হস্তী মানুহৰ সংঘাত নহয় , মানাহ ৰাষ্ট্ৰীয় উদ্যানত বন্যহস্তী আৰু মানুহৰ বন্ধুত্বসুলভ পৰিবেশ

হস্তী মানুহৰ সংঘাত নহয় , মানাহ ৰাষ্ট্ৰীয় উদ্যানত বন্যহস্তী আৰু মানুহৰ বন্ধুত্বসুলভ পৰিবেশ

হস্তী মানুহৰ সংঘাত নহয় , মানাহ ৰাষ্ট্ৰীয় উদ্যানত বন্যহস্তী আৰু মানুহৰ বন্ধুত্বসুলভ পৰিবেশ ৷ চিৰাঙৰ পাণবাৰী ৰেঞ্জত বন্য জীৱ-জন্তু আৰু স্থানীয় লোক তথা বন কৰ্মীৰ বন্ধুত্বসুলভ পৰিবেশে বিৰল নিদৰ্শন আগবঢ়াইছে ৷

ৰাজ্যত হস্তী মানুহৰ সংঘাত দিনক দিনে বৃদ্ধি পাই আহিছে । বন্যহস্তী আৰু মানুহৰ মাজত সংঘাত বৃদ্ধি হোৱাৰ সময়তে মানাহ ৰাষ্ট্ৰীয় উদ্যোনত বন্য জীৱ জন্তু আৰু মানুহৰ মাজত দেখা বন্ধুত্বসুলভ পৰিবেশ ৷ চিৰাঙৰ পাণবাৰী ৰেঞ্জত বনৰীয়া হাতীয়ে বিচাৰি আহে বনকৰ্মীৰ মৰম ৷ বনাঞ্চলৰ পৰা ওলাই আহি ৰাইজৰ মাজত ত্ৰাসৰ সৃষ্টি কৰা পৰিবেশ প্ৰায়েই দেখা যায় ।

কিন্তু চিৰাঙৰ পানবাৰী ৰেঞ্জত বনৰীয়া হাতী ওলাই আহে বনকৰ্মীৰ মৰম বিচাৰি। জাকে জাকে বন্যহস্তী আহি উপস্থিত হয় বন কাৰ্যালয়ত ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজত থকা পৰ্যটকৰ বাংলোৰ বনকৰ্মীৰ সৈতে বন্যহস্তীৰ বন্ধুত্বসুলভ আচৰণ দেখা যায় ৷

বনকৰ্মীজনে বনৰীয়া হাতীটোক আদৰ কৰা দেখা যায় । আনহাতে বন্যহস্তীৰ বৃহৎ বৃহৎ জাক আহি বনাঞ্চলখনৰ সুৰক্ষাৰ বাবে থকা বনকৰ্মীসকলৰ কাষ চাপে ৷ বনকৰ্মী সকলে খাদ্য ও আগবঢ়ায় বন্য হাতী সমূহলৈ । বনকৰ্মীৰ পৰা এইদৰে আহাৰ খোৱাৰ পিছতহে বন্যহস্তীৰ জাক উভতি যায় ৷ কেবল বন্য হস্তীয়ে বনাঞ্চলখনৰ হৰিণাকে আদি কৰি বিভিন্ন জীৱ-জন্তুৰ সৈতে স্থানীয় প্ৰকৃতি প্ৰেমী লোকৰ সৈতে আছে মধুৰ সম্পৰ্ক ৷ এইসকল লোকৰ কাষত আহি বন্যজীৱ জন্তুৱে একেলগে বিচৰণ কৰি ফুৰা পৰিলক্ষিত হয় ৷ মানাহ ৰাষ্ট্ৰীয় উদ্যোনৰ পাণবাৰী ৰেঞ্জৰ ঔডুবী , খেৰণী , লাফাচাৰী বিটত বন্য জীৱ জন্তু আৰু মানুহৰ মাজত গঢ় লৈ উঠা বন্ধুত্বপূৰ্ণ পৰিবেশে পৰ্যটকসকলক সম্প্ৰতি আকৰ্ষিত কৰি আহিছে ৷

ৰাজ্যত বন্য জীৱ জন্তু আৰু মানুহৰ মাজত সংঘাত বৃদ্ধি হৈ অহাৰ সময়তে চিৰাঙত বন্য জীৱ জন্তু আৰু মানুহৰ মাজত গঢ় লৈ উঠা বন্ধুত্বপূৰ্ণ সম্পৰ্কই এক বিৰল নিদৰ্শন আগবঢ়াইছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com