৰণৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহন কৰিছে । তেওঁ কয় যে ৰাজ্য চৰকাৰৰ উদ্দেশ্য হ'ল সমাজৰ মহিলা সকলৰ বিকাশ , আৰু ইয়াৰ বাবে অসমৰ প্ৰথম ভাগত চেনছেলৰ হিচাপে নিযুক্তি পোৱা ড° মালিনী গোস্বামী , অৱসৰ প্ৰাপ্ত আই এ এছ অধিকাৰী টিআই দাস আদি বিশিষ্ট মহিলা সকলৰ উদাহৰণ দিয়ে।

তদুপৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ৰাজ্য চৰকাৰে অৰুন্ধতী আঁচনি, ইণ্ডিৰা মিৰি বিধৱা পেঞ্চন আঁচনি ,শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি আদি বিভিন্ন আঁচনিৰ আৰম্ভ কৰিছে । মহিলা সকলক সকলো দিশৰ পৰাই স্বাৱলম্বী কৰাৰ বাবেই বিভিন্ন পদক্ষেপ লৈছে ৰাজ্য চৰকাৰে ।

লগতে তেওঁ কয় যে ৰাজ্য চৰকাৰে খিলঞ্জীয়া লোকৰ অধিকাৰ আৰু স্বাৰ্থ ৰক্ষাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ । তদুপৰি ৰাজ্য চৰকাৰে থলুৱা ভাষা , সংস্কৃতি, আৰু পৰম্পৰা ৰক্ষা কৰাৰ বাবে কাম কৰি আছে আৰু ইয়াৰ বাবে জনসাধাৰণে চিন্তা কৰাৰ কোনো কাৰণ নাই বুলি কয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী নৱ কুমাৰ দলে কয় যে কনকলতা মহিলা সৱলীকৰণ আঁচনিৰ অধীনত এতিয়ালৈকে ৰাজ্যৰ ১৮ লাখ পৰিয়াল, আৰু ১,৭৮,৭২০ টা আত্মসহায়ক গোট সামৰি লোৱা হৈছে।

অন্য খবৰৰ বাবে পঢ়ক : হস্তী মানুহৰ সংঘাত নহয় , মানাহ ৰাষ্ট্ৰীয় উদ্যানত বন্যহস্তী আৰু মানুহৰ বন্ধুত্বসুলভ পৰিবেশ

ভিডিঅ প্ৰতক্ষ্য কৰক : Woman’s body recovered from Forest Range in Digboi

Next Story
চাকৰি