সমগ্ৰ ৰাজ্যত উদযাপন মে-ডাম-মে- ফি, বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ন

সমগ্ৰ ৰাজ্যত উদযাপন মে-ডাম-মে- ফি, বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ন

সমগ্ৰ ৰাজ্যত উদযাপন মে-ডাম-মে- ফি, বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ন।

লখিমপুৰ: লখিমপুৰ জিলাৰ বিভিন্ন স্হানত দিনযোৰাকৈ মে-ডাম-মে-ফি উদযাপন কৰা হয় । মে ডাম মে ফি পূজা অসমত চুকাফাই ৰাজত্ব কৰাৰ দিনৰে পৰা পালন কৰি অহা হৈছে । টাই আহোমসকলে অতীজৰে পৰা উপৰিপুৰুষৰ লগতে স্বৰ্গৰ দেৱতাসকলক এই মে-ডাম-মে-ফিৰ জড়িয়তে পূজা কৰি সন্তুষ্ট কৰি আহিছে।

মে মানে পূজা ,ডাম মানে উপৰিপুৰুষ আৰু ফি মানে দেৱতা অৰ্থাৎ মে-ডাম-মে-ফী মানে স্বৰ্গৰ দেৱতা আৰু উপৰিপুৰুষসকলৰ পূজা অৰ্চনা কৰা । আহোমসকলৰ প্ৰধান উপাস্য দেৱতা হ'ল লেংডন অৰ্থাৎ স্বৰ্গৰ অধিপতি ইন্দ্ৰ ।তেখেতৰ দুই নাতি খুনলুঙ আৰু খুনলাইয়ে পৃথিৱীলৈ সোণৰ জখলাৰে নামি আহিছিল পৃথিৱীত ৰাজ্য স্থাপন কৰিবলৈ । আহোতে জ্ঞানৰ দেৱী জাচিংফাই তেওঁলোকক পৰামৰ্শ দি কৈছিল ,''পৃথিৱীৰ মুংকাং ৰাজ্যত থাকি সদায় উপৰিপুৰুষক পূজা-অৰ্চনা কৰিবা ,তেতিয়াহে দেশত শান্তি , প্ৰগতি আৰু উন্নতি হ'ব সকলোৱে মিলিজুলি বাস কৰিব পাৰিবা "। সেই প্ৰবাদ অনুসৰিয়েই অতিজৰে পৰা মে-ডাম-মে-ফি পালন কৰি অহা হৈছে ।

লখিমপুৰ সদৰ ত্যাগ ক্ষেত্রত কেন্দ্ৰীয় ভাবে উদযাপিত কৰা হয় মে-ডাম-মে-ফি। লালুকতো টাই আহোমৰ লগতে কেবাটাও সংগঠনৰ সহযোগত মে-ডাম মে -ফি উদযাপন কৰা সমান্তৰালভাবে লামুগাওঁ টাই আহোম ক্ষেত্ৰত আহোম সম্প্ৰদায় সকলে একত্ৰিত হৈ উদযাপিত কৰিলে মে-ডাম মে -ফি ।

নাহৰকটীয়া :লখিমপুৰৰ দৰে নাহৰকটীয়াটো পালন কৰা হয় মে-ডাম-মে-ফি । নাহৰকটীয়া আৰু নামৰূপত মে-ডাম্-মে-ফী উলহ মলহেৰে উদযাপন। নামৰূপত টাই কলা কৃষ্টি কেন্দ্ৰত আৰু নাহৰকটীয়াত চুকাফা ক্ষেত্ৰত মে-ডাম্-মে-ফী উদযাপন কৰা হয় ।

দুলীয়াজান :

সমগ্ৰ ৰাজ্য ৰ লগতে দুলীয়াজান টো মে ডাম মে ফিৰ উদযাপন কৰা হয় । দুলীয়াজান পূৰ্বাঞ্চল টাই সাহিত্য সভা ৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এইবাৰো দুলীয়াজান ছলাকটকী গাঁৱত উদযাপন কৰা হয় । পৰম্পৰাগত প্ৰথা অনুসৰি পূৰ্বপূৰুষসকলক স্মৰণ কৰা হয় । আনহাতে দুলীয়াজান বিহু তলী প্ৰাংগণতো দিনজোৰা কাৰ্যসূচী ৰে মে ডাম মে ফী উদযাপন কৰা হয় ।

তদুপৰি শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড় আদি বিভিন্ন স্থানত বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয় মে-ডাম-মে-ফি ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com